ৰেষ্টুৰেণ্টৰ মেনু ডিজিটেল হোৱাৰ গুৰুত্বপূৰ্ণ উপকাৰিতা
ৰেষ্টুৰেণ্ট বুলি কলেই আমাৰ মনলৈ ভাহি আহে নানান ধৰণৰ খাদ্য বস্তু,এক সুন্দৰ পৰিবেশ, নানান ধৰণৰ পানীয় ইত্যাদিৰে আৱৰি থকা এক পৰিবেশ। আমি যেতিয়াই কোনোবা এখন ৰেষ্টুৰেণ্টত যাও
সেই ৰেষ্টুৰেণ্টৰ মনোমোহা খাদ্যৰ সোৱাদ লবলৈ প্ৰথমেই আমাৰ চকু যায় মেন্যু খনলৈ। হয়তো ৱেইটাৰে আমাক টেবুলত মেন্যু খন দি যোৱালৈ আমি ৰব লাগে অথবা কাষৰ টেবুলত বহি কোনোবাই চাই থকা মেন্যু খনলৈ চাই হেপাহ পলাব লাগে। কিমান যে বিৰক্তিকৰ এই সময়খিনি। একদম নাযায় নুপুৱায়। আৰু মেন্যুখন আহি হাতত পৰাৰ লগে লগে এফালৰ পৰা আমি চাই যাও। কিন্তু এইখিনি কামৰ বাবে যে আমি কিমান দেৰী ৰব লগা হল।দিন সলনি হোৱাৰ লগে লগে বহুতো ৰেষ্টুৰেণ্টত পুৰণি মেন্যুবোৰৰ সলনি ডিজিটেল মেন্যুৰ ব্যৱহাৰ হৈছে। ৰেষ্টুৰেণ্টৰ মেন্যু ডিজিটেল হোৱাৰ কিছুমান গুৰুত্বপূৰ্ণ উপকাৰিতা আছে। ইয়াত আমি এই বিষয়ে আলোচনা কৰিম।
সময় ৰাহি
আমি অলপ আগতে কোৱাৰ দৰে আগৰ পুৰণি দিনৰ ৰেষ্টুৰেণ্টৰ মেন্যুৰ কাৰণে আমি যথেষ্ট সময় ৰব লগা হয়। কিন্তু মেন্যু ডিজিটেল হোৱাৰ ফলত গ্ৰাহকে একেটা সময়তে আটাইখিনি মেন্যু চাব পাৰে আৰু তাৰ পৰা অৰ্ডাৰ দিব পাৰে। এখন পেপাৰ মেন্যুৰ কাৰণে প্ৰতিজন গ্ৰাহকে ৰৈ থকাতকৈ ডিজিটেল মেন্যুৰ জড়িয়তে অৰ্ডাৰ গ্ৰহণ কৰাত বেছি সুবিধা হয়। লগতে পেপাৰ মেন্যুত যদি কোনো আইটেম আতৰাব লগা হয় বা নতুনকৈ ভৰাব লগা হয় তেনেহলে সম্পূৰ্ণ মেন্যুখনেই আকৌ প্ৰিণ্ট কৰিব লগা হয়। সেই হিচাপত ৰেষ্টুৰেণ্টৰ ডিজিটেল মেনুত কোনো এবিধ আইটেম যোগ দিয়া বা আতৰাই দিয়া তেনেই সহজ।
কম খৰচত অধিক লাভ
যেতিয়া কোনো এখন ৰেষ্টুৰেণ্টত মেন্যুখন বনোৱা হয় তাৰ কেইবাটাও কপি একেলগতে প্ৰিণ্ট কৰিব দিয়া হয়। ৰেষ্টুৰেণ্টৰ টেবুল অনুযায়ী পৰাপক্ষত আটাইবোৰতে মেন্যুখন দিয়াতো দৰকাৰী নহলে গ্ৰাহকে অপেক্ষা কৰিব লগাত পৰে আৰু এইটোৱে তেওলোকৰ মনত অস্বস্তিৰ সৃষ্টি কৰে। তাৰ ঠাইত যদি ৰেষ্টুৰেণ্ট বোৰে ডিজিটেল মেন্যুৰ ব্যৱহাৰ আৰম্ভ কৰে তেনহলে ইমানবোৰ মেন্যু ছপোৱাৰ খৰচৰ পৰা বাচিব পাৰি। কিছুমান ৰেষ্টুৰেণ্টত আকৌ নিজৰ চিটৰ পৰা উঠি গৈ মেনেজাৰৰ কাউণ্টাৰত অৰ্ডাৰ দি আহিব লগা হয়। এনেকুৱা ধৰণৰ নানান অসুবিধাৰ পৰা ডিজিটেল মেনুৱে মুক্তি দিয়ে। ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টবোৰৰ এখন মেনুৰ দামেই বহুত বেছি পৰে। গতিকে তেনেকুৱা যদি আৰু কেইবাখনো বনাব লগা হয় তেনেহলে খৰচ বাঢ়ি গৈ থাকিব। কিন্তু ডিজিটেল মেন্যু ৰেষ্টুৰেণ্টত এখন বনালেই প্ৰতিজন গ্ৰাহকে সেইখন চাই তাৰ পৰা অৰ্ডাৰ কৰিব পাৰে। ব্যৱসায়ত সদায় প্ৰতিটো স্তৰত এইটোৱে চাব লাগে যে কেনেদৰে খৰচ কমাব পাৰি আৰু লাভ অৰ্জন কৰিব পাৰি। ডিজিটেল মেনুৰ ক্ষেত্ৰটো কথাটো তেনেকুৱাই বুলিব পাৰি। এখন ডিজিটেল মেনুৰ খৰচে গোটেই ৰেষ্টুৰেণ্টৰ বাবে প্ৰয়োজন হোৱা মেনুৰ খৰচ ৰাহি কৰিব পাৰে।
গ্ৰাহকৰ সন্তুষ্টি
যেতিয়া গ্ৰাহকে ৰেষ্টুৰেণ্টৰ ভিতৰলৈ সোমাই আহিয়েই এটি সুন্দৰ পৰিবেশ পায় তেতিয়া আপোনা-আপোনি তেওলোকৰ মনৰ ধাৰণা কিছুমান সলনি হয়। এটি মনোমোহা পৰিবেশত যেতিয়া অত্যাধুনিক প্ৰযুক্তিৰ সহায় লৈ স্থাপন কৰা ডিজিটেল মেন্যু এখন দেখে তেওলোকৰ কাৰণে সেইয়াও এক নতুন অভিজ্ঞতা হৈ পৰে। অকল মেন্যুখনত খাদ্যৰ নামেই নহয় লগতে নানান এডভাৰটাইজিং,খাদ্যৰ ফটো আদিয়ে গ্ৰাহকক মনোৰঞ্জন দিয়ে। তেওলোকে অৰ্ডাৰ দিয়া সময়খিনিৰ পৰা অৰ্ডাৰ ডেলীভাৰী হোৱা সময়খিনিলৈ বোৰ বা অস্বস্তিবোধ কৰিব লগা নহয়। ৰেষ্টুৰেণ্টৰ ডিজিটেল মেনুত দিয়া অৰ্ডাৰে অতি দক্ষতাৰে আৰু ক্ষীপ্ৰতাৰে ভৃল নোহোৱাকৈ প্ৰতিজন গ্ৰাহকৰ অৰ্ডাৰ লোৱা, ডেলীভাৰী দিয়া আৰু বিলিংৰ প্ৰতিটো কাম অতি নিখুতভাৱে আগবঢ়ায় । ফলত গ্ৰাহকৰো কোনো ধৰণৰ অভিযোগ নাথাকে ।
ব্ৰেণ্ড অপৰিৱৰ্তনশীলতা
আপুনি হয়তো কিছুমান ঠাই যেনে ড’মিনজ, কে এফ চি আদি ঠাইত ৰেষ্টুৰেণ্টৰ ডিজিটেল মেনুৰ উদাহৰণ দেখিছে। এনেবোৰ চেইন ব্যৱসায় বোৰৰ এটা নিৰ্দিষ্ট ব্ৰেণ্ড আৰু লগ’ থাকে। লগতে তেওলোকৰ মেন্যুবোৰ ডিজিটাইজড হোৱা বাবে যিকোনো ধৰণৰ পৰিৱৰ্তন লগে লগেই একেলগে আটাইবোৰ ঠাইতেই হৈ যায়। সৰহভাগ পেপাৰ মেন্যুৰ পৰিৱৰ্তনত খৰচ বেছি আৰু কেতিয়াবা অৱহেলাতেই হওক বা আন কাৰণতেই হওক তাত পৰিৱৰ্তিত মেন্যুখন শুধৰাবলৈ বহু সময় লাগে। ডিজিটেল মেন্যুবোৰৰ শেহতীয়া সংযোজন অতি ক্ষীপ্ৰ আৰু কম কষ্টকৰ যাৰ কাৰণে কামটো পিছলৈ ৰৈ নাথাকে।
দৃশ্য-শ্ৰব্য মাধ্যমৰ প্ৰতি আকৰ্ষণ
এটা স্থিতিশীল মাধ্যম আৰু আনটো দৃশ্য-শ্ৰব্য মাধ্যমৰ ভিতৰত গ্ৰাহকে সদায় পিছৰটোৰ প্ৰতিয়েই আগ্ৰহ দেখুৱাব। নানান ধৰণৰ ভিডিও, এনিমেচন আদিৰ জড়িয়তে গ্ৰাহকক এখন ৰেষ্টুৰেণ্টৰ ডিজিটেল মেন্যুৱে আকৰ্ষিত কৰে। এনেকুৱা পেছাদাৰী ভিডিও মেকাৰ বোৰে নিজৰ সৃজনীমূলক দক্ষতাৰে অতি সুন্দৰ ভাৱে এই ডিজিটেল মেন্যু প্ৰস্তুত কৰি নিজৰ কৌশল দেখুৱায়। আৰু গ্ৰাহক হিচাপে এখন ৰেষ্টুৰেণ্টত যাওতে আমি খাদ্যৰ লগতে বাহ্যিকতাতো সমানেই গুৰুত্ব দিও।
অপেক্ষাৰ সময়ৰ সৎ ব্যৱহাৰ
প্ৰায়ে আমি পৰিয়াল অথবা নিজৰ বন্ধুবৰ্গৰ লগত যেতিয়াই ৰেষ্টুৰেণ্টত খাবলৈ যাও অৰ্ডাৰ দিয়া সময়খিনিৰ পৰা খাদ্য যোগান ধৰা সময়খিনিলৈ এটি ব্যৱধান থাকে। ডিজিটেল মেন্যু থকা ৰেষ্টুৰেণ্টবোৰত সেইখিনি সময়ত গ্ৰাহকক মেন্যু স্ক্ৰীণ খনত মেন্যুৰ ওপৰিও নানান ধৰণৰ তথ্য যোগান ধৰা হয়। সেইয়া লাগিলে তেওলোকৰ খাদ্যৰ গুণাগুণ সম্পৰ্কতেই হওক অথবা নানান ভিডিওৰ মাজেৰে নতুন খাদ্যৰ সংযোজনেই হওক বা আন কিবা অফাৰৰ এডভাৰটাইজমেণ্ট। মুঠতে গ্ৰাহকে ৰৈ থকা সময়খিনিৰো সদ ব্যৱহাৰ ৰেষ্টুৰেণ্টখনে ভালদৰে কৰে।
অন্য কাৰকসমূহ
ডিজিটেল মেন্যুখন এখন ৰেষ্টুৰেণ্টৰ মুখ্য চৰিত্ৰ বুলি কব পাৰি। তাত খাদ্য সম্ভাৰৰ তালিকাৰ লগতে নানান বিষয়ো সামৰি লব পাৰি। দিনটোৰ যিখিনি সময়ত গ্ৰাহকৰ আহ-যাহ কম থাকে সেইখিনি সময়ত ডিজিটেল বোৰ্ড খনত দিনটোৰ শেহতীয়া খবৰ, সেই ঠাইৰ স্থানীয় খবৰ , কোনোবা যদি চেলেব্ৰিটী আলহী সেই ৰেষ্টুৰেণ্টখনৰ অতিথি হৈ আহে তেনেহলে তেওক সম্ভাষণ জনোৱা ইত্যাদি কামো ডিজিটেল মেন্যুখনৰ যোগেদি কৰিব পাৰি। যি ঠাইত ৰেষ্টুৰেণ্টখন অৱস্থিত সেই ঠাইৰ স্থানীয় খাদ্য আৰু সাংস্কৃতিৰো আভাষ দিয়াটোও ৰেষ্টুৰেণ্টৰ ডিজিটেল মেন্যুৰ যোগেদি কৰিব পাৰি।
নানান ভাষাৰ সমাহাৰ
ছপা মেন্যু এখন সাধাৰণতে এটা ভাষাতেই থাকে। বিভিন্ন ভাষাত মেন্যু এখন ছপাবলৈ খৰচো বেছি পৰে আৰু প্ৰতিটো ভাষাত মেন্যু ছপোৱাটো সহজ ও নহয়। তেনেস্থলত সেই অভাৱ পূৰ কৰিব ৰেষ্টুৰেণ্টৰ ডিজিটেল মেন্যু খনে। তাত মেন্যু খন এটি সময়ৰ অন্তৰালত প্ৰতিটো ভাষাতে ডিচপ্লে কৰিব লাগে যাতে বাহিৰৰ পৰা অহা যিকোনো গ্ৰাহকেও অতি সহজে বুজি পাব পাৰে আৰু সেই আহাৰৰ জুতি লব পাৰে।
ৰেষ্টুৰেণ্টত ডিজিটেল মেনু ব্যৱহাৰৰ প্ৰক্ৰিয়াটো গ্ৰাহক আৰু দোকানৰ ব্যৱসায়ীৰ ওপৰত পৰস্পৰে নিৰ্ভৰশীল। ডিজিটেল মেন্যুৰ বাবে ইণ্টাৰনেট নথকা অৱস্থাটো গ্ৰাহকে অৰ্ডাৰ দিব পাৰে। নতুন নতুন প্ৰযুক্তিবিদ্যাৰ উদ্ভাৱনে আমাৰ বহু অসুবিধা অতি কমতে সমাধান কৰিছে। ৰেষ্টুৰেণ্ট মেন্যু ডিজিটাইজ হোৱাৰ পৰা গ্ৰাহক আৰু ৱেইটাৰ দুয়ো পক্ষৰে সময় ৰাহি হৈছে। গ্ৰাহকে ডিজিটেল বোৰ্ডত চাই নিজৰ সুবিধামতে অৰ্ডাৰ দিব পাৰে। যিহেতু প্ৰতিটো বস্তুৰ বিষয়ে বিশদভাৱে তাত দিয়া থাকে আৰু গ্ৰাহকে দামটো চাই নিজৰ বাজেটৰ লগত মিলাকৈ অৰ্ডাৰ দিব পাৰে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ উভয়পক্ষই নিজৰ কাম কৰিব পাৰে। ব্যৱসায়ীৰ কাৰণে এইটো আৰু এটা সুবিধাজনক কথা যে ডিজিটেল মেন্যুৰ ব্যৱহাৰ আৰম্ভ হোৱাৰে পৰা দোকানত কম কৰ্মচাৰীৰেও চলাব পাৰি। মানুহে হাতেৰে কৰা কামত, অৰ্ডাৰত বা হিচাপ-নিকাচত কেতিয়াবা ভূল হব পাৰে কিন্তু আধুনিক প্ৰযুক্তিবিদ্যাৰে গঠিত এনেকুৱা ৰেষ্টুৰেণ্টৰ ডিজিটেল মেন্যুৰ যোগেদি দিয়া অৰ্ডাৰত কোনো ভূল হোৱাৰ সম্ভাৱনা নাথাকে। ৰেষ্টুৰেণ্ট উদ্যোগৰ এই নতুন সংস্কৰণে আনতকৈ আপোনাৰ ৰেষ্টুৰেণ্টৰ ব্যৱসায় তুলি ধৰিব পাৰে। গতিকে পলম নকৰি পুৰণি ছপা মেন্যুৰ সলনি ৰেষ্টুৰেণ্টৰ ডিজিটেল মেন্যু ব্যৱহাৰ কৰি গ্ৰাহকক আকৰ্ষিত কৰাত মন দিয়ক।