আইনাৰ বাচনৰ ব্যৱসায় কেনেদৰে আৰম্ভ কৰিব
বাচন বৰ্তন কেৱল খোৱা সামগ্ৰী ব্যৱহাৰৰ বাবে ই নহয় বৰঞ্চ ডাইনিং ৰুম ত সজোৱাৰ বাবে ও ব্যৱহাৰ কৰা হয়। যিহেতু আমাৰ প্ৰতিখন ঘৰৰ একোটা অপৰিহাৰ্য্য সামগ্ৰী। খোৱা বাচন বৰ্তনে আমাৰ জীৱন যাপনৰ দিশটোও উন্মোচিত কৰে। আজিকালি বাচন বৰ্তনবোৰত প্ৰতি গৰাকী গৃহিণী য়ে যথেষ্ট গুৰুত্ব আৰোপ কৰা দেখা গৈছে। প্ৰয়োজনতকৈ অধিক বাচন বৰ্তন ক্ৰয় কৰি ঘৰখন শুৱনি কৰি ৰাখিবলৈ বহু গৃহিণীৰ চেষ্টা। প্ৰ্তিখন ঘৰত বিভিন্ন ডিজাইনৰ বাচন বৰ্তন দেখা যায়। সময়ৰ লগে লগে পৰিবৰ্তন হৈ থকা অনুযায়ী গৃহিণী সকলে বাচন সমূহ ক্ৰয় কৰি পাকঘৰ শুৱনি কৰি ৰাখে। সেয়ে বাচন বৰ্তনৰ চাহিদা ভাৰতত বৃদ্ধি পাইছে। আজিকালি স্হানীয় বাচন বৰ্তন বনোৱা ব্যৱসায়ীসকলে পৰম্পৰা গত কিছুমান চানেকি বাচন বৰ্তনৰ মাধ্যমেৰে প্ৰকাশ কৰে। সময়ৰ লগে লগে লাইফষ্টাইল পৰিবৰ্তন ঘটি এনেবোৰ সামগ্ৰীৰ চাহিদা খুউব বেছি হৈছে। এনে বাচন বৰ্তনবোৰ এটা ভাল দামত বিক্ৰী ও কৰে। সেয়ে এই ব্যৱসায় তড়িৎ গতিত আগবাঢ়া এক ব্যৱসায় হিচাপে পৰিগণিত হৈছে।
জানো আহক এই ব্যৱসায় কেনেদৰে আৰম্ভণি কৰিব
আকাৰ নিৰ্ধাৰণ কৰিব
এই ব্যৱসায়ত আগবাঢ়িবৰ বাবে বহু সুবিধা আছে। কিন্তু মনত ৰাখিব যাতে আপুনি এটা নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছে। সেই ব্যৱসায়ত আপুনি এশ শতাংশ দিব লাগিব। আপোনাৰ ক্ষমতা অনুসৰি আপোনাৰ ব্যৱসায়ৰ আকাৰ নিৰ্ধাৰণ কৰিব। ব্যৱসায়ত ভাল,বেয়া দিন আহিব পাৰে যিকোনো সময়ত । সকলো দিশৰ বাবে সাজু থাকিব। অপ্ৰয়োজনীয় খৰছ নকৰিব। আৰম্ভ কৰাৰ সময়ত এইটো বিবেচনা কৰাৰ প্ৰয়োজন যে আপোনাৰ দোকানৰ পৰা গ্ৰাহকে কেনেধৰণৰ সুবিধা লাভ কৰিব। আপুনি দোকানখন কেনেদৰে দিয়ে সেয়া আপুনি বিবেচনা কৰিব ।
এডোখৰ ভাল ঠাই বাচনি
এডোখৰ ভাল ঠাই বাচনি কৰি লোৱাটো খুবেই জৰুৰী। আজিৰ সময়ত গ্ৰাহকসকলে অনলাইন ত সামগ্ৰী ক্ৰয় কৰে। যিহেতু তেনে প্ৰক্ৰিয়া তেনেই সহজ আৰু ভিন্ন ধৰণৰ সামগ্ৰী উপলব্ধ।এই দিশটো মনত ৰাখিয়েই আপুনি আপোনাৰ ব্যৱসায়ৰ ঠাইডোখৰ নিৰ্বাচন কৰিব যাতে সেই ঠাইডোখৰত আপোনাৰ ব্যৱসায়েই আটাইতকৈ আকৰ্ষণীয় হয়। ঠাইডোখৰ ভাড়ালৈ ও লব পাৰে বা ক্ৰয়ো কৰিব পাৰে ।মাত্ৰ ভাড়ালৈ লওঁতে আপুনি মন কৰিব যাতে আপোনাৰ উৎপাদিত সামগ্ৰীবোৰ শৃংখলাবদ্ধ ভাৱে সজাই আকৰ্ষণীয় কৰি ৰাখিব এনে ঠাই নিৰ্ধাৰণ কৰিব পাৰি । য‘ত জন সমাগম বেছি আৰু ব্যস্ততাপূৰ্ণ এলেকাত হয়।যিহেতু আপুনি খুচুৰাকৈ বিক্ৰী কৰি আছে, সেইবোৰ ৰাখিবৰ বাবে আপোনাক10×15sq.ফুট ঠাইৰ প্ৰয়োজন।
সঠিক পৰিকল্পনা
প্ৰথমে আপুনি সিদ্ধান্ত লব লাগিব আপুনি খুচুৰা নে নিজা উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব। আপুনি অনলাইন নে অফলাইন ষ্ট‘ৰ কৰিব?যদি অফলাইন তেন্তে বঢ়িব পৰাকৈ নে কেৱল বিক্ৰী কৰাৰ চিন্তা আৰু যদি অনলাইন তেন্তে আপোনাৰ সামগ্ৰী বোৰ ক‘ত ৰাখিব আৰু কিমান পৰিধিৰ ভিতৰত আবদ্ধ কৰিব। সদায়েই মনত ৰাখিব যাতে এই ব্যৱসায় ৰ বাবে আপোনাৰ এটা সঠিক পৰিকল্পনা থাকে। এই ব্যৱসায়ত মূলধনৰ উপৰিও সামগ্ৰী সমূহ ৰখাটো কিছু চিন্তা জনক। ব্যৱসায় এটা সফল কৰাৰ বাবে আটাইতকৈ দৰকাৰী কথাটো হৈছে পেছাদাৰী মনোভাৱ আৰু ব্যৱসায়িক দৃষ্টিভঙ্গী। ভৱিষ্যত পৰিকল্পনা হৈছে আন এটা প্ৰয়োজনীয় দিশ। সময়ৰ লগে লগে ব্যৱসায়ত নতুন নতুন দিশ যোগ কৰি যাব লাগে। অন্যথা বজাৰৰ চাহিদা আৰু নতুন প্ৰযুক্তিৰ উদ্ভাৱনে বহু উদ্যোগ তথা ব্যৱসায়িক প্ৰতিযোগিতাৰ মাজত বৰ্তি থাকিবলৈ নিদিয়ে। নিয়োগৰ ক্ষেত্ৰতো ক্ষুদ্ৰ উদ্যোগে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এক সমীক্ষা মতে ক্ষুদ্ৰ উদ্যোগত বিনিয়োগ হোৱা প্ৰতি একলাখ টকাৰ বিপৰীতে প্ৰায় চাৰিজন মানুহে নিয়োগৰ সুবিধা লাভ কৰে।
আন্তঃগাঁথনি আৰু আলোকসজ্জা
বিপণীখন কাউন্টাৰ, শ্বেলফৰ লগতে সৰু সৰু এল ই ডি বাল্বৰে দোকানখন সজাবলৈ চেষ্টা সামগ্ৰীবোৰ ভাল আৰু শৃংখলাবদ্ধ ভাৱে ৰাখিব। গ্ৰাহকে কেনে সামগ্ৰী ভাল পায় গ্ৰাহকৰ মনবোৰ জানিবলৈ চেষ্টা কৰিব। তেওঁলোক ৰ বহাৰ ব্যৱস্থা ও ৰাখিব। খুউব ধুনীয়াকৈ দোকানখনৰ সন্মুখ খিনি সজাব। আপোনাৰ দোকানখনখনলৈ মানুহৰ সমাগম বৃদ্ধি কৰিব । এনেদৰেই আপোনাৰ দোকানখন লাহে লাহে আপোনাৰ অঞ্চলত জনপ্ৰিয় হৈ পৰিব ।
লাইসেন্স আৰু অনুমতি পত্ৰ
ভাৰতত যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এই দুয়োটা খুবেই প্ৰয়োজন। মনত ৰাখিব যাতে আপুনি চৰকাৰী অনুমতি পত্ৰ লাভ কৰে। ভৱিষ্যতে কোনো বিপদৰ সন্মুখীন নহয়। ব্যৱসায়ৰ বহুতো অনুজ্ঞাপত্ৰ আছে। এখন দোকান খুলিবলৈ চৰকাৰৰ পৰা কিছু অনুমতি লব লাগে। আপোনাক লাগিব ব্যৱসায়ৰ লাইসেন্স ,ডি বি এ চাৰ্টিফিকেট, ৰিচেল চাৰ্টিফিকেট,ঠাইৰ প্ৰমাণ পত্ৰ । এইবোৰ লাভ কৰাৰ পাছতহে দোকানখন খুলিবলৈ পাৰিব। সদায় কাগজবোৰ সাজু কৰি ৰাখিব যাতে বিচাৰিলে নিজৰ সুৰক্ষাৰ বাবে দেখুৱাব পাৰে।
সঠিক ডিষ্ট্ৰীবিউটৰ বাচনি কৰক
প্ৰথমতেই এইটো কৰণীয়। এই ব্যৱসায় ডিষ্ট্ৰীবিউটৰ নোহোৱাকৈ খোলা টান। সেয়ে এখন তালিকা প্ৰস্তুত কৰক কি কি সেৱা আগবঢ়াব । ডিষ্ট্ৰীবিউটৰে যাতে আপোনাক উন্নত মানৰ সামগ্ৰীৰ যোগান ধৰিব পাৰে। মনত ৰাখিব যাতে আপোনাৰ গ্ৰাহকে সূদা হাতে উভতিব লগা নহয়।স্হানীয় বজাৰত আপোনাৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ বিচাৰিব। মনত ৰাখিব আপুনি যদি গ্ৰাহকক কিবা প্ৰতিশ্ৰুতি দিয়ে তেন্তে সেয়া সদায়েই বজাই ৰাখিব। যিহেতু এই ব্যৱসায় সুনামেৰেহে চলে।
গ’ অনলাইন
এখন বিপণী খুলিবলৈ আপোনাৰ শক্তিশালী স্হানীয় ব্যক্তিৰ লগত যোগাযোগ, সু সম্পৰ্ক থকাতো খুবেই জৰুৰী। প্ৰথমতে ওচৰ চুবুৰীয়া আৰু আশে পাশে থকা মানুহৰ লগত সু সম্পৰ্ক গঢ়ি তুলিব।এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী। ৱেবছাইটোত সামগ্ৰী সন্দৰ্ভত বিতং ভাৱে জনাব। আপোনাৰ ডেলিভাৰী এলেকাতো নিৰ্ধাৰণ কৰি লব। ৱেবছাইটো আকৰ্ষণীয় কৰি ৰাখিবৰ বাবে ভিন্ন ধৰণৰ বস্তুৰে সজাই অনলাইনৰ ব্যৱস্হাটো খুউব মসৃণভাৱে সকলো গ্ৰাহকৰ সুবিধা হোৱাকৈ ৰাখিব ।ই আপোনাৰ ব্যৱসায় আগবঢ়োৱাত সহায় কৰিব আৰু গ্ৰাহকৰ চাহিদা বৃদ্ধি কৰাব
ছচিয়েল মিডিয়া আৰু মাৰ্কেটিং
যিকোনো ব্যৱসায় আৰম্ভ কৰিলে তাৰ মাৰ্কেটিং টো ভালদৰে জনা উচিত ।যিহেতু এটা ব্যৱসায়ৰ বাবে মাৰ্কেটিং গুৰুত্বপূৰ্ণ । এনে ব্যৱসায় আৰম্ভ কৰাৰ সময়ত এনে মানুহৰ সৈতে চিনাকী ৰখা ভাল যি আপোনাক গ্ৰাহক দিয়াত সহায় কৰে ।এনে সামগ্ৰী ভাল পোৱা মানুহৰ সহায়েৰে আপোনাৰ মাৰ্কেটিং হব পাৰে ।আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ উপৰিও ভিন্ন চছিয়েল মিডিয়াৰ মাধ্যমেৰে আপুনি আপোনাৰ মাৰ্কেটিং কৰিব পাৰে।বনাব। ছচিয়েল মিডিয়া ব্যৱহাৰ কৰক। এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী।আজিকালি ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলোৱা সহজ। আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী। গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ আদিকে ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলাওক।মাজে মাজে ৰেহাই মূল্যত আপোনাৰ প্ৰডাক্টবোৰ দিব যাতে সেয়াই গ্ৰাহকক আকৰ্ষিত কৰিব পাৰে । গ্ৰাহকৰ প্ৰতিক্ৰিয়াও জানিবলৈ চেষ্টা কৰিব ।পাৰিলে হোৱাটছ এপ প্ৰফাইল বনাব আৰু তাত মাজে মাজে গ্ৰাহকক তেওঁলোকৰ প্ৰয়োজন অনুযায়ী অফাৰ দিব পাৰিব । তদুপৰি বিজ্ঞাপন দিয়াৰ ব্যৱস্হা কৰিব।
আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। এই ব্যৱসায়টো আপোনাৰ বাবে নতুন,সেয়ে বেয়া দিনৰ বাবেও সাজু থাকিব । সঠিক পৰিকল্পনা আৰু মাৰ্কেটিং কৰাৰ পাছতো কেতিয়াবা ব্যৱসায়ত উন্নতি নহয় তেতিয়া আপুনি ভালদৰে পৰ্যবেক্ষণ আৰু দৃঢ়প্ৰতিজ্ঞ হব। যিকোনো ব্যৱসায়ত ভাল বেয়া সকলো দিন আহে। আপুনি সংকল্প লৈ আগবাঢ়িব। যদিহে আপুনি এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এইটো এটা সঠিক সময়।
—-শুভকামনাৰে