দুগ্ধপাম ব্যৱসায় কেনেদৰে আৰম্ভ কৰিবপাৰি
ভাৰতবৰ্ষ এখন জনবহুল ৰাষ্ট্ৰ। এনে জনসংখ্যাৰ বাবে প্ৰত্যেক বছৰে যথেষ্ট শস্য আৰু পশু ধনৰ উৎপাদন বৃদ্ধিৰ ব্যৱস্থা লোৱা উচিত আৰু সিহঁতৰ উৎকৰ্ষ সাধনত গুৰুত্ব দিয়াটো অধিক প্ৰয়োজন হৈ পৰিছে। বিংশ শতিকাৰ শেষৰফালে এই ব্যৱসায় কিছু হ্ৰাস পাইছিল, বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ বাবে ই পুনৰ সবল হৈ উঠিছে। এতিয়ালৈকে এনে প্রয়াসেৰে খাদ্যৰ চাহিদা পূৰ্ণ কৰিবলৈ চেষ্টা কৰি কৃতকাৰ্যতা লাভ কৰা হৈছে। আমি ইতিমধ্যে সেউজ বিপ্লৱৰ যোগেদিও খাদ্য শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছোঁ। ঠিক সেইদৰে, শ্বেত বিপ্লৱৰ যোগেদিও আমাৰ চাহিদা অনুযায়ী দুগ্ধৰ উভৈনদী কৰি লব পাৰিছো।
বৈজ্ঞানিক পদ্ধতিৰে পশু ধন পোহ পালন কৰা পদ্ধতিক পশু পালন বোলা হয়। ইয়াত বিভিন্ন দিশ যেনে, খাদ্য যোগান, প্ৰজনন আৰু ৰোগ নিয়ন্ত্ৰণ আদি কথাবোৰ সামৰি লোৱা হয়।
গো পালন দুটা পৰিকল্পনা হাতত ৰাখি কৰা হয় – গাখীৰ উৎপাদন আৰু কৃষি কাৰ্যত জড়িত কাম। গাখীৰ উৎপাদন কিছু পৰিমাণে নিৰ্ভৰ কৰে গাইৰ দুগ্ধ কালৰ ওপৰত। বিদেশী প্ৰজাতি যেনে জাৰ্চি, ব্ৰাউন চুইচ আদি দীৰ্ঘ ম্যাদি দুগ্ধ কালৰ বাবে উপযুক্ত প্ৰজাতি। আনহাতে থলুৱা প্ৰজাতি যেনে ৰেড সিন্ধী, সাহিৱাল আদি যথেষ্ট ৰোগ প্ৰতিৰোধী প্ৰজাতি।
সিন্ধী জাতৰ গৰুৰ পাকিস্তানৰ কৰাচী আৰু হায়দৰাবাদৰ উৎপত্তি স্থল। ইয়াৰ আচল প্ৰজনন স্থল হ’ল কাজাখস্থান। এই গৰুবোৰ মধ্যম আকাৰৰ, ডাঙৰ চুট আৰু ওলমি পৰা নাভি মণ্ডলৰে দেখাত বৰ শুৱনি। গাঢ় ৰঙা ৰঙৰ, শিংবোৰ শকত, চুটি আৰু ঘোঁৰ খোৱা। গাখীৰ উৎপাদনো প্ৰতি পিয়নত প্ৰায় তিনি হাজাৰ লিটাৰৰ পৰা পাঁচ হাজাৰ লিটাৰ। এই জাতৰ মতা গৰুবোৰ হাল বোৱা আৰু গাড়ী টনা কামত পাৰ্গত। চেউৰীবোৰ ডেৰ বা দুই বছৰ বয়সতে প্ৰজনন ক্ষমতা লাভ কৰে। সকলো ধৰণৰ জলবায়ুতে খাপ খাব পৰা কাৰণে ভাৰতত ইয়াৰ চাহিদা বেছি।
গীড় জাতৰ গৰু
গুজৰাটৰ গীড় জংঘলৰ আশে পাশে ইয়াৰ উৎপত্তি স্থল। গাই গৰুবোৰ ১৭৪৬ ৰ পৰা ৩১৭০ লিটাৰলৈকে বছৰি গাখীৰ উৎপাদন কৰে। মতা গৰুবোৰ শক্তিশালী আৰু হালবোৱাৰ বাবে উপযোগী।
ডেউনী জাতৰ গৰু
হায়দৰাবাদৰ উত্তৰ পশ্চিম অংশত এই জাতৰ গৰুৰ উৎপত্তি স্থল। এই জাতৰ গৰু গাখীৰ উৎপাদনৰ কাৰণে ভাল। ৯০০ লিটাৰৰ পৰা ১৮০০ লিটাৰ পৰ্য্যন্ত প্ৰতি পিয়নত গাখীৰ দিয়ে।
সাহিৱাল
সাহিৱাল জাতৰ গৰুবোৰৰ উৎপত্তি স্থল পঞ্জাব। ভালকৈ প্ৰতিপালন কৰিলে প্ৰতি পিয়নত ৪০০০-৫০০০ লিটাৰ গাখীৰ দিয়ে। সাহিৱাল জাতৰ গাইবোৰৰ ওহাৰখনৰ সৈতে পাঁচফালটো বহল। মতা গৰুবোৰ কৰ্মঠ নহয়। এই জাতৰ চেউৰীবোৰে ২ বছৰৰ পৰা ৩ বছৰৰ ভিতৰত প্ৰজনন ক্ষমতা লাভ কৰে।
থাৰপাৰকাৰ গৰু
এই জাতৰ গৰু ৰাজস্থান, মধ্যপ্ৰদেশ আৰু মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ অংশ বিশেষত পোৱা যায়। গাখীৰ দিয়া, গাড়ী টনা বা হালবোৱা উভয় কামতে পটু। গৰুবোৰৰ শিং দীঘল, চুট ওখ আৰু গলধন ডাঙৰ। প্ৰতি পিয়নত ১২০০-১৩০০ লিটাৰ গাখীৰ দিয়ে।
হাৰিয়ানা জাতৰ গৰু
হাৰিয়ানা জাতৰ গৰু পঞ্জাবৰ পূবভাগত আৰু বিশেষকৈ ৰোহকত, হিচাৰ, কাৰনাল আৰু দিল্লীত পোৱা যায়। বৰ্তমান ভাৰতৰ প্ৰায় সকলো ঠাইতে বিস্তৃত হৈ আছে। প্ৰতি পিয়নত ১৪০০ ৰ পৰা ২২০০ লিটাৰ পৰ্য্যন্ত গাখীৰ দিয়ে। বলধবোৰ হালবোৱা আৰু গাড়ী টনা কামৰ কাৰণে উপযোগী। হাৰিয়ানা জাতৰ গৰুবোৰৰ গাৰ ৰং বগা আৰু ওখ।
পশুপাম খুলিবলৈ আৱশ্যকীয় বিষয় –
১) গৰু মহৰ প্ৰতি আদৰ।
২) পৰিষ্কাৰ পৰিচ্ছনতাৰ প্ৰতি গুৰুত্ব।
৩) পশু পামৰ পৰিচালনাৰ জ্ঞান থকা দৰকাৰ।
৪) ব্যৱসায়ৰ কৌশল।
গো পাম পৰিষ্কাৰ আৰু তাত ৰখা গৰু মহৰ বাবে প্ৰয়োজনীয় আশ্ৰয়ৰ ব্যৱস্থা থাকিলেহে বিশুদ্ধ গো উৎপাদন আৰু বিশুদ্ধ দুগ্ধ পাব পাৰি।
পোহনীয়া জন্তু বোৰ বায়ু চলাচলৰ সু- ব্যৱস্থা থকা ঘৰত ৰাখিব লাগে যাতে বৰষুণ, তাপ আৰু শীতৰপৰা ৰক্ষা পাব পাৰে। গোহালিৰ মজিয়া খন হেলনীয়া হোৱা দৰকাৰ যাতে চাফা আৰু শুকান কৰি ৰাখিব পৰা যায়। গাখীৰ দিয়া জন্তু বিলাকৰ বাবে প্ৰয়োজনীয় খাদ্য দুই প্ৰকাৰৰ ১) দেহ গঠনৰ বাবে প্ৰয়োজনীয় খাদ্য : এই ধৰণৰ খাদ্যই পশু ধনক সুস্থ বা নিৰোগী জীৱন দিয়ে।
২) দুগ্ধ উৎপাদনৰ বাবে প্ৰয়োজনীয় খাদ্য : এই ধৰণৰ খাদ্য দুগ্ধ কালত প্ৰয়োজন হয়। এজনী গাই নিয়মিত গাখীৰ দিবলৈ উচিত পৰিমাণৰ খাদ্য দৰকাৰ হয়।
প্ৰাণীৰ খাদ্যৰ ভিতৰত ৰাফেজ ( সাধাৰণতে আঁহ জাতীয়), গাঢ় ( আঁহ কমকৈ থাকে, কিন্তু প্ৰটিন আৰু আন পুষ্টিকৰ দ্ৰব্যৰ পৰিমাণ বেছিকৈ থাকে)। সকলো বিলাক পুষ্টিকৰ উপাদান থকা সুষম খাদ্যই গৰু মহৰ স্বাস্থ্য সুস্থ কৰি ৰখাৰ লগতে গো উৎপাদন বৃদ্ধি কৰে।
গৰ্ভৱতী গাইৰ সু স্বাস্থ্য আৰু বৃদ্ধিৰ বাবে উচিত যত্ন আৰু উপযুক্ত পুষ্টি সাধন কৰা খাদ্য যোগান ধৰিব লাগে। গৰ্ভাৱস্থাৰ শেষৰ ৩ মাহ যথেষ্ট সাৱধান হোৱা উচিত কিয়নো এই সময়ত ভ্ৰূণৰ বৃদ্ধি বিকাশ হয়। তলত গৰ্ভাৱস্থাত যোগান ধৰা খাদ্যৰ তালিকা দিয়া হ’ল –
সেউজীয়া খাদ্য ১৫-২০ কেজি
শুকান খাদ্য ৪-৫ কেজি
তেল জাতীয় খাদ্য ১ কেজি
নিমখ ৩০ গ্ৰাম
খনিজ বস্তু ৫০ গ্ৰাম
গৰু মহ বহু ৰোগত আক্ৰান্ত হয়। ৰোগত মৃত্যু হোৱাৰ উপৰিও আক্ৰান্ত প্ৰাণীবোৰৰ গাখীৰৰ উৎপাদন কমি যায়। গৰু মহৰ দেহত কিছুমান অন্ত:পৰজীৱী আৰু বহি:পৰজীৱী প্ৰাণী থাকে।
বহি:পৰজীৱী বোৰ ছালত লাগি থাকে আৰু ছালৰ ৰোগৰ সৃষ্টি কৰি থাকে। অন্ত:পৰজীৱী যেনে, বিভিন্ন ধৰণৰ পেলুয়ে পাকস্থলী আৰু অন্ত্ৰত আক্ৰমণ কৰে আৰু কৃমি জাতীয় পৰজীৱীয়ে যকৃৎ ধ্বংস কৰে। ভাইৰাছ আৰু বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগৰ পৰা নিৰাময় পাবলৈ গৰু মহৰ পামত টীকাকৰণ কৰা হয়।
গো-পালনৰ ক্ষেত্ৰত সুবিধা যেনেকৈ আছে ঠিক তেনেধৰণেৰেই আছে বিভিন্ন সমস্যা। দুটা মুখ্য সমস্যাই মূলত: পশুপালকসকলে অনুভৱ কৰে। প্রথম মৃত্যু সমস্যাটো হ’ল পশুপালন আৰু পশু চিকিৎসা বিভাগৰ নিস্ক্রিয়তা। পশুধনৰ বিকাশ আৰু পশুভিত্তিক উৎপাদিত সামগ্ৰীৰ বিপণন আদিৰ দিশত পশুপালন আৰু পশু চিকিৎসা বিভাগটোত বিশেষ নিবিড় আৰু নিৰৱচিছন্ন কাৰ্যসূচী থকা উচিত। আনটো সমস্যা হ’ল সুষম খাদ্যৰ অভাৱ আৰু খাদ্যৰ উৰ্ধ্বমুখী দাম। ধানৰ বাহিৰে আন শস্যৰ উৎপাদন থকা উচিত আৰু ঘাঁহ খেতি কৰাৰ বাবেও আন আঁচনি থকাৰ দৰকাৰ। বহুবর্ষী ঘাঁহ যেনে চেটেৰীয়া, গিনি, নেপিয়াৰ, কংগ’ছিগনেল আদি জাতৰ ঘাঁহৰ খেতিৰ জৰিয়তে গো-খাদ্যৰ আংশিক প্রয়োজনীয়তা পূৰণ কৰিব পাৰি। খৰালিৰ সময়ৰ বাবে ঋতুকালীন ঘাঁহ খেতিত মনোযোগ দিব লগে। বিশেষকৈ ওট, ৰাইচ বিন, মাকৈ, লুচার্ন আদি উচ্চ খাদ্যগুণ সম্পন্ন ঋতুকালীন ঘাঁহবোৰে গাইবোৰৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে নিয়মীয়াকৈ এনে ঘাঁহ খুউৱাৰ ফলত পশুধনৰ ৰোগ প্রতিৰোধ ক্ষমতাও বৃদ্ধি পায়।
ভাৰতত জীৱ জন্তুৰ পৰিপালন কৰা আৰু সঠিক স্বাস্থ্যৰ যত্ন লোৱাসকলেহে পশুপালনৰ দিশত সাফল্য অৰ্জন কৰিব পাৰে । জীৱ জন্তুৰ স্বাস্থ্যৰ যত্ন লোৱা, সঠিক ভাবে পুষ্টিকৰ খাদ্য যোগান ধৰা আদি কামবোৰ কৰিলেহে পশুপালনত উন্নতি সাধিব পাৰি। চৰকাৰে পশুপালনৰ উন্নতিৰ হকে বহুতো সংস্থা গঠন কৰিছে। এই সংস্থাবোৰে পশু ধনৰ কাম কাজ, পুষ্টিৰ যতন লোৱাকে আদি কৰি পশুৰ বিকাশ ঘটাব পৰা আন বহুতো দিশেই সামৰি লয়। আকৌ সংস্থাবোৰে খেতিয়কসকলৰ দৈনন্দিন পশুপালনৰ ব্যৱসায়তো সহায় কৰে।