written by | October 11, 2021

অটোমোবাইলৰ আনুষংগিক বস্তু

×

Table of Content


ভাৰতবৰ্ষত মটৰগাড়ীৰ আনুষংগিক বস্তুৰ ব্যৱসায় 

কিদৰে কৰিব

প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰৰ লগে লগে আৰু ভাৰতীয় অৰ্থনীতিৰ লগত মিলাই মটৰগাড়ীৰ ব্যৱসায়ে এখন ধুনীয়া বজাৰ দখল কৰিছে। নতুন ব্যৱসায়ীসকলৰ বাবে মটৰগাড়ীৰ লগত জড়িত নানান ব্যৱসায়ৰ বাট মুকলি কৰিছে আৰু এই উদ্যোগৰ লগত মিলিকৈ বহুতো চাকৰিৰ সৃষ্টি হৈছে।  এক কথাত আমি এতিয়া কব পাৰো যে মটৰগাড়ীৰ আনুষংগিক বস্তুৰ ব্যৱসায়টো পেণ্ড’ৰাৰ বক্স যত বহুতো লাভজনক কথা সোমাই আছে। আজিকালি সৰহভাগ ব্যক্তিয়ে গাড়ী এখন কিনি নিজৰ পচন্দমতে সেইখন ডিজাইন কৰি লয় যাতে দেখাত ধুনীয়া, আকৰ্ষণীয় আৰু সুবিধাজনক হয়। সেইকাৰণে আনুষংগিক বস্তুবোৰৰ দাবীও বজাৰত বাঢ়ি গৈছে। লগতে যাতায়ত উদ্যোগ, মটৰগাড়ীৰ বিভিন্ন কামত নানান আনুষংগিক বস্তুৰ প্ৰয়োজন অতি গুৰুত্বপূৰ্ণ।

মটৰগাড়ীৰ ব্যৱসায় অকল একেটা ঠাইতে থমকি ৰোৱা নাই বৰঞ্চ  ইয়াৰ পৰিসৰ বহুত বেছি। ভাড়ালৈ দিয়া গাড়ী অথবা শ্বেয়াৰ কৰা গাড়ীৰ ব্যৱসায়, পুৰণি ভিণ্টেজ মডেলৰ গাড়ীসমূহৰ পুনস্থাপন, গাড়ীৰ নানান অংশ বিদেশলৈ ৰপ্তানি কৰা, ফুড ট্ৰাকৰ ব্যৱসায়, মটৰগাড়ীৰ মেৰামতিৰ কাম আদিৰ দৰে নানান কামত মটৰগাড়ীৰ আনুষংগিক বস্তুৰ প্ৰয়োজন হয়। বহুতো বিদেশী কোম্পানী ভাৰতবৰ্ষত তৈয়াৰী আনুষংগিক বস্তুবোৰৰ ওপৰত নিৰ্ভৰ কৰে। বিদেশত তৈয়াৰী বিলাসী গাড়ী কিছুমানৰ অতিৰিক্ত অংশবোৰ ভাৰতত বনোৱা হয়। তাৰ ওপৰিও গাড়ী এখন বহুদিনলৈ ভালে ৰাখিবলৈ হলে সময়ে সময়ে মেৰামতি কৰি থকাটো ভাল আৰু তাৰ লগত জড়িত আনুষংগিক বস্তুবোৰো সলাই থাকিব লাগে। গাড়ী এখন পুৰণি হোৱাৰ লগে লগে তাৰ বহুতো অংগ দূৰ্বল হৈ আহে আৰু প্ৰকৃত মেৰামতি আৰু মটৰগাড়ীৰ আনুষংগিক বস্তুবোৰ সলাই নেপেলোৱাৰ ফলত গাড়ীখনকেই আতৰাই পেলোৱাৰ দৰে হয়। গতিকে মটৰগাড়ীৰ আনুষংগিক বস্তুৰ ব্যৱসায় ভাৰতীয় বজাৰত লাভজনক হোৱাৰ আশা যথেষ্ট বেছি। সেইয়া লাগিয়ে ৰিটেইল ব্যৱসায় হওক,অনলাইন ব্যৱসায় অথবা ফ্ৰেন্সাইজীয়ে নহওক কিয়।

আপোনাৰ মটৰগাড়ীৰ আনুসংগিক ব্যৱসায়ৰ বাবে জানিবলগীয়া কথাসমূহ ইয়াত দিয়া  হৈছে যাৰ দ্বাৰা আপুআি এক লাভজনক ব্যৱসায়ৰ অভিজ্ঞতা পাব পাৰে।

পদক্ষেপ-১

আপোনাৰ গ্ৰাহকক জানক

এগৰাকী  ব্যৱসায়ী হিচাপে আপোনাৰ প্ৰথম কাম হব গ্ৰাহকৰ বিষয়ে জনাটো। তেওঁলোকে কেনেধৰণৰ আনুষংগিক বস্তু বিচাৰে বা কেনেধৰণৰ মটৰগাড়ীৰ লগত মিলাকৈ কি কি আনুষংগিক বস্তুক তেওলোকে প্ৰাধান্য দিয়ে সেইয়া বুজি উঠাটো অতি দৰকাৰ।গ্ৰাহকৰ প্ৰয়োজনেই হল এখন দোকানৰ ব্যৱসায়ৰ মূল ভেটি। বহুতো আনুষংগিক বস্তুৰ দাম বহুত বেছি। গতিকে ক্ৰয় কৰি দোকানত জমা কৰি থোৱাৰ পিছত যদি বিক্ৰী নহয় আপোনাৰ মূলধনৰ এটা অংশ এনেই পৰি থকাৰ দৰে হব যিটো আপুনি বেলেগ কামটো ব্যৱহাৰ কৰিব পাৰিলেহেতেন।

পদক্ষেপ ২-

সঠিক পৰিকল্পনা

প্ৰতিটো ব্যৱসায়ৰে এটা নিৰ্দিষ্ট লক্ষ্য,উদ্দেশ্য আৰু এখন আচনি থাকে যাৰ ওপৰত ভিত্তি কৰিয়েই সমগ্ৰ ব্যৱসায়টো চলি থাকে। মটৰগাড়ীৰ আনুষংগিক ব্যৱসায় আৰম্ভ কৰাৰ আগতে সেই ব্যৱসায়ৰ লগত জড়িত প্ৰতিটো দিশ চাই লৈ তাক লিপিবদ্ধ কৰক। এবাৰ এই পৰিকল্পনাৰ প্ৰতিটো দিশ লিখি যোৱাৰ লগে লগে আপুনি নিশ্চিত হব পাৰিব যে কেনেদৰে আগবঢ়াতো উচিত। সঠিক পৰিকল্পনাইহে এটি সপোনক বাস্তৱ ৰূপ দিব পাৰে। ব্যৱসায়িক দিশত আপোনাক সফল কৰি তোলাৰ এক মূলমন্ত্ৰ হল  সঠিক পৰিকল্পনা।

পদক্ষেপ-৩ 

ব্যৱসায়িক আৰ্হি

মটৰগাড়ীৰ আনুষংগিক বস্তুৰ ব্যৱসায়টো আপুনি কি আৰ্হিত কৰিব বিচাৰিছে? বজাৰ আৰু গ্ৰাহকৰ গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিটো আৰ্হিৰে চাৰিত্ৰিক বৈশিষ্ট বেলেগ বেলেগ আৰু সেইমতে তাৰ কামো বেলেগ বেলেগ।মটৰগাড়ীৰ বজাৰখনত বৰ্তমান অনলাইন আৰু অফলাইন দুয়োবিধৰে গুৰুত্ব আছে। গতিকে ব্যৱসায়ীয়ে তেওৰ সুবিধামতে যিকোনো আৰ্হিত গুৰুত্ব দিব পাৰে। বহু গ্ৰাহকে দোকানত গৈ বস্তু পচন্দ কৰাতকৈ ঘৰতে বহি নেটত তেওক লগা আনুষংগিক বস্তুবোৰৰ গুণাগুণ চাই তেওৰ মটৰগাড়ীৰ লগত মিলাকৈ  অনলাইন অৰ্ডাৰ দি দিয়ে। আৰু আন কিছুমাআ গ্ৰাহকে দোকানত গৈ নিজে সেই সামগ্ৰী সমূহ চাই পচন্দ কৰাটো বিচাৰে।

পদক্ষেপ -৪

মটৰগাড়ীৰ উদ্যোগৰ বিষয়ে জ্ঞান

কোনো এটা উদ্যোগৰ বিষয়ে জানিবলৈ হলে কোনো ডিগ্ৰীৰ আৱশ্যক নহয় বৰঞ্চ সেই উদ্যোগৰ বিষয়ে কৰা গৱেষণাইহে কাম দিয়ে। মটৰগাড়ীৰ উদ্যোগটো অকল নিজৰ দেশতেই সীমাবদ্ধ হৈ নাথাকে, ই এক আন্তৰ্জাতিক বজাৰৰ লগত জড়িত ব্যৱসায়। গতিকে যিমানেই মটৰগাড়ীৰ নতুন মডেল ওলাব সিমানেই তাৰ আনুসংগিক বস্তুবোৰৰ জ্ঞান থকাটো ব্যৱসায়ীজনৰ কাৰণে জৰুৰী। বজাৰ ট্ৰেণ্ডৰ শেষতীয়া তথ্য, অভিজ্ঞতা আদিয়ে মটৰগাড়ীৰ আনুষংগিক বস্তুৰ ব্যৱসায়টো আগবঢ়াই নিব।

পদক্ষেপ-৫

আৰ্থিক বিষয়

মটৰগাড়ীৰ আনুষংগিক বস্তুৰ ব্যৱসায়ত যথেষ্ট  অৰ্থৰ প্ৰয়োজন কাৰণ সৰু সৰু বস্তুৰ পৰা আৰম্ভ কৰি ডাঙৰ কিছুমান পাৰ্টচ আৰু মেচিনাৰীও মটৰগাড়ীৰ আনুষাংগিক বস্তুৰ দোকানত ৰাখিব লগা হয়। সকলো খৰচৰ হিচাপ ভালদৰে ৰাখিব লাগে। প্ৰতিটো দিনৰ বিক্ৰী আৰু খৰচৰ হিচাপ ৰাখি যোৱাটো এজন প্ৰকৃত ব্যৱসায়ীৰ লক্ষণ।

পদক্ষেপ- ৬

স্থান নিৰ্বাচন

গ্ৰাহকৰ সঘন আহ-যাহ হবলৈ আৰু দোকানখন আনৰ চকুত লাগিবলৈ সঠিক ঠাই নিৰ্বাচন কৰাটো অতি আৱশ্যক। সাধাৰণতে মটৰগাড়ীৰ আনুষংগিক বস্তুৰ দোকান খোলোতে চৌহদতো ডাঙৰ হব লাগে যিহেতু নানান ধৰণৰ বস্তু তাত ৰখা হব। নানান ধৰণৰ স্পেয়াৰ পাৰ্টচ আৰু মেচিনাৰীৰে ভৰি থকা ঠাইখিনি আহল-বহল হব লাগে যাতে কম ঠাইৰ কাৰণে গ্ৰাহকে অসুবিধা নাপায়। দোকানৰ সন্মুখভাগটো গ্ৰাহকক আকৃষ্ট কৰিবলৈ গাড়ীৰ যিকোনো থীমত ডিজাইন কৰি লব পাৰে।এখন ৰিটেইল দোকানৰ স্থান নিৰ্বাচনে ব্যৱসায়ৰ লাভালাভত অৰিহণা যোগাব পাৰে।

পদক্ষেপ-৭

ব্যৱসায়ৰ পঞ্জীয়ন

ব্যৱসায়ৰ কাৰণে যাৱতীয় নিয়মাৱলী মানি প্ৰথমে মটৰগাড়ীৰ আনুষংগিক বস্তু বিক্ৰী কৰাৰ বাবে পঞ্জীয়ন কৰিব লাগে। শ্বপচ এণ্ড এষ্ঠাব্লিচমেণ্ট এক্টৰ অধীনতো পঞ্জীয়ন কৰাটো বাধ্যতামূলক।

পদক্ষেপ-৮

মানৱ সম্পদ

কৰ্মচাৰী নিয়োগ কৰোতে চাব লাগিব যাতে তেওঁলোকৰ  মটৰগাড়ীৰ বিষয়ে সাধাৰণ জ্ঞান থাকে। আনুষংগিক বস্তুবোৰৰ ব্যৱহাৰ আৰু নাম তেওঁলোকে জনা উচিত যাতে গ্ৰাহকে যেতিয়াই কিবা জানিব বিচাৰে তেওঁলোকে তাৰ সঠিক ভাৱে উত্তৰ দিব পাৰে। কিছুমান এনেকুৱা গ্ৰাহক ও আহিব যিয়ে নিজৰ গাড়ীৰ লগত মিলাকৈ কেনেকুৱা পাৰ্টচ বা আনুসংগিক বস্তু লগালে ভাল লাগিব তাৰ পৰামৰ্শ বিচাৰে। গতিকে সেই হিচাপত গ্ৰাহকৰ মনঃপুত হোৱাকৈ বস্তু যোগান ধৰাটো কৰ্মচাৰীৰে দায়িত্ব।

এইখিনি পদক্ষেপ অনুসৰণ কৰি এজন ব্যক্তিয়ে মটৰগাড়ীৰ আনুষংগিক বস্তুৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। বৰ্তমান সময়ত যেতিয়া প্ৰতিটো বস্তুৱেই ‘স্মাৰ্ট’ ৰূপ লবলৈ ধৰিছে তেনেহলে গাড়ীৰ আনুষংগিক বস্তুৰ ক্ষেত্ৰতনো কিয় পিছ পৰি থাকিব?  গাড়ীখনক লৈ এক সুন্দৰ অভিজ্ঞতাৰ সন্মুখীন হবলৈ হলে উৎকৃষ্ট গাড়ীৰ সাজ-সজ্জাও সমানেই জৰুৰী। এখন সুন্দৰ গাড়ীক লৈ আপুনি গৌৰৱবোধ কৰাৰ লগতে আপোনাৰ ব্যক্তিত্বও তাত প্ৰতিফলিত হব। এক আনন্দদায়ক অভিজ্ঞতাৰ সন্মুখীন হবলৈ হলে আপুনিও গাড়ীখনক মৰম কৰিব লাগিব। এমাজ’ন ইক’  এলেক্সা, মেগনেটিক মোবাইল ফোন হোল্ডাৰ, চিট বেক মাছাজ কুশ্বনচ, ৰিলিভিং বেক নেক চোল্ডাৰ মাচল পেইন,ইমাৰজেঞ্চি বেটাৰী জাম্প ষ্টাৰ্টাৰ কিট, ডেচ কেমেৰা, ইউ এচ বি কাৰ চাৰ্জাৰ ,হেড আপ ডিচপ্লে,স্ক্ৰেচ ৰিমোভাৰ ফৰ কাৰ,ইমাৰজেঞ্চি চিট বেল্ট কাটাৰ এণ্ড উইণ্ড হেমাৰ আদি কিছুমান অতি প্ৰয়োজনীয় মটৰগাড়ীৰ আনুষংগিক বস্তু। এই বস্তুবোৰে গাড়ীৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে সুৰক্ষাৰ দিশতো মন দিয়ে। এজন গ্ৰাহকক ব্যৱসায়ী হিচাপে আপুনিও এই বস্তুবোৰৰ গুণাগুণৰ বিষয়ে অৱগত কৰোৱাটো দায়িত্ব। বৰ্তমান সময়ত মটৰগাড়ী তথা বাইক এখন গৰাকীজনৰ নিজৰ ইচ্ছামতে গঢ়ি তোলাতো এক চখ হিচাপে পৰিগণিত হৈছে ।কাৰ ৰেলী,কাৰ ৰেচ ইত্যাদিত ভাগ লোৱা গাড়ীবোৰৰ প্ৰতি দৰ্শকৰ সদায় চকু থাকে। যিমানেই আকৰ্ষণীয় গাড়ী সিমানেই দৰ্শকৰ চকু তাত।গতিকে  ৰৈ নাথাকি এই লাভজনক ব্যৱসায়ৰ অংশীদাৰ হবলৈ আপুনিও মটৰগাড়ীৰ আনুষংগিক বস্তুৰ দোকান দি স্বাৱলম্বী হব পাৰে। গ্ৰাহকৰ লগত বনোৱা আপোনাৰ সম্পৰ্ক আৰু বিশ্বাসে তেওলোকক পুনৰ আপোনাৰ দোকানলৈ ঘূৰাই আনিব।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।