mail-box-lead-generation

written by | October 11, 2021

ফলৰ ৰসৰ ব্যৱসায়

×

Table of Content


ফলৰ ৰস(জুছ)ৰ ব্যৱসায় আৰম্ভ কেনেদৰে কৰিব 

আজিকালি ছচিয়েল মিডিয়াত আমি বহু লোকক লগ পাও যিসকলে সুঠাম দেহা আৰু ধুনীয়া হৈ নিজৰ ফটোবোৰ দিয়ে। আমিও তেনেকুৱা হব বিচাৰো কিন্তু ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে আমি সময় আৰু শক্তি দিব নোৱাৰো। ভাল শৰীৰৰ বাবে যদিহে এগিলাছ ফলৰ ৰস খায় তেন্তে সেয়াই আপোনাৰ শৰীৰক শক্তি প্ৰদান কৰিব। গ্ৰীষ্মৰ প্ৰখৰ ৰʼদত এবটল শীতল পানীয়ই আমাৰ তৃষ্ণা দূৰ কৰে আৰু দেহলৈ সতেজতা আনে। ফলৰ ৰসৰ ব্যৱসায়ত আমি ভৱিষ্যতৰ ভাল দিশ এটা দেখা পাইছোঁ যিহেতু প্ৰত্যেক মানুহে ফলৰ ৰসৰ গুণাগুণ বুজি পোৱা হৈছে। বহু লোকক দেখা যায় ৰাতিপুৱা খোজ কঢ়াৰ পাছতে ফলৰ ৰসৰ দোকানৰ পৰা এগিলাছ জুছ খাই নিজৰ দেহটো সৱল কৰে।এটা ব্যৱসায় আৰম্ভ কৰাৰ আগেয়ে সুপৰিকল্পিত এখন আঁচনি,মূলধনৰ প্ৰয়োজনীয়তা, আদিৰ বিষয়ে বিতংকৈ জানি লোৱা দৰকাৰ।তদুপৰি ক্ষেত্ৰভিত্তিক অধ্যয়ন, ব্যৱসায়টোৰ যোগাত্মক দিশ, দুৰ্বলতা, সৃষ্টি হ’ব পৰা সুযোগ তথা ভাবুকি আদিৰ বিষয়ে সঠিকভাৱে জানি লোৱা উচিত।

ফলৰ ৰসৰ ব্যৱসায় খুউব লাভজনক ব্যৱসায়। কিয়নো ইয়াত লাভ বেছি। এগিলাছ জুছ বনাবৰ বাবে বেছি খৰছ নহয়। তদুপৰি গ্ৰাহকে  জুছৰ বাবে ভাল পইচা দিবও সংকোচ নকৰে ।

যদিহে আপুনি ভাবে জুছৰ ব্যৱসায় কৰাৰ কথা, তেন্তে এই ব্যৱসায়ৰ মাধ্যমেৰে কেনেকৈ সৰুৰ পৰা এটা ডাঙৰ ব্যৱসায় গঢ়ি তুলিব পাৰিব জানিব পাৰিব। 

এটা সঠিক পৰিকল্পনা কৰক

জুছৰ দোকান খোলাৰ পূৰ্বে এটা সঠিক পৰিকল্পনা কৰাতো উচিত। আপুনি অফলাইন নে হোম ডেলিভাৰী দিব । যদি অফলাইন কৰে তেন্তে তাত বহিব পৰাকৈ সুবিধা আগবঢ়াব নে কেৱল ক্ৰয় কৰিব পৰা সুবিধা আগবঢ়াব। এটা  ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। এটা ব্যৱসায় আৰম্ভ কৰাৰ আগেয়ে সুপৰিকল্পিত এখন আঁচনি,মূলধনৰ প্ৰয়োজনীয়তা, আদিৰ বিষয়ে বিতংকৈ জানি লোৱা দৰকাৰ ।ভৱিষ্যত পৰিকল্পনা হৈছে আন এটা প্ৰয়োজনীয় দিশ। সময়ৰ লগে লগে ব্যৱসায়ত নতুন নতুন দিশ যোগ কৰি যাব লাগে। অন্যথা বজাৰৰ চাহিদা আৰু নতুন প্ৰযুক্তিৰ উদ্ভাৱনে বহু উদ্যোগ তথা ব্যৱসায়িক প্ৰতিযোগিতাৰ মাজত বৰ্তি থাকিবলৈ নিদিয়ে।

এজন ব্যক্তিয়ে তেনে চাৰ্ভিচ  পছন্দ কৰে  যি সুস্বাদু হোৱাৰ উপৰিও সুন্দৰভাৱে পৰিবেশন  কৰিব পাৰে । বৰ্তমান সময়ত  ইয়াৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। এই ব্যৱসায়ৰ বাবে আপোনাৰ দক্ষতা আৰু ধৈৰ্য ৰ আৱশ্যক হব।আপোনাৰ ব্যৱসায়ৰ সম্প্ৰসাৰণৰ লগে লগে গ্ৰাহকৰ সকলো ইচ্ছা পূৰ্ণ কৰাতো আপোনাৰ ব্যৱসায়ৰ বাবে সম্ভৱ নহয়।প্ৰতিটো দিশ জানি বুজি লোৱাটো উচিত।

এডোখৰ ভাল ঠাই বাচনি 

এডোখৰ ভাল ঠাই বাচনি কৰি লোৱাটো খুবেই জৰুৰী। বহু এনে দোকান থকা ঠাইৰ পৰা কিছু নিলগত আপুনি আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠান টো আৰম্ভ কৰক। অথাৎ বাচনি কৰক। প্ৰতিদ্বন্দী থাকিলেও যদিহে এলেকাটোত জনবহুল হয় তেন্তে তেনে স্হান বাচনি কৰিব পাৰে।ঠাইডোখৰ  ভাড়ালৈ ও লব পাৰে ।মাত্ৰ ভাড়ালৈ লওঁতে আপুনি মন কৰিব যাতে আপোনাৰ সামগ্ৰীবোৰ ভালদৰে ৰাখিব পাৰি।

লাইসেন্স আৰু অনুমতি পত্ৰ 

ইয়াৰ বাবে লাইচেঞ্চ লোৱাতো খুবেই জৰুৰী। এই ব্যৱসায় কৰিবলৈ চৰকাৰৰ পৰা বহু ধৰণৰ  অনুমতি লব লাগে। প্ৰথমে আপুনি অনুমতি লব লাগিব ঘৰৰ মালিকৰ পৰা(যদিহে ভাৰা) , জি এছ টি পঞ্জীকৰণ, এফ এছ এছ এ আই লাইসেন্স,অগ্নি বিভাগৰ লাইসেন্স,পৌৰ নিগমৰ পৰা স্বাস্থ্যৰ লাইসেন্স আৰু বহুতো। এইবোৰ লাভ কৰাৰ পাছতহে ব্যৱসায় আৰম্ভ কৰিব পাৰিব।

সঠিক ডিষ্ট্ৰীবিউটৰ বাচনি কৰক 

প্ৰথমতেই এইটো কৰণীয়। এই ব্যৱসায়  ডিষ্ট্ৰীবিউটৰ নোহোৱাকৈ খোলা টান। সেয়ে এখন তালিকা প্ৰস্তুত কৰক কি কি সেৱা আগবঢ়াব । মনত ৰাখিব যাতে আপোনাৰ গ্ৰাহকে সূদা হাতে উভতিব লগা নহয়।স্হানীয় বজাৰত আপোনাৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ বিচাৰিব। যাতে সতেজ আৰু ভাল সামগ্ৰী আপুনি ক্ৰয় কৰিব পাৰে। মনত ৰাখিব আপুনি যদি গ্ৰাহকক কিবা প্ৰতিশ্ৰুতি দিয়ে তেন্তে সেয়া সদায়েই বজাই ৰাখিব। যিহেতু এই ব্যৱসায়  সুনামেৰেহে চলে। 

সামগ্ৰী বাচনি 

এইটো আপুনি সময় অনুসৰি বাচনি কৰিব পাৰে। কিন্তু এখন মূল তালিকা  প্ৰস্তুত কৰিব যাতে আপোনাৰ গ্ৰাহকক সন্তুষ্ট কৰিব পাৰে। তালিকা খনত থকা সামগ্ৰী বোৰ সদায় ৰাখিব। মাজে মাজে সেইবোৰৰ সোৱাদ উন্নত  কৰি থাকিব। সামগ্ৰী বোৰ ৰাখিবৰ বাবে ফ্ৰিজ ইত্যাদি ৰো প্ৰয়োজন। 

কৰ্মচাৰী নিয়োগ 

এনে কথা নহয় যে  ব্যৱসায়টো   কেৱল লাভৰ বাবে খুলিছে। এই ব্যৱসায়ৰ মাধ্যমেৰে আপুনি  আপোনাৰ ‘পৰিবেশন’  আৰু সৃষ্টিশীলতাক দেখুৱাৰ বাবে এখন মঞ্চ লাভ কৰিব । আপোনাৰ ব্যৱসায়ৰ বাবে জুছ বনোৱা  নিয়োগ কৰিব যি অভিজ্ঞ আৰু এই বিষয়ত পাৰদৰ্শী হয়।এটা টিম লাগিব লাগিব  যিসকলে সুন্দৰভাৱে ততালিকে কাম সমূহ পৰিচালনা কৰিব।  ইয়াৰ লগে লগে সেৱা আগবঢ়োৱা,বিল বনোৱা, লোড কৰা কৰ্মচাৰী ও নিয়োগ কৰিব। যদিহে আপুনি ভাবে ভৱিষ্যতে  আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ ঘটাব তেন্তে কিছুমান বিশ্বাসী কৰ্মচাৰী য়ে আপোনাক সহায় কৰিব।বিশ্বাসী দল এটা গঠন কৰিব।

আপোনাৰ  গ্ৰাহকক বুজক 

সদায় গ্ৰাহকৰ প্ৰয়োজন টো বুজিবলৈ চেষ্টা কৰিব। তেওঁ লোকে কি ভাল পায়, কি বিচাৰে সেয়া ও জানিবলৈ চেষ্টা কৰিব। তাৰ বাবে উন্নত ষ্টক ৰাখিব। তেওঁ লোকৰ প্ৰতিক্ৰিয়া বোৰ জানিবলৈ চেষ্টা কৰিব।  গ্ৰাহকসকলে আকৰ্ষণীয়বস্তু বোৰ কিনিবৰ বাবে সংকোচ নকৰে সেয়ে মনত ৰাখিব যাতে সদায়  তেওঁ লোকে এটা নতুনত্ব অনুভৱ কৰিব পাৰে। অন্যথা আপুনি লাভৰ পৰা বঞ্চিত হব। 

ছচিয়েল মিডিয়া মাৰ্কেটিং 

আপোনাৰ উৎপাদিত সামগ্ৰীবোৰ অনলাইন যোগে বিক্ৰী কৰিবৰ বাবে ভাল এটা ৱেবছাইট বনাব। ছচিয়েল মিডিয়া ব্যৱহাৰ কৰক।বজাৰৰ ক্ষেত্ৰত  আজিকালি ই কৰ্মাচে সকলো সহজ কৰি তুলিছে। এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী।  আপোনাৰ ডেলিভাৰী এলেকাতো নিৰ্ধাৰণ কৰি লব।  আজিকালি ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলোৱা সহজ। আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী। গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ আদিকে ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলাওক। ৰেহাইৰ সুবিধা আগবঢ়াওক। লিফটলেট, পাম্পলেট আদি প্ৰচাৰ পত্ৰিকাৰে বজাৰ দখলৰ চেষ্টা চলাওক। পাৰিলে হোৱাটছ এপৰ জৰিয়তে গ্ৰাহকক ৰেহাই মূল্য ৰ বিষয়ে অৱগত কৰিব। মনত ৰাখিব যাতে গ্ৰাহক আপোনাৰ ব্যৱহাৰত সন্তুষ্ট হৈ থাকে।

এটা  ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। এই ব্যৱসায়টো আপোনাৰ বাবে নতুন,সেয়ে  বেয়া দিনৰ বাবেও সাজু থাকিব । সঠিক পৰিকল্পনা আৰু মাৰ্কেটিং কৰাৰ পাছতো কেতিয়াবা ব্যৱসায়ত উন্নতি নহয় তেতিয়া আপুনি ভালদৰে পৰ্যবেক্ষণ আৰু দৃঢ়প্ৰতিজ্ঞ হব। যিকোনো ব্যৱসায়ত ভাল বেয়া সকলো দিন আহে। আপুনি সংকল্প লৈ আগবাঢ়িব। যদিহে আপুনি এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এইটো এটা সঠিক সময়।

—শুভকামনাৰে

 

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
×
mail-box-lead-generation
Get Started
Access Tally data on Your Mobile
Error: Invalid Phone Number

Are you a licensed Tally user?

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।