written by | October 11, 2021

কলা ব্যৱসায়

×

Table of Content


আৰ্টিষ্ট ব্যৱসায় কেনেদৰে আৰম্ভ কৰিব 

আমি দিনক দিনে  চেলিব্ৰেটি সংস্কৃতিৰ মাজত সোমাই পৰিছো। যিহেতু আমাৰ সমাজত চিনেমা কৰা,নাটক কৰা, ক্ৰিকেট খেলা সকলো একো একোজন চেলিব্ৰেটিতেওঁ লোকৰ জীৱন,প্ৰতিটো দিন যথেষ্ট ব্যস্ত হৈ থাকে। তেওঁ লোকে সেয়ে একোজন মানুহ নিয়োগ কৰে যিজনে চেলিব্ৰেটিৰ স্টেটাছটো বজাই ৰাখিব পাৰে।এইটো দেখা যায় যে তাৰকা সকলৰ পিছফালে এটা টীম থাকে যিসকলে চেলিব্ৰেটিজনক আগুৰি ধৰি সকলোবোৰ দিশত গুৰুত্ব আৰোপ কৰে। এই সময়ত আপুনি সেই টীমটোত ভিন্ন লোক থকাৰ উপৰিও এজন শিল্পী থাকে যিজনে সাংবাদিক,প্ৰডিউচাৰ, ডাইৰেক্টৰ আদিকে আন বহু লোকৰ লগত কথা বতৰা পাতি সকলো দিশ পৰিচালনা কৰে। সৰু  সৰু নামবোৰ এতিয়া এই ক্ষেত্ৰখনত ডাঙৰ আৰু জনপ্ৰিয় হোৱাৰ পাছত আন মানুহকো প্ৰেৰণা দিছে যাতে এই ব্যৱসায় ৰ বাবে আগবাঢ়ি আহে। সৰু বুটিকৰ পৰা আৰম্ভ কৰি এই সময়ত মানুহবোৰে লক্ষাধিক উপাৰ্জন কৰিছে। আপোনাৰো যদি ফেশ্বনৰ প্ৰতি এটা নতুন স্টাইল , ডিজাইন,এটা নতুন আৰু ব্যতিক্ৰমী চিন্তা কৰিব পৰা ক্ষমতা আছে  তেন্তে আপোনাৰ বাবে এই ব্যৱসায় খুউব এটা ভাল।এই সকলোবোৰৰ বাবে সেই আৰ্টিষ্ট জনে ভাল উপাৰ্জন হয়। ছচিয়েল মিডিয়াৰ মাধ্যমৰে এই আৰ্টিষ্টবোৰে নিজকে জনপ্ৰিয় কৰি তুলিছে। যিহেতু ইয়াত সুনাম আৰু বেছি লাভ আছে সেয়ে মানুহৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।আৰ্টিষ্ট ব্যৱসায় শুনাত যথেষ্ট আকৰ্ষণীয় যদিও বাস্তৱত সিমান সহজ কথা নহয়।গ্লেমাৰৰ আঁৰত ঘন্টা ধৰি কষ্ট, ভিন্ন পৰিস্থিতি লুকাই থাকে।ভিন্ন জনৰ ভিন্ন ব্যৱহাৰ আপুনি মোকাবিলা কৰিব লাগিব।কামৰ প্ৰতি অলপো অৱহেলাই আপোনাক ক্ষতি কৰিব।আপোনাৰ সুনাম নষ্ট কৰিব

জানো আহক এই ব্যৱসায় কেনেদৰে আৰম্ভণি কৰিব

পৰ্যবেক্ষণ কৰক 

ব্যৱসায়টো আৰম্ভ কৰাৰ পূৰ্বে আপোনাৰ বজাৰ, চাহিদা, যোগান সকলোবোৰ কেনেকুৱা হব জানি লোৱাটো উচিত।   সেয়ে আপুনি ভালদৰে পৰ্যবেক্ষণ কৰক। আনবোৰ আৰ্টিষ্ট ব্যৱসায় কেনে ধৰণৰ সুবিধা আগবঢ়াইছে আৰু তেওঁলোকৰ  ব্যৱসায় ৰ বিশেষত্ব কি সেয়াও জানিবলৈ চেষ্টা কৰিব। আপোনাৰ ব্যৱসায়টোৰ বিষয়ে নিজেও জানিব লাগিব। এই ব্যৱসায় লাভজনক আৰু বিনিয়োগো বেছি। তদুপৰি ই এক সাংস্কৃতিক হাব্ ও হয়।উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। এটা ব্যৱসায় আৰম্ভ কৰাৰ আগেয়ে সুপৰিকল্পিত এখন আঁচনি,মূলধনৰ প্ৰয়োজনীয়তা, আদিৰ বিষয়ে বিতংকৈ জানি লোৱা দৰকাৰ।

লাইসেন্স আৰু অনুমতি পত্ৰ 

ভাৰতত যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এই দুয়োটা খুবেই প্ৰয়োজন। মনত ৰাখিব যাতে আপুনি চৰকাৰী অনুমতি পত্ৰ লাভ কৰে। ভৱিষ্যতে কোনো বিপদৰ সন্মুখীন নহয়। ব্যৱসায়ৰ বহুতো অনুজ্ঞাপত্ৰ আছে। যেনে ব্যৱসায়ৰ নাম ৰেজিট্ৰেশ্যন, ঠাইডোখৰৰ অনুমতি পত্ৰ,জি এছ টি পঞ্জীকৰণ, ট্ৰেড লাইসেন্স আৰু বহুতো। এইবোৰ লাভ কৰাৰ পাছতহে ব্যৱসায় আৰম্ভ কৰিব পাৰে  । 

আপোনাৰ  গ্ৰাহকক বুজক 

সদায় গ্ৰাহকৰ প্ৰয়োজন টো বুজিবলৈ চেষ্টা কৰিব। তেওঁ লোকে কি ভাল পায়, কি বিচাৰে সেয়া ও জানিবলৈ চেষ্টা কৰিব।তেওঁ লোকৰ প্ৰতিক্ৰিয়া বোৰ জানিবলৈ চেষ্টা কৰিব।গ্ৰাহকসকলে আকৰ্ষণীয়বস্তু বোৰ কিনিবৰ বাবে সংকোচ নকৰে সেয়ে মনত ৰাখিব যাতে সদায় তেওঁ লোকে এটা নতুনত্ব অনুভৱ কৰিব পাৰে। অন্যথা আপুনি লাভৰ পৰা বঞ্চিত হব।

গ’ অনলাইন 

যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এটা শক্তিশালী সম্পৰ্ক আৰু পৰিকল্পনা কৰা উচিত। আপোনাৰ ব্যৱসায়ৰ এটা ৱেবছাইট বনাব য’ত আপুনি সুন্দৰভাৱে উপস্থাপন কৰিব সেৱাসমূহৰ বিষয়ে উল্লেখ কৰিবযাতে গ্ৰাহকক অধিক আকৰ্ষিত কৰিব পাৰি।

এটা টীম গঠন কৰক 

এনেকুৱা দক্ষ আৰু অভিজ্ঞ ব্যক্তিক নিয়োগ কৰক যি আপোনাৰ ব্যৱসায়ৰ উন্নতি কৰাত সহায় কৰিব পাৰেএই ব্যৱসায়ৰ মাধ্যমেৰে আপুনি আপোনাৰ ‘প্ৰেজেন্টেছন’ আৰু সৃষ্টিশীলতাক দেখুৱাৰ বাবে এখন মঞ্চ লাভ কৰিব।যি তেন্তে কিছুমান বিশ্বাসী কৰ্মচাৰী য়ে আপোনাক সহায় কৰিব। অভিজ্ঞ টীমে আপোনাক সফলতা লাভ কৰাত সহায় কৰিব।আপুনি নতুন যুৱক যুৱতী যিসকলে আৰ্টিষ্ট মেনেজমেন্ট পাঠদান গ্ৰহণ কৰিছে আৰু যিসকলে মনৰ পৰা এই কামটো কৰিব খোজে তেনে সকলকো সুযোগ দিব পাৰে।

বিভিন্ন ধৰণৰ মাৰ্কেটিং

আপোনাৰ উৎপাদিত সামগ্ৰীবোৰ অনলাইন যোগে বিক্ৰী কৰিবৰ বাবে ভাল এটা ৱেবছাইট বনাব। ছচিয়েল মিডিয়া ব্যৱহাৰ কৰক।বজাৰৰ ক্ষেত্ৰত  আজিকালি ই কৰ্মাচে সকলো সহজ কৰি তুলিছে। এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী।  আপোনাৰ ডেলিভাৰী এলেকাতো নিৰ্ধাৰণ কৰি লব।  আজিকালি ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলোৱা সহজআপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী। গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ আদিকে ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলাওক। ৰেহাইৰ সুবিধা আগবঢ়াওক। লিফটলেট, পাম্পলেট আদি প্ৰচাৰ পত্ৰিকাৰে বজাৰ দখলৰ চেষ্টা চলাওক। পাৰিলে হোৱাটছ এপৰ জৰিয়তে গ্ৰাহকক ৰেহাই মূল্য ৰ বিষয়ে অৱগত কৰিব। মনত ৰাখিব যাতে গ্ৰাহক আপোনাৰ ব্যৱহাৰত সন্তুষ্ট হৈ থাকে। 

আপোনাৰ দক্ষতা 

পৃথিৱীৰ বিভিন্ন ধৰণৰ আৰ্টিষ্ট আছে। ইয়াত মডেলৰ পৰা আৰম্ভ কৰি অভিনেতা, পেইন্টাৰ লৈকে বিভিন্ন আছে। আপুনি বিবেচনা কৰি লব কাৰ সৈতে কাম কৰি আগবাঢ়িব পাৰে।আপোনাৰ জ্ঞান আৰু অভিজ্ঞতাৰ ওপৰত সকলো নিৰ্ভৰ কৰিব।

এটা পৰ্টফলিঅবনাওক 

বজাৰত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ আপুনি আপোনাৰ দক্ষতা বৃদ্ধি কৰক। আপোনাৰ অভিজ্ঞতা, পাৰদৰ্শিতা সকলো সামৰি এখন তালিকা প্ৰস্তুত কৰিব। আপোনাৰ পাৰদৰ্শিতাৰ কথাবোৰ ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰকাশ কৰিব।

এটা ব্যৱসায়িক মডেল বনাওক 

আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে এটা ব্যৱসায়িক মডেল বনাওক। মূলধন গোটাওক, এটা সঠিক পৰিকল্পনা কৰক আৰু আপোনাৰ সেৱা সমূহৰ বিপৰীতে কেনে ধৰণৰ মূল্য নিৰ্ধাৰণ কৰিব সেই সকলো ঠিক কৰক। এটা ভাল টীম গঠন কৰক যি আপোনাৰ গ্ৰাহকৰ সৈতে ভালদৰে ডিল কৰি সুচাৰুৰূপে আৰু ভৱিষ্যতৰ নিৰাপদৰ দিশে কামবোৰ সমাধা কৰিব পাৰে 

(লিড‘ )যোগাযোগ বৃদ্ধি 

আপুনি আপোনাৰ এই ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে ইন্টাৰ্ণশ্বিপত কাম আগবঢ়াব। যাতে আপোনাৰ যোগাযোগ বৃদ্ধি কৰিব পাৰি। আপোনাৰ ব্যৱসায়ৰ বাবে এইটো খুউব প্ৰয়োজন। লিংকডিনত এটা প্ৰফাইল ৰাখিব। টিকটককে আদি কৰি ছচিয়েল মিডিয়া সমূহত আপোনাৰ প্ৰফাইল ৰাখিব যাতে সহজতে গ্ৰাহকে আপোনাৰ বিষয়ে জানিব পাৰে।

এটা ব্ৰেন্দ আৰু লগ

আপুনি ব্যৱসায় কৰিবলৈ এটা ব্ৰেন্দ নাম আৰু এটা লগবনাব লাগিব। বজাৰত বহু ব্ৰেন্দ উপলব্ধ। জনপ্ৰিয় ব্ৰেন্দ সমূহৰ নাম বোধহয় আপুনি শুনিছে। সেয়ে আপোনাৰো যদি নিজা নাম প্ৰতিষ্ঠিত কৰাৰ ইচ্ছা নামটো পেটেন্ট কৰিব। 

আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। এই ব্যৱসায়টো আপোনাৰ বাবে নতুন,সেয়ে  বেয়া দিনৰ বাবেও সাজু থাকিব । সঠিক পৰিকল্পনা আৰু মাৰ্কেটিং কৰাৰ পাছতো কেতিয়াবা ব্যৱসায়ত উন্নতি নহয় তেতিয়া আপুনি ভালদৰে পৰ্যবেক্ষণ আৰু দৃঢ়প্ৰতিজ্ঞ হব। যিকোনো ব্যৱসায়ত ভাল বেয়া সকলো দিন আহে। আপুনি সংকল্প লৈ আগবাঢ়িব। যদিহে আপুনি এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এইটো এটা সঠিক সময়।

—-শুভকামনাৰে

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।