written by | October 11, 2021

কিতাপৰ দোকানৰ ব্যৱসায়।

×

Table of Content


কেনেদৰে কিতাপ দোকানৰ ব্যৱসায় আৰম্ভ কৰিব 

বৰ্তমান সময়ত নিশ্চয় এ কিতাপ আগৰ নিচিনা জনপ্ৰিয় নহয় ,কিন্তু তথাপিও নিজৰ দৃঢ় বিশ্বাস আৰু এটা উপয্যক্ট স্থান চিনাক্ত কৰি এই ব্যৱসায়ত লাভাম্বিত হোৱা ৰ আশা বহুত বেছি পৰিমানে আছে ।  কিতাপৰ দোকান এখন দিবলৈ হলে বেশেষ ধৰণৰ কিছুমান কথাৰ ওপৰত গুৰুত্ব দিব লাগে । যেনে উপয্যক্ট স্থানৰ চিনাক্ত কৰা। এটা উপয্যক্ট স্থান চিনাক্ত কৰি সফল হোৱাৰ পৰিমাণ১০০% নহলেও ,কিন্তু এটা অনুচিত স্থান চিনাক্ত কৰিলে তাৰ পৰা বিফলতা পোৱাৰ আশা১০০% বুলি কব পাৰি । স্থান চিনাক্ত কৰিলে এনে এটা অৱস্থান  বিচাৰিব লাগে যিটো অধিক পৰিমানে সহজে  দৃশ্বমান হোৱাৰ লগতে আপোনাৰ বাজেটৰ ভিতৰত উপয্যক্ট হয়। 

ভাৰতৰ সৰু বৰ সকলো ঠাইতে সৰু ডাঙৰ কিতাপৰ দোকান দেখিবলৈ পোৱা যায় । বৰ্তমান সময়ত যদিও আধুনিক ধৰণে ইণ্টাৰনেট আদিৰ জৰিয়তে মানুহে কিতাপ পঢ়ে , তথাপিও বৰ্তমান ও এনে বহুত মানুহ আছে যিয়ে চপা কিতাপ পঢ়ি যথেস্ট পৰিমানে ভাল পায় ।  বিভিন্ন ধৰণেৰে আপুনি কিতাপৰ দোকান আৰম্ভ কৰিব পাৰে, ইয়াৰ বাবে যাদেষ্টা পৰিমানে মূলধনৰ প্ৰয়োইজন নহয় ।  যদি আপুনি কিতাপ পঢ়ি ভাল পাই আৰু লগতে আপুনি এক নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেনেহলে কিতাপৰ দোকান আপোনাৰ বাবে উপয্যক্ট ক্ষেত্ৰ । 

আপুনি প্ৰথমে আপোনাৰ দোকানৰ বাবে উপয্যক্ট স্থান নিৰ্ধাৰণ কৰাৰ আগতে বিশেষ কিছুমান কথাৰ ওপৰত গুৰুত্ব দিব লাগে যেনে  আপোনাৰ অঞ্চল তোত আপোনাৰ প্ৰতিযোগী কিমান আছে ,যিমান কম আপোনাৰ প্ৰতিযোগী হব সিমান বেছি আপোনাৰ ব্যৱসায় ভাল হব আপোনাৰ কিতাপৰ দোকানৰ বাবে এক এপযুক্ত ঠাই ভাড়া লোৱা পাৰে , ইয়াৰ মূল্য হয়তো ৫০০০ ৰ পৰা ৫০০০০ হাজাৰ পৰ্যন্ত ঠাই সাপেক্ষ ভিন ভিন হব পাৰে ।  এই ভাড়া আপোনাৰ দোকানৰ আকাৰ ওপৰত ও নিৰ্ভৰ কৰে ।  দোকান দিয়াৰ বাবে পৰিজনীয়া অনুমোদন পত্ৰ  সংগ্ৰহ কৰিব লাগে ।  কিতাপৰ দোকান খোলাৰ আগতে এনে বহু ধৰনৰ  নীতি নিয়ম আছে যিবোৰ কৰিলে হে আপোনাৰ দোকানখন আনুষ্ঠানিক ভাৱে নামান্তৰিত হব । গতিকে তাৰ বাবে দৰকাৰী অনুমোদন লাভ কৰাত অতি গুৰুত্বপূৰ্ণ । যাতে পিছলৈ কোনোধৰণৰ সমস্যাৰ সন্মূখীন হব লগা নহয় । 

আপুনি দোকান খোলৰ আগতে কোনটো শ্ৰেণীৰ মানুহক অধিক পৰিমানে আপোনাৰ ব্যাসায়ৰ লক্ষ্য কৰিব বিচাৰে তাক নিশ্চিত কৰি লব লাগে , উধাৰণ স্বৰূপে আপুনিও  শিক্ষাৰ ক্ষেত্ৰত জড়িত অৰ্থাৎ  বিদ্যালয় আদিত দৰকাৰ হোৱা কিতাপ , নাইবা শিশু কেন্দ্ৰিক কিতাপ আদি ।   যদিহে আপুনি অনলাইন ভাৱে গ্ৰাহক আপোনাৰ দোকানলৈ আনিব বিচাৰে তেনেহোলি কিছুমান বেশেষ শ্ৰেণীৰ কিতাপ যেনে ধাৰ্মিক কিতাপ , ক্ৰীড়া কেন্দ্ৰিক কিতাপ , পুৰণি কিতাপ আদিৰ বেকৰী কৰিব পাৰে । ইয়াৰ লগতে আপোনাৰ কিতাপৰ দোকানত অহা গ্ৰাহক সমূহে কেনে ধৰণৰ কিতাপ অধিক পৰিমানে বিচাৰি আহে তাৰ ওপৰত ভিত্তি কৰিয়েও কিতপ আপোনাৰ দোকানত সন্নিবিষ্ট কৰিব লাগে ।উধাৰণস্বৰূপে যদি আপোনাৰ কিতাপ ৰ দোকান এনে এটা অঞ্চল ত আছে যত অধিক পৰিমানে নুতুন পৰিয়াল আছে তেনেহলে শিশু কেন্দ্ৰিক কিতাপ ৰাখিব পাৰে । এনেবোৰ কথাত গুৰুত্ব দি অধিক ভাল ফল পাব । 

আপুনি যদি আৰম্ভনিতে অতি কম মূলধন ব্যৱহাৰ কৰি আগবাঢ়িব বিচাৰে তেনেহলে অনলাইন কিতাপৰ ব্যৱসায় এক উপয্যক্ট ক্ষেত্ৰ।  বৰ্তমান সময় হৈছে এনে এক বিশেষ সময় যত অনলাইন ব্যৱসায় বেশেষ বজাৰ সংগ্ৰহ কৰিছে। গতিকে এনে সময়ত অনলাইন ব্যৱসায় আৰম্ভ কৰাৰ আগতে বেশেষ কেছুমান কথাৰ ওপৰত ভিত্তি কৰি নিজৰ ব্যৱসায় আৰম্ভ কৰিব লাগে । উদাহৰণ স্বৰূপে বজাৰত বৰ্তমান কোনটো বস্তু বেছি চলি আছে তাক নেভাবি কোনটো বস্তুৰ বেছি প্ৰয়োইজন সেইটো ভাবিলেই বেছি প্ৰভাৱিত হোৱাৰ আশা থাকে । যেতিয়া আপুনি অনলাইন কিতাপৰ  ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তাৰ বাবে আপোনাৰ ৱেবছাইট তো বেশেষ ভূমিকা গ্ৰহণ কৰে। যিহেতু এইটো অনলাইন ব্যৱসায় সেয়ে ৱেবচাঈদ টো সাধাৰণ হব লাগে যাতে সহজে ব্যৱহাৰ কৰিব পৰা যায় আৰু অলাগতিয়াল সময় নষ্ট নহয় ।  এনেদৰে ই মাৰ্কেটত কিতাপ বেকিবলৈ অতিকম খৰচ হব , আৰু লাহে লাহে ইয়াৰ পৰা আপুনি নিজৰ কিতাপৰ দোকান খুলা দিশে আগবাঢ়িব পাৰে । 

আপোণৰ দোকান খন যদি হে অধিক পৰিপাটি কৈ ৰাখে তেনেহলে অধিক ভাল ফল পাব । দোকানত প্ৰতিটো শ্ৰেণীৰ কিতাপ ৰাখিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ আচবাব হোৱাটো দৰকাৰী । আচবাব বোৰত ভিন ভিন শ্ৰেণীৰ কিতাপ বোৰ পৃথক পৃথক ভাবে ৰাখিব লাগে । উধাৰণ স্বৰূপে শিশুৰ কিতাপ বোৰ বেলেগ ভাৱে , কাল্পনিক কিতাপ বোৰ বেলেগ ভাবে, ভূতিয়া কাহিনীৰ কিতাপ বোৰ বেলেগ ভাৱে , ৰোমান্টিক তাৰ কিতাপ বোৰ পৃথক ভাবে । ইয়াৰ লগতে প্ৰত্যেক তো শ্ৰেণী আকৌ বৰ্ণৰ লগত সংগতি লগাই সজাই ৰাখিব লাগে। এনেডৰে কৰিলে গ্ৰাহকে অতি সাহজ ভাবে লাগতিয়াল কিতাপ বোৰ বিচাৰি পাব । 

ইয়াৰ লগতে এক সফল ব্যৱসায়ী হবলৈ হলে সামাজিক ভাল সম্পৰ্ক বজাই ৰখাটো অতি প্ৰয়োজন । আপুনি আপোনাৰ কিতাপ দোকানৰ ভাল নাম এটা কৰিবলৈ হলে বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিব পাৰে যাৰ জৰিয়তে ই অধিক জনপ্ৰিয় হয় । এনেদৰে আপোনৰ ব্যৱসায় অনলাইন হওক বা নহওক দুটা ক্ষেত্ৰত এ আপুনি লাভাম্বিত হব পাৰিব ।  উধাৰণ স্বৰূপে আপুনি সাপ্তাহিক ভাবে শিশুৰ বাবে কাহিনী পঢ়া তথা দাৰিদ্ৰ শ্ৰেণীৰ মনুহক কিতাপৰ যোগান ধৰা , আৰু সুৰক্ষা বাহিনীৰ লগত জড়িত মানুহৰ পৰিয়ালক বিষশ ৰেহাই দিয়া । এনে ধৰণৰ কাম কৰিব পাৰে । 

ইয়াৰ উপৰি আপুনি এনে অনুষ্ঠান কৰিব পাৰে যত গ্রহকে নিজৰ পুৰণা কিতাপ বোৰ বেকৰী কৰিব পাৰে  তেনেদৰে কৰি আপুনি আপোনাৰ কিতাপৰ দোকানত কিতাপৰ সংযোজন বঢ়াব পাৰে , আৰু লগতে এনে বহুত মানুহ আছে যিবোৰ পুৰনি হোৱা কিতাপ কম মূল্যত কেনিব বিচাৰে । এনেদৰে কৰি আপুনিও আপোণৰ গ্ৰাহকৰ সংখ্যা অধিক বৃদ্ধি কৰিব পাৰিব ।

ইয়াৰ উপৰিও আপুনি বিশেষ কিছুমান কাৰ্যৰ দ্বাৰা অধিক মানুহ আকৰ্ষণ কৰিব পাৰে , উধাৰণ স্বৰূপে আপুনি যদি কিতাপৰ দোকানত চাহ, কফি আদিৰ যোগান ধৰিব পাৰে তেনেহলে নিশ্চয় অ অধিক গ্ৰাহক আপোনাৰ দোকানলৈ আহিব । মানুহে কিতাপ পঢ়িব পৰা ব্যৱস্থা কৰি দিব পাৰে, যত মানুহে কিতাপ কিনাৰ আগত কিতাপ খন ভালদৰে চাই লব পাৰে ।তাৰ বাবে আপোনাৰ দোকানত বহিব পৰাকৈ উপয্যক্ট জিৰণি লব পৰা আচবাব ৰ দৰকাৰ হব।তেনে কৰিলে গ্ৰাহকৰ লগত অহা মানুহে তেনেদৰে বিৰতি লৈ আসন গ্ৰহণ কৰিব পাৰিলে নিশ্চয় সুখী হব । 

কিতাপ দোকান শুলাৰ আগতে আপুনি যিমান পাৰে আপোনাৰ দোকানৰ প্ৰচাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ । অধিক পৰিমানে প্ৰচাৰ কৰিলে হে অধিক মানুহ আপোনাৰ কিতাপৰ দোকানৰ প্ৰতি অৱগত হব , আৰু তেনেডৰে আপোনাৰ দোকানৰ গ্ৰাহক ও বৃদ্ধি পাব । স্থানীয় বাতৰি কাকত তথা টিভি আদিৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰ কৰিব পাৰে । এনেডৰে সাহযে অধিক মানুহৰ মাজত  আপুনি কিতাপৰ দোকানৰ প্ৰচাৰ কৰিব পাৰিব। এইবোৰ কথাৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ ব্যৱসায় কৰিলে লাভাম্বিত হোৱাৰ আশা দেখা যায় । 

 

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।