written by | October 11, 2021

কাৰ ৱাচ ব্যৱসায়

×

Table of Content


গাড়ী ধোৱা ব্যৱসায় খোলাৰ পদক্ষেপ

 বহু  দশক ধৰি  গাড়ী ধোৱা ব্যৱসায়টো এটা লাভজনক ব্যৱসায়হিচাপে পৰিগণিত হৈ আহিছে ।  গাড়ী প্রেমীৰ  সংখ্যা বাঢ়ি অহাৰ লগে লগে  প্রযুক্তিবিদ্যাৰ প্ৰসাৰ ঘটাৰ বাবেও, এই ব্যৱসায় যোৱা  ২-৩ বছৰ ধৰি  অধিক  লাভজনক হৈ উঠিছে।  এই ব্যৱসায়টো সফল কৰিব পাৰিলে   50-55 শতাংশ লাভৰ মার্জিন থাকে ।  গাড়ী ধোৱাটো এতিয়া       অন্যতম আন এক ব্যৱসায় এইটো কাৰণেই কোৱা হয় কিয়নো এতিয়া কেৱল গাড়ী ধোৱাই নহয় আন বহু কাৰ্য ও এই ব্যৱসায় ত অন্তৰ্ভুক্ত। ইয়াৰ ভিতৰত ধোৱা, চাফা কৰা,নতুন ৰূপ দিয়া,ৰঙ দিয়াকে আদি কৰি বহুতো।  সেয়ে গাড়ী ধোৱা তকৈ অধিক আন সেৱা সমূহ আৰু ইয়াতে কৰ্মচাৰী, ব্যৱসায় ৰ স্হান, লাইসেন্সৰ প্ৰয়োজনীয়তা, পানী ব্যৱহাৰৰ সীমা, ব্যৱহৃত প্ৰযুক্তি আৰু ব্যৱসায় কৰ সকলো জড়িত হৈ আছে।

গাড়ী ধোৱাৰ ব্যৱসায় আৰম্ভ কৰাৰ সপক্ষে আৰু বিপক্ষে…

গাড়ী ধোৱা ব্যৱসায়ে এজন ব্যৱসায়ীক আকৰ্ষিত কৰিব পাৰে। কিন্তু এই ব্যৱসায়ত কিছু সুবিধা আৰু কিছু অসুবিধা আছে যাৰ বাবে এই ব্যৱসায় কৰাৰ আগেয়ে বিবেচনা কৰা প্ৰয়োজন। 

পেছা হিচাপে গাড়ী ধোৱা ব্যৱসায় 

১\গাড়ী ধোৱাটো এতিয়া এক প্ৰয়োজন

গাড়ী ধোৱা ব্যৱসায় এতিয়া এক প্ৰয়োজন হৈ পৰিছে  ,আৰু  বৰ্তমান সময়ত কোনোজনৰ হাতত পৰ্য্যাপ্ত সময় নাথাকে নিজৰ বাহনখন ধুবৰ বাবে। সেয়ে আন কাৰোবাক টকা দি বাহন ধোৱাটো ঠিক কৰে।

২\ আপুনি এই ব্যৱসায়ৰ জৰিয়তে ভাল উপাৰ্জন কৰিব পাৰে 

এই গাড়ী ধোৱা ব্যৱসায়ে আপোনাক অতি কম সময়ৰ ভিতৰতে প্ৰচুৰ পৰিমাণে লাভ দিয়াত সহায় কৰিব। এই ব্যৱসায়ৰ মূল কথাটো হ’ল যদিহে এই ব্যৱসায়ৰ বাবে আপুনি সঠিক স্হান বাচনি কৰে, আৰু যদি সঠিক মাৰ্কেটিং ৰণনীতি ব্যৱহাৰ কৰে তেন্তে আপুনি আৰম্ভণিতেই যথেষ্ট উপাৰ্জন কৰিব পাৰে। 

৩\কঠোৰ পৰিশ্ৰমেৰে  বহু উপাৰ্জন কৰিব পাৰিব 

আপুনি যদি এই ব্যৱসায় কৰিম বুলি ভাবিছে তেন্তে এই এই ব্যৱসায়ৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ আৱশ্যকতা আছে আৰু এই ব্যৱসায় ঘন্টা ঘন্টা ধৰি  আৰু লগতে মাংসপেশী ৰ শক্তি ও দিবলগীয়া হয় যদিহে আপোনাৰ ব্যৱসায়ত কোনো স্বয়ংচালিত ধোৱা চিষ্টেম নাই। কিন্তু কিছু সময়ৰ পাছত আপোনাৰ পৰিশ্ৰমৰ ফল পাব আৰু আপুনি ভাল উপাৰ্জন কৰিব পাৰিব ।

গাড়ী ধোৱা ব্যৱসায়ৰ বিপক্ষে 

 ১\ এই ব্যৱসায়ত আপুনি যথেষ্ট প্ৰতিযোগিতাৰ সন্মুখীন হ’ব লাগিব। এই ব্যৱসায় আৰম্ভ কৰাতো তেনেই সহজ আৰু কম মূলধনেৰে আৰম্ভ কৰিব পাৰি সেয়ে আপুনি বহুতো প্ৰতিদ্বন্দী পাব, যাৰ বাবে যথেষ্ট কম মূল্যত সেৱা সমূহ আগবঢ়াবলগীয়া হ’ব পাৰে। সেয়ে আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে ভাল স্হান বিচাৰোতে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হব লাগিব। কিয়নো প্ৰতিটো ভাল স্হানত আপুনি সহজতে এটা বা দুটা গাড়ী ধোৱা ব্যৱসায় পাব। 

২\ আপোনাৰ ব্যৱসায়ত পৰিচালনা সংক্ৰান্তত সমস্যাৰ উদ্ভব হব পাৰে। এই ব্যৱসায় পৰিচালনা কৰা কৰা মালিকৰ প্ৰধান দায়িত্ব যাতে ইয়াৰ ফলত ব্যৱসায়ত লাভ হ্ৰাস নহয়। সৰ্বোত্তম গাড়ী ধোৱাৰ ব্যৱসায় হ’ল যি একোটা ভাল স্হানত আছে আৰু কৰ্মচাৰী ক সঠিক ভাৱে পৰিচালনা কৰিব পাৰিছে।  

আপুনি এই বিষয়ৰ প্ৰতি দৃষ্টি ৰাখিব লাগিব যাতে আপোনাৰ প্ৰতিদ্বন্দী ব্যৱসায়ীয়ে কোনখিনি দিশত গ্ৰাহকক সন্তুষ্ট কৰিব পৰা নাই আৰু সেইক্ষেত্ৰত আপুনি কেনেদৰে নিজৰ স্হিতি প্ৰতিপন্ন কৰিছে বা সুবিধা আদায় কৰিব পাৰে । 

আপোনাৰ গ্ৰাহকক চিনাক্ত কৰক

 আগতে গাড়ী কেৱল উচ্চ শ্ৰেণীৰ লোকেই ধোৱাৰ চিন্তা কৰিছিল যাৰ কাষত বিলাসী বাহন আছিল। এতিয়া অৱশ্যে তেনে কোনো কথা নাই কিয়নো এতিয়া মধ্যবিত্ত শ্ৰেণীৰ লোকৰো ভাল গাড়ী আছে, তদুপৰি তেওঁ লোকে নিজৰ বাহনৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে যাতে তেওঁলোকৰ বাহনসমূহ উজ্জ্বলি থাকে। সেয়ে অনাগত সময়ত গাড়ী ধোৱা উদ্যোগটো এক অগ্ৰণী উদ্যোগ হিচাপে পৰিগণিত হ’ব ।কিয়নো পৃথিৱীত গাড়ীৰ সংখ্যা বাঢ়ি গৈ আছে। সেয়ে এই ব্যৱসায় সময়ৰ লগত অধিক লাভজনক ৰূপে স্বীকৃতি লাভ কৰিব । 

গাড়ী ধোৱা ব্যৱসায় আৰম্ভণি কৰিবলৈ লবলগা পদক্ষেপ 

নিজৰ বাহন ধোৱা ব্যৱসায় আৰম্ভণি কৰিবৰ বাবে আপুনি আপোনাৰ ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এই সমূহ দিশলৈ মন কৰা উচিত যাতে আৰম্ভণিতেই আপোনাৰ ব্যৱসায়ত কোনো ক্ষতি নহয়। 

#১  গাড়ী ধোৱা ব্যৱসায়ৰ প্ৰকাৰ যিটো আপুনি আৰম্ভণি কৰিব বিচাৰে :

প্ৰথমতে আপুনি গাড়ী ধোৱা ব্যৱসায়ৰ বিভিন্ন প্ৰকাৰ বিষয়ে  বাচনি কৰিব লব লাগিব কোনটো আপুনি আৰম্ভণি কৰে।  দুই ধৰণৰ গাড়ী ধোৱা ব্যৱসায় আছে যাৰ পৰা আপুনি বাচনি কৰিব পাৰে-

(!)দৌৰ টু দৌৰ( ঘৰে ঘৰে লাভ কৰিব) সুবিধা: দৌৰ টু দৌৰ সুবিধাত আপুনি গ্ৰাহকৰ ঘৰলৈ গৈ সুবিধা সমূহ দিব লাগিব। ইয়াত আপোনাৰ সেৱা গ্ৰাহকে লাভ কৰিবৰ বাবে এটা ব্যৱসায়িক নাম দিব লাগিব। 

এই ক্ষেত্ৰত এটা কথাত আপুনি গুৰুত্ব দিব লাগিব সেয়া হ’ল আপুনি আপোনাৰ কৰ্মচাৰীৰ বাচনি কৰোঁতে গুৰুত্ব আৰু তেওঁলোকৰ এখন পৰিচয় পত্ৰ লগতে গ্ৰাহকে ট্ৰেকিং কৰিব পৰা সুবিধা। 

ভাৰতত এই ধৰণৰ ব্যৱসায় অধিক পছন্দ কৰে কিয়নো ঘৰৰ পৰাই এই সুবিধা লাভ কৰিব পাৰে। 

 আৰু লগতে এই ব্যৱসায় আৰম্ভ কৰিবলৈ অত্যাধিক মূলধনৰো প্ৰয়োজন নহয়। 

(!!)গাড়ী ধোৱা কেন্দ্ৰ:

যদি আপুনি এটা গাড়ী ধোৱা কেন্দ্ৰ খুলিব বিচাৰে তেন্তে স্হান ইয়াত অতি গুৰুত্বপূৰ্ণ। কিয়নো যদি এটা  ভাল ঠাইত স্হাপন হয় কেন্দ্ৰটো তেন্তে সোনকালেই ভাল উপাৰ্জন কৰিব পাৰে। আপুনি আবাসী এলেকাৰ কাষত বা কোনো কোনো কাৰ্যালয়ৰ কাষত  কেন্দ্ৰ স্হান বাচনি কৰিব পাৰে। অৱশ্যে আৰম্ভণি কৰিবৰ বাবে কিছু অনুমতি ৰো আৱশ্যক হ’ব। 

কেন্দ্ৰ টো আৰম্ভণি কৰিবৰ বাবে আপুনি চৰকাৰৰ পৰা মাটিৰ অনুমতি লব লাগিব। আবাসী এলেকাত ব্যৱসায় কৰিবলৈ অনুমতি আৱশ্যক।

এটা কেন্দ্ৰ স্হাপনৰ বাবে যথেষ্ট মূলধনৰ আৱশ্যক হব। কিয়নো কৰ্মচাৰী ক বেতন আৰু মেচিনৰ বাবে টকা লাগিব আৰু কেন্দ্ৰটোৰ ভাড়াকে আদি কৰি মেচিন ক্ৰয়লৈকে আপোনাক ১৭-২৫ লাখ টকাৰ খৰছ হ’ব পাৰে ।

অৱশ্যে ব্ৰেন্দ অনুসৰি সঁজুলিৰ দাম পৃথক। 

#2/ আপোনাৰ ব্যৱসায়ৰ বাবে স্হান 

স্হান ব্যৱসায়ৰ বাবে গুৰুত্বপূৰ্ণ। ভাল স্হানত কেন্দ্ৰ টো হ’লে ব্যৱসায়ত মুনাফা আদায় কৰিবলৈ সহজ। আপুনি আবাসী এলেকাৰ কাষত বা কোনো কোনো কাৰ্যালয়ৰ কাষত নিজৰ গাড়ী ধোৱা কেন্দ্ৰ টো খুলিব ৰ বাবে চেষ্টা কৰিব। 

আপোনাৰ ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে আপুনি আপোনাৰ নিদিষ্ট ঠাইডোখৰ লৈ গৈ ট্ৰেফিক, ব্যৱসায় ৰ গতিবিধি, বাহনৰ প্ৰকাৰ সকলো মন কৰিব লাগে যাতে আপোনাৰ ব্যৱসায় উত্তৰণ ঘটাত সহায় কৰিব পাৰে। 

আপুনি আপোনাৰ প্ৰতিদ্বন্দী ব্যৱসায়ীৰ পৰা আঁতৰি কেন্দ্ৰ স্হাপন কৰা উচিত যাতে আপোনাৰ ব্যৱসায়ে প্ৰতিদ্বন্দী ব্যৱসায়ীত একো প্ৰভাব পেলাব নোৱাৰে। আপোনাৰ বজাৰ আপুনি নিজৰ দমত লব পাৰে। 

#3 আপোনাৰ প্ৰতিদ্বন্দী ক বিশ্লেষণ কৰক 

আপোনাৰ প্ৰতিদ্বন্দী ক আপুনি বিশ্লেষণ কৰক আৰু এইটৌ চাওক  আপোনাৰ প্ৰতিদ্বন্দী য়ে কেনে ধৰণৰ সুবিধা আগবঢ়াইছে। প্ৰতিদিনে কিমান গ্ৰাহক তেওঁৰ বিপণীলৈ গৈছে আৰু কেনে ৰণনীতি ৰে ব্যৱসায় চলাইছে। 

এইটোও মন কৰিব যে আপোনাৰ প্ৰতিদ্বন্দী য়ে আগবঢ়োৱা সেৱা সমূহত গ্ৰাহক সন্তুষ্ট হব পাৰিছেনে নে তাতোকৈ অধিক সেৱা গ্ৰাহকে বিচাৰে। আপোনাৰ প্ৰতিদ্বন্দী য়ে ঋণ লৈ কাম কৰি আছে নে ঋণমুক্ত হৈ কৰি আছে। 

আপোনাৰ ব্যৱসায়ৰ আৰম্ভণিতেই আপুনি গ্ৰাহকৰ পৰা কম মূল্য লওক আৰু অধিক গ্ৰাহক আকৰ্ষিত কৰিবৰ বাবে কম লাভৰ মাৰ্জিন ৰাখক। গ্ৰাহক আৰু আপোনাৰ প্ৰতিদ্বন্দী ক বেছি সুবিধা  প্ৰদান কৰক ।লাহে লাহে যেতিয়া ব্যৱসায় বৃদ্ধি হব তেতিয়া আপুনি আপোনাৰ মূল্যও বঢ়াই দিব। তেতিয়া আপুনি বিশ্বাসী  গ্ৰাহক লাভ কৰিব আৰু মূল্য বৃদ্ধি কৰিলেও আপোনাকেই বেছি পছন্দ কৰিব, লাগিলে আপুনি মূল্য বৃদ্ধি নকৰক কিয়। 

আপোনাৰ ব্যৱসায়ৰ বাবে লাইসেন্সৰ প্ৰয়োজনীয়তা

আপোনাৰ ব্যৱসায় আৰম্ভ কৰিবলৈ আপুনি সকলো আইনী আৱশ্যকতা সম্পূৰ্ণ কৰিব লাগিব। 

আপোনাৰ কাম সম্পূৰ্ণ কৰিবলৈ আপুনি আপোনাৰ স্হানীয় বিভাগলৈ যাব লাগিব য’ত ব্যৱসায়ৰ বাবে লাইসেন্স দিয়ে।  আপুনি কেন্দ্ৰ টোৰ বাবে  লাইসেন্সৰ আবেদন জনাব লাগিব, যাতে পাছত কোনো সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয়। 

জি এছ টি পঞ্জীকৰণ:আপোনাৰ ব্যৱসায় ৰ বাবে এইটোও প্ৰয়োজনীয়। 

লেণ্ড পাৰ্মিট:আপোনাৰ ব্যৱসায় ৰ বাবে লেণ্ড পাৰ্মিট প্ৰয়োজনীয়। ইয়াৰ বাবে আবেদন জনাব লাগিব। 

 পানীৰ অনুমতি :পানীৰ পাৰ্মিটো এই ব্যৱসায় ৰ বাবে প্ৰয়োজনীয়। কিয়নো অধিক মাত্ৰাত পানী ব্যৱহাৰ হব। এই পাৰ্মিট অনুসৰি পানী ব্যৱহাৰ কৰিব পাৰিব। উদাহৰণস্বৰূপে প্ৰতিদিনে ৮০০ লিটাৰ পানী ৰ অনুমতি লাভ কৰিব। 

 প্ৰত্যেক ৰাজ্য বা চহৰৰ নিয়ম কানুন বেলেগ সেয়ে ব্যৱসায় টো আৰম্ভণি কৰাৰা আগেয়ে সকলো খবৰ লৈ লোৱা উচিত। 

5/ আপোনাৰ কৰ্মচাৰীক ভাড়ালৈ লওক

এই ব্যৱসায় আগবঢ়াবলৈ নিজৰ লগতে এজন ভাল কৰ্মচাৰী থকাতো উচিত। সেয়ে কিছু বেছি দৰমহা দি কৰ্মচাৰী নিয়োগ কৰক। 

 গ্ৰাহকৰ সৈতে নম্ৰতা আৰু ভদ্ৰতা ভাৱে কথা পতা ৰ কৌশলো তেওঁ লোকক শিকাব যাতে তেওঁলোকৰ ব্যৱহাৰত গ্ৰাহক সন্তুষ্ট হয়। 

আৰম্ভণি তে দুজন কৰ্মচাৰী নিয়োগ কৰক আৰু ব্যৱসায় সম্প্ৰসাৰণৰ লগে লগে বৃদ্ধি কৰিব সংখ্যা। 

6/ব্যৱসায় ৰ বাবে ধন 

এই বিষয়টো আপোনাৰ ব্যৱসায়ৰ বাবে গুৰুত্বপূৰ্ণ কিয়নো যদি আপোনাৰ ওচৰত ব্যৱসায় আৰম্ভ কৰাৰ বাবে এটা ভাল পৰিকল্পনা আছে তেন্তে নিশ্চিতভাৱে ব্যৱসায়ত সফলতা লাভ কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। 

উচ্চ মানদণ্ডৰ কেন্দ্ৰ স্হাপনৰ বাবে যথেষ্ট মূলধনৰ আৱশ্যক হব। আপোনাৰ কাষত গাড়ী ধোৱা ব্যৱসায় ৰ অভিজ্ঞতা থকাৰ লগতে বিপণী ৰ বাবে ভাল এটা পৰিকল্পনা ও আৱশ্যক। 

আপোনাৰ ব্যৱসায়ক এখন বজাৰ দিয়ক 

আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিছে আৰু গ্ৰাহকে আপোনাৰ কেন্দ্ৰ টোৰ বিষয়ে নাজানে। সেয়ে এইটো প্ৰয়োজনীয় যে আপোনাৰ নতুন ব্যৱসায় ৰ বিজ্ঞাপন দিয়ক যাতে সকলোৱে আপোনাৰ কেন্দ্ৰৰ বিষয়ে জানিব পাৰে। 

ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এইটো প্ৰয়োজন যাতে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন দিয়ে আৰু অধিক গ্ৰাহকক আকৰ্ষিত কৰিব পাৰে। ছচিয়েল মিডিয়া, মুখে মুখে, স্হানীয় বিজ্ঞাপন ৰ সৈতেও কৰিব পাৰে। গ্ৰাহকক আকৰ্ষিত কৰিবলৈ ছচিয়েল মিডিয়া ত অভিযান চলাব পাৰে। 

আৰম্ভণিতে বজাৰত নিজক প্ৰতিষ্ঠা কৰিবলৈ  আপোনাৰ সেৱা সমূহ কম মাৰ্জিন ত বিক্ৰী কৰিব লাগিব কিন্তু এই কথালৈ মন কৰিব যাতে আপোনাৰ প্ৰতিদ্বন্দী ৰ তুলনাত আপোনাৰ সেৱা সমূহ মান বিশিষ্ট হয়। এনেদৰেই কৰিলে আপোনাৰ ব্যৱসায় দীৰ্ঘ দিনলৈ চলিব আৰু যথেষ্ট উপাৰ্জন কৰিব পাৰে ।

ব্যৱসায় ৰ বাবে কিছু টিপ্পনী বা পৰামৰ্শ  :

আৰম্ভণিতেই মাটি ত বহুত টকা খৰছ নকৰিব। সৰু ৰ পৰা আৰম্ভ কৰি পাছলৈ ব্যৱসায় সম্প্ৰসাৰণ কৰক আৰু কৰ্মচাৰী বৃদ্ধি কৰক 

 ভৰিলৈ মন কৰাতকৈ   গাড়ী ধোৱা বাস্তৱ জীৱনৰ মালিকজনৰ সৈতে সম্পৰ্ক কৰাৰ চেষ্টা কৰা উচিত। এই ব্যৱসায় পেছা আৰু বিপক্ষৰ বিষয়ে স্পষ্ট ভাবে জানিবলৈ নিজৰ ব্যৱসায়িক পৰিকল্পনা ৰ বিষয়ে আলোচনা কৰা উচিত। 

 নিজৰ সেৱা সমূহ আৰু উৎকৃষ্ট বনাবলৈ গ্ৰাহক ৰ প্ৰতিক্ৰিয়া জনা উচিত। 

 প্ৰতিযোগিতাৰ আওতাৰ পৰা আতৰলৈ যাবৰ বাবে  পৰিকল্পনা বাকচৰ কথা ভাৱক। 

 আপোনাৰ ব্যৱসায়ৰ প্ৰসাৰতা বৃদ্ধিৰ বাবে আপোনাৰ ব্যৱসায় অনলাইন কৰক। ন্যূনতম আঘাত হব পৰাকৈ কিছুমান নতুন পদক্ষেপ লওক। 

 আপোনাৰ ব্যৱসায় এনে ঠাইত কৰক য’ত সহজতে আপোনাৰ সেৱা সমূহ গ্ৰাহকৰ চকুত পৰে।

 

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।