written by | October 11, 2021

বেকাৰী ব্যৱসায়

×

Table of Content


     ভাৰতবৰ্ষত বেকাৰী ব্যৱসায় কেনেদৰে আৰম্ভ কৰিব

 

বেকাৰী বুলিলেই চকুৰ আগত ভাঁহি উঠে নানান ধৰণৰ বিস্কুত,ব্ৰেদ,সুস্বাদু পেষ্ট্ৰী আৰু কেক ইত্যাদি। আমাৰ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংগ হ’ল এই বেকাৰীৰ বস্তু। লাগিলে ৰাতিপুৱা ঘৰৰ ওচৰৰ দোকানৰ পৰাই ব্ৰেড এটা ব্ৰেকফাষ্টৰ কাৰণে কিনি অনাই হ’ওক বা গধুলি অফিচৰ পৰা আহোতে লগত বজাৰ কৰি অনাই হওক।বেকাৰীৰ বস্তু এনেকুৱা এবিধ লোভজনক সামগ্ৰী যিটো প্ৰতিটো বয়সৰ মানুহৰ মাজতে প্ৰিয়। সৰু লৰা -ছোৱালীৰ মাজত যেআেকৈ কেক আৰু পেষ্ট্ৰী বেছি জনপ্ৰিয় ঠিক তেনেদৰে ডাঙৰ মানুহৰ মাজত ব্ৰেড আৰু বিস্কুত জনপ্ৰিয়।এই বেকাৰী ব্যৱসায়টো আমাৰ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। বেকাৰী দোকান এখনৰ আগেৰে পাৰ হৈ আহোতে তাৰ পৰা কিবা এটা কিনা ননাকৈ থকা মানুহ খুব কমেইহে ওলাব।বিগত কেইটামান বছৰ ধৰি আমাৰ মাজত বেকাৰী সামগ্ৰীৰ প্ৰয়োজন তাৎপৰ্য্যপূৰ্ণভাৱে বৃদ্ধি পাইছে।এটি সমীক্ষামতে ভাৰতত  বেকাৰী ব্যৱসায়ে ২০১৯ চনত ৮ বিলিয়ন টকাৰ ব্যৱসায় কৰিছে। আচৰিত হলেও  এইয়া সচা আৰু এই পৰিসংখ্যা দেখি আমি কব পাৰো যে বেকাৰী ব্যৱসায় এটা অতি লাভজনক আৰু লোভনীয় ব্যৱসায়।

 

বেকাৰী দোকান এখন খুলিবলৈ হলে মূলধনৰ লগতে এটা ভাল ঠাইৰো প্ৰয়োজন যাতে মানুহে অহা-যোৱা কৰোতে সঘনাই চকুত পৰে। যিহেতু বেকাৰীৰ ব্যৱসায়ত মূলধন যথেষ্টখিনি বিনিয়োগ হৈ থাকে সেইকাৰণে তাত বিক্ৰীৰ দিশটোও মন কৰিব লগীয়া। বেকাৰী ব্যৱসায়ৰ লগত কেচামাল কিনাৰ পৰা আৰম্ভ কৰি বিশেষভাৱে তৈয়াৰী পাকঘৰৰ সেইবোৰ সংৰক্ষণ কৰালৈ বহুখিনি অন্তৰ্নিহিত খৰচ লুকাই থাকে। আৰু বেকাৰী ব্যৱসায়ৰ বস্তুবোৰ বেছিদিনলৈ ৰাখি থব নোৱাৰি গুণগত মানদণ্ডৰ বাবে। গতিকে বেক কৰা আৰু বিক্ৰী কৰা দুয়োটাই পৰস্পৰ নিৰ্ভৰশীল। ভাৰতবৰ্ষত বেকাৰী ব্যৱসায়ৰ বাবে ভাল দোকাআ এখন খুলিবলৈ প্ৰায় ১০ লাখৰ ওপৰত মূলধনৰ প্ৰয়োজন হয়। গতিকে সুপৰিকল্পনাৰে এই ব্যৱসায়ৰ কামত আগবাঢ়িব লাগে। সমগ্ৰ পৰিকল্পনাটোৰ সাৰাংশ যদি আমি চাও তেনেহলে বেকাৰী ব্যৱসায়ৰ এটি লক্ষ্য আৰু উদ্দেশ্য থকাটো উচিত। 

 

ভাৰতৰ বিভিন্ন ঠাই বিভিন্ন ধৰণৰ মিঠাইৰ বাবে বিখ্যাত। প্ৰতিখন ঠাইৰে এটি সুকীয়া পৰিচয় আছে। সেই মিঠাইৰ নাম আৰু সুবাগে তালৈ টানি লৈ যায় গ্ৰাহকক। বেকাৰী দোকানৰ ব্যৱসায়ৰ লগত জড়িত ব্যৱসায়ীয়ে সদায় সেই গুণাগুণ অটুট ৰখাৰ চেষ্টা কৰে যাতে গ্ৰাহকৰ পৰা কোনোধৰণৰ অভিযোগ নাহে।গ্ৰাহকৰ লগত সু সম্পৰ্ক ৰক্ষা কৰি চলাটো ব্যৱসায়ৰ এটি মূলমন্ত্ৰ। এতিয়া আমি চাম যে বেকাৰী ব্যৱসায় ভাৰতবৰ্ষত আৰম্ভ কেনেকৈ কৰিব পাৰি। যিকোনো ব্যৱসায় আৰম্ভ কৰোতে সেই বিষয়ত প্ৰাথমিক জ্ঞান থকাটো নিতান্তই প্ৰয়োজন। যিসকল ব্যক্তি কুকিং, বেকিং আদিৰ লগত জড়িত তেওঁলোকৰ কাৰণে বেকাৰী ব্যৱসায় আৰম্ভ কৰিবলৈ তুলনামূলকভাৱে আনতকৈ সহজ। কিন্তু তাৰ অৰ্থ এইটো নহয় যে আনে নোৱাৰে। নিশ্চয়কৈ পাৰে কাৰণ ইচ্ছা আৰু সাহস থাকিলে সকলোখিনি কৰিব পাৰি। কলিকতা ৰসগোল্লাৰ কাৰণে বিখ্যাত। তাৰ মানুহে বেকাৰী ব্যৱসায়ত ৰসগোল্লাৰ উৎপাদন আৰম্ভ কৰিলে অভিজ্ঞ লোকৰ দ্বাৰা বনোৱাও হব আৰু সোৱাদও অক্ষুণ্ণ থাকিব। 

 

স্থান নিৰ্বাচন কৰি বেকাৰী দোকানৰ ব্যৱসায়ৰ কাম  আৰম্ভ কৰাৰ লগে লগে আহিল লাইচেঞ্চৰ কাম। যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ আগতে অনুমতি পত্ৰ আৰু পঞ্জীয়নৰ সকলো নথি -পত্ৰ ঠিকে-ঠাকে থকাটো অতি জৰুৰী। পঞ্জীয়ন কৰিবলৈ এক ফীজ প্ৰদান কৰিব লাগে আৰু তাৰ পিছত পঞ্জীয়ন অফিচে ব্যৱসায়ক অনুমতি প্ৰদান কৰা কাগজ হস্তান্তৰ কৰে।বেকাৰী ব্যৱসায়ত বিভিন্ন ধৰণৰ লাইচেঞ্চৰ প্ৰয়োজন হয় । ফুড লাইচেঞ্চ, এয়া অনলাইনো আবেদন কৰিব পাৰি আৰু নানান এজেঞ্চিৰ জৰিয়তেও পাৰি। জি এচ টি লাইচেঞ্চ, এইখন যিকোনো এজন অভিজ্ঞ চাৰ্টাৰ্ড একাউণ্টেটৰ জৰিয়তে আবেদন কৰি উলিয়াব পাৰি। স্বাস্থ্য সম্পৰ্কীয় লাইচেঞ্চ, পৌৰনিগমৰ অফিচৰ এইখন লাইচেঞ্চ পাব পাৰি। অগ্নি সুৰক্ষা লাইচেঞ্চ, অগ্নিনিৰ্বাপণ চিলিণ্ডাৰ বহোৱাৰ লগে লগে এই লাইচেঞ্চখনো উলিয়াই লব লাগে।

 

এইখিনিৰ পিছত প্ৰয়োজন হয় কাম কৰা মানুহ অৰ্থাৎ ষ্টাফৰ নিয়োগকৰণ। কেক বেকিং কৰাৰ কাৰণে অভিজ্ঞ ডিগ্ৰীধাৰী লোকৰ প্ৰয়োজন হ’ব। কোনো কাৰণতে যেন গুণাগত মানদণ্ডৰ লগত বুজাবুজি কৰা নহয় তাৰ বাবে অভিজ্ঞতাৰ যথেষ্ট প্ৰয়োজন। বেকাৰী দোকানৰ বস্তুবোৰ কেনেকৈ সংৰক্ষণ কৰি ৰাখিব পাৰি তাৰো জ্ঞান থাকিব লাগে নহলে সোনকালেই বস্তু বেয়া হোৱাৰ সম্ভাৱনা থাকে।লগতে কিমান তাপমাত্ৰাত কোনটো বস্তু ৰাখিলে ভালে থাকিব সেইবোৰ জনাটো অতি দৰকাৰী। কেকৰ কাৰণে বেলেগ উষ্ণতা,বিস্কুতৰ কাৰণে বেলেগ উষ্ণতাৰ প্ৰয়োজন। খাদ্যৰ সোৱাদ আৰু মাত্ৰা নিৰূপণৰ কাৰণেও বেকাৰী দোকান ব্যৱসায়ত মানুহৰ প্ৰয়োজন। বেকাৰী দোকান ব্যৱসায়ত অকল বনোৱাত গুৰুত্ব দিলেই নহব,প্ৰেজেনটেচন অৰ্থাৎ পৰিবেশনৰো যথেষ্ট গুৰুত্ব আছে। নুন্যতম  ১০- ১৫ মানুহ এখন বেকাৰী চলাবলৈ প্ৰয়োজন হয়। বেকাৰী দোকান ব্যৱসায়ৰ বাবে নানান ধৰণৰ সজুলি আৰু মেচিনাৰীৰ আৱশ্যক হয়। গেছ চিলিণ্ডাৰ,ডীপ ফ্ৰীজ, অভেন, মিক্সাৰ গ্ৰাইণ্ডাৰৰ পৰা আৰম্ভ কৰি নানান বাচন-বৰ্তন,সজোৱা সামগ্ৰী ইত্যাদিৰ অত্যাৱশ্যকীয় সামগ্ৰী।মনত ৰাখিব যে সুন্দৰ পৰিবেশত সুন্দৰকৈ সজোৱা বস্তুৱে গ্ৰাহকৰ মনত এক ধনাত্মক প্ৰভাৱ পেলায়। চাফ-চিকুণতা, স্বচ্ছতাই সকলোৰে মনত এক ভাল ভাৱৰ উদয় কৰে।

 

বেকাৰী দোকানৰ ব্যৱসায়ৰ লগত আজিকালি বহু ব্যক্তি জড়িত হৈ পৰিছে। বিশেষকৈ মহিলাসকলৰ মাজত কুকিং আৰু বেকাৰীৰ কামৰ বাবে যথেষ্ট আগ্ৰহ দেখি যায়। নানান ৱেৱছাইত আৰু অনলাইনত দেখি হলেও প্ৰাথমিক জ্ঞানখিনি লৈ বেকাৰী ব্যৱসায়ত জড়িত হোৱা মানুহৰ সংখ্যা বাঢ়িছে। বেকাৰী দোকান সাধাৰণতে জনবসতিপূৰ্ণ অঞ্চলত খোলা হয় যাতে মানুহৰ  আহ-যাহৰ মাজত দোকানখন চকুত পৰে। ডেকোৰেচন আৰু ইণ্টেৰিয়ৰ ডিজাইনিংয়েও বাটৰুৱাক আকৰ্ষিত কৰে। আজিকালি প্ৰতিটো উৎসৱ-পাৰ্বণ বা যিকোনো শুভ মূহুৰ্তত কেকৰ প্ৰচলন আৰম্ভ হৈছে। সেই হিচাপত কেকৰ চাহিদাও বৃদ্ধি পাইছে।বেকাৰী দোকান ব্যৱসায়ত কেকৰ অৰিহণা অন্যতম। বহুতে আগতেই অৰ্ডাৰ দি সময়ত লৈ লয় আৰু আন বহুতে বেকাৰীতেই বনাই থোৱা কেক কিনে।

 

ভাৰতত বেকাৰী দোকানৰ ব্যৱসায় অকল দোকানতেই নহয় অনলাইন মাৰ্কেটৰো চাহিদা বহুত বেছি। কিছুমান বেকাৰীৰ দোকানৰ বিশেষত্ব আছে কিছুমান বিশেষ বস্তুৰ কাৰণে। যিবোৰ গ্ৰাহকে তালৈ গৈ বস্তু ক্ৰয় কৰিব নোৱাৰে তেওঁলোকে ইণ্টাৰনেট যোগে অনলাইন সেই বস্তুবোৰৰ কাৰণে অৰ্ডাৰ দিয়ে। ভাৰ্চুৱেল জগতৰ এইয়া এক বিশেষত্ব যে গ্ৰাহকে ঘৰত বহিয়েই যি সামগ্ৰী লাগে তাৰ কাৰণে অৰ্ডাৰ দি ডেলিভাৰীৰ পিছত অনলাইন পেমেণ্ট অথবা কেচ অন ডেলিভাৰী কৰে।বেকাৰী দোকান ব্যৱসায়ৰ যোগেদি ভাৰতবৰ্ষত বহুত সফল দোকানৰ নাম উল্লেখ কৰিব পাৰি।

 

কুকিং, বেকিং আদিৰ ব্যৱসায়বোৰ আগতে মানুহৰ ইমান দৃষ্টিগোচৰ হোৱা নাছিল যদিও বৰ্তমান সময়ৰ এইয়া এটি গ্লেমাৰাছ ব্যৱসায়।ভাৰতৰ বহুতো লোকে এই বৃত্তিৰ লগত জড়িত হৈ নিজৰ কৌশল দেশ-বিদেশত দেখুৱাবলৈ সক্ষম হৈছে। তেওলোকৰ হাতৰ কলা-কৌশল চাই বহুলোক বেকাৰী দোকান ব্যৱসায়ৰ প্ৰতি আকৰ্ষিত হৈছে আৰু স্বাৱলম্বী হোৱাৰ দিশত আগবাঢ়িছে।বহু এনেকুৱা বেকাৰীও আছেতযিয়ে উত্তৰাধিকাৰী সূত্ৰে তেওঁলোকৰ ব্যৱসায় চলাই গৈছে।এটি প্ৰজন্মৰ পিছত পৰৱৰ্তী প্ৰজন্মই সেই ব্যৱসায় আগুৱাই লৈ যোৱাত সহায় কৰিছে।ব্যৱসায় লাগিলে নতুনেই হওক বা পুৰণিয়েই হওক সেই ব্যৱসায়হে সফল হয় যত একাগ্ৰতা,নিষ্ঠা, সাহস আৰু কঠোৰ শ্ৰম জড়িত হৈ থাকে। গকলো ধৰণৰ চাফ-চিকুণতাৰ নিয়ম মানি চলি উৎকৃষ্ট মানদণ্ডৰ খাদ্যবস্তু গ্ৰাহকক যোগান ধৰা, গ্ৰাহকৰ লগত সু-সম্পৰ্ক ৰক্ষা কৰা আদিয়ে বেকাৰী দোকান ব্যৱসায়ক দীৰ্ঘদিনীয়া ব্যৱসায় হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে। বৰ্তমান সময়ত যুৱ প্ৰজন্মই চাকৰি নাপালেও স্বাধীনচিতিয়া ভাৱে নিজৰ ব্যৱসায় চলাই উপাৰ্জনৰ পথ মুকলি কৰি লৈছে। স্বাৱলম্বী ভাৰত তেতিয়াহে হব যেতিয়া প্ৰত্যেকেই আনৰ ওপৰত নিৰ্ভৰশীল নহৈ নিজা ব্যৱসায়েৰে প্ৰতিষ্ঠিত হব। বেকাৰী দোকান ব্যৱসায় ভাৰতৰ প্ৰতিষ্ঠিত ব্যৱসায়সমূহৰ ভিতৰত অন্যতম। নতুনকৈ এই ব্যৱসায় আৰম্ভ কৰিব বিচৰাসকলে এইখিনি নিয়ম মানি চলিলে নিশ্চয়কৈ সফল হব।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।