written by | October 11, 2021

বেটাৰী ব্যৱসায়

×

Table of Content


ভাৰতবৰ্ষত বেটাৰী ব্যৱসায় কিদৰে আৰম্ভ কৰিব

যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ আগতে মানুহে অলপ হলেও শংকিত হৈ থাকে যে তেওঁ কৰা ব্যৱসায়টো সফল হব নে নহব? কিন্তু বেটাৰীৰ বৱসায়টো এনে এক ধৰণৰ ব্যৱসায় যত শংকিত হোৱাৰ কোনো কাৰণ নাই। যদি সঠিকভাৱে আগবাঢ়ে আৰু নিজৰ লক্ষ্য স্থিৰ থাকে তেনেহলে বেটাৰীৰ ব্যৱসায়ত সফল হোৱাৰ পৰা আপোনাক কোনেও ৰখাব নোৱাৰে। উন্নয়নশীল দেশবোৰৰ ভিতৰত ভাৰতবৰ্ষই প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে আৰু এনেকুৱা ধৰণৰ ব্যৱসায়িক পৰিকল্পনাই ব্যৱসায়ীজনৰ লাভালাভৰ লগতে দেশৰ অৰ্থনীতিতো অৰিহণা যোগায়। এখন সবল অৰ্থনীতিৰ দেশে প্ৰতিজন নাগৰিকক স্বাৱলম্বী হোৱাত উৎসাহিত কৰে। এজন নতুন ব্যৱসায়ীয়ে হওক বা ডাঙৰ প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে হওক, বেটাৰীৰ ব্যৱসায় আৰম্ভ কৰি এজন ব্যৱসায়ীয়ে নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে। ভাৰতবৰ্ষত বেটাৰীৰ ব্যৱসায় আৰম্ভ কৰিবলৈ ইয়াত দিয়া নিয়মাৱলী পালন কৰিব পাৰে।

আৰম্ভণিৰ বিনিয়োগ

বেটাৰীৰ কাৰখানা আৰম্ভ কৰাৰ বাবে এক সুপৰিকল্পিত আচনি প্ৰথমে বনাই লব লাগিব। প্ৰতিটো বিভাগৰ কাম ভগাই দিয়া, সা-সজুলি স্থাপন কৰা,নতুন প্ৰযুক্তিৰ ব্যৱহাৰ, নিৰ্মাণৰ কাৰণে প্ৰয়োজন হোৱা বস্তু ইত্যাদিৰ কাৰণে যথেষ্ট ধন বিনিয়োগ কৰিব লগা হয়। প্ৰাৰম্ভিক অৱস্থাত এই প্ৰতিটো কামৰ কাৰণে কৰা খৰচ ভাবি-চিন্তি কৰিব লাগে আৰু এইবোৰৰ সঠিক তথ্য ৰাখি থোৱাতো প্ৰয়োজন।

কাৰখানা নিৰ্মাণৰ কাৰক

বেটাৰীৰ কাৰখানা নিৰ্মাণৰ সময়ত কিছুমান কাৰকৰ প্ৰতি ধ্যান দিব লগা হয় যাতে ভৱিষ্যতে আন কোনো অসুবিধা নহয়। পানীৰ নিৰন্তৰ ব্যৱস্থাপনা, যিকোনো ধৰণৰ মেচিন আৰু সা-সজুলি উঠোৱা-নমোৱা কৰিবলৈ ব্যৱহৃত হোৱা সজুলি, তাৰ লগত জড়িত থকা শ্ৰমিক আদি বেটাৰীৰ ব্যৱসায়ৰ কামৰ এক অভিন্ন অংগ।প্ৰতিটো কাৰকৰ ওপৰত সমানেই এই ব্যৱসায়টো নিৰ্ভৰশীল।

কৰ্মচাৰী নিয়োগ

অন্য ব্যৱসায়ৰ তুলনাত বেটাৰীৰ ব্যৱসায়ৰ লগত জড়িত লোকসকৰ অলপ কাৰিকৰী জ্ঞান থকাটো প্ৰয়োজন। বেটাৰীৰ গঠন,উপাদান,ব্যৱহাৰ আদিৰ বিষয়ে জনাটো দৰকাৰী । লগতে গ্ৰাহকৰ পচন্দৰ অনুযায়ী কিমান ৱাটৰ বেটাৰী লাগিব,বজাৰত কেনেধৰণৰ বেটাৰীৰ চাহিদা বেছি এইবোৰৰ বিষয়ে বেটাৰী ব্যৱসায়ৰ লগত জড়িত ব্যৱসায়ীয়ে গম ৰাখিব লাগিব। বজাৰৰ দাবীৰ লগত মিলাই যেতিয়া তেওলোকে উৎপাদনত গুৰুত্ব দিব তেতিয়া লাভ অৰ্জন কৰিব পাৰিব। 

প্ৰকাৰ

বজাৰৰ সমগ্ৰ ধাৰণাটোৱে প্ৰতিযোগিতাৰ ওপৰত নিৰ্ভৰ কৰি আছে। উৎপাদিত সামগ্ৰী অথবা কোম্পানীৰ প্ৰতিদ্বন্দী ধেৰ। গতিকে গুণাগত মানদণ্ডৰ পৰা তেওলোকৰ লগত ফেৰ মাৰি নিজৰ বেটাৰী ব্যৱসায়টো আগবঢ়াই নিয়াটোহে প্ৰকৃত ব্যৱসায়ীৰ লক্ষণ। বজাৰত বিভিন্ন ধৰণৰ বেটাৰী উপলদ্ধ। আপুনি কোনপ্ৰকাৰৰ বেটাৰীৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে সেইয়া আপুনি থিৰাং কৰি লব লাগিব।ৰিচাৰ্জেবল বেটাৰী নে ৰিইউজেবল বেটাৰীৰ ব্যৱসায় কৰিব সেইটো থিৰাং কৰাৰ পিছত চাব যে হিয়াৰিং এইডৰ বেটাৰী,মটৰগাড়ীৰ বেটাৰী,ঘড়ীৰ, মোবাইল ফোন নে লেপটপৰ বেটাৰীৰ ব্যৱসায় আপুনি কৰিব বিচাৰিছে? আপুনি এই বিষয়ত সিদ্ধান্ত লোৱাৰ লগে লগে পৰিকল্পনা কাৰ্যক্ষেত্ৰত ৰূপান্তৰ কৰাৰ সময় আহি পৰিব। ব্যৱসায় যি প্ৰকাৰৰেই নহওক কিয় ব্যৱসায়িক পৰিকল্পনাৰে সেই ব্যৱসায়ত সফল হোৱাৰ মানসেৰে আগবাঢ়িব লাগিব।

মূল্য নিৰ্ধাৰণ

মূল্য নিৰ্ধাৰণ কৰাৰ আগতে অলপ বজাৰৰ ওপৰত সূক্ষ্মভাৱে গৱেষণা কৰাৰ প্ৰয়োজন। কেচামালৰ পৰা আৰম্ভ কৰি উৎপাদনৰ প্ৰতিটো পৰ্যায়ত খৰচ হোৱা মূল্যৰ নিৰ্ধাৰণ কৰি চূড়ান্ত উৎপাদিত দ্ৰব্যৰ মূল্য নিৰ্ধাৰণ কৰা হয়। গুণাগুণৰ লগত কোনোধৰণৰ বুজাবুজি নকৰাকৈ এক উচিত মূল্যত বিক্ৰী কৰিব পৰাটোৱেই ব্যৱসায়ীৰ কৃতিত্ব।

দোকান খোলাৰ প্ৰস্তুতি

এটি সুন্দৰ আৰম্ভণিৰে দোকানখন খোলক।বেটাৰীৰ ব্যৱসায় লাগিলে অনলাইনে হওক অথবা অফলাইনে হওক এক বৃহৎ আড়ম্বৰেৰে খুলিলে গ্ৰাহকৰ চকুত সহজে পৰে। সমান্তৰালভাৱে ৱেবছাইট, ব্লগ, এডভাৰটাইজেৰে সকলো দিশতে আপোনাৰ ব্যৱসায়ৰ বিষয়ে যিমান পাৰে সিমান খবৰ আনক দিবলৈ চেষ্টা কৰক। আজিকালি গ্ৰাহকে বস্তু কিনাৰ আগতে অনলাইনত তাৰ বিষয়ে সকলো তথ্য আহৰণ কৰি চাই লয়। গতিকে ৱেবছাইট বা ব্লগত বিস্তৃত বিৱৰণ চাই গ্ৰাহকে আপোনাৰ দোকানলৈ নিশ্চয় আহিব।

স্থান নিৰ্বাচন

বেটাৰীৰ ব্যৱসায়ৰ বাবে স্থান নিৰ্বাচন কৰোতে সদায় ডাঙৰ পৰিসৰৰ ঠাই নিৰ্বাচন কৰিব যাতে পিছলৈ আৰু তাত নতুনত্ব যোগ কৰিব পৰা যায়। বস্তু জমা ৰখাৰ বাবে যথেষ্ট ঠাই,সম্প্ৰসাৰণৰ সুবিধা, ফাৰ্ণিচাৰ ৰখা ঠাই, মেচিনাৰী সা-সজুলি এইবোৰঐ কাৰণে পৃথকে ৰখাৰ ব্যৱস্থা থাকিব লাগে। লগতে গ্ৰাহকে চাব বিচাৰিলে বেটাৰীৰ পৰীক্ষা কৰিব পৰাকৈ সুবিধা থকাটো উচিত। গোদমঘৰটো আহল-বহল হব লাগে যাতে প্ৰতিটো বস্তু ভালদৰে থোৱাৰ লগতে সহজে হাত দিলেই পাব পাৰি।

পঞ্জীয়ন

যিকোনো ব্যৱসায়ৰ বাবে পঞ্জীয়ন কৰাটো জৰুৰী। লগতে গুদামঘৰত বস্তু তেনেদৰে ষ্টক কৰাৰ বাবে আগতীয়াকৈ অনুমতি পত্ৰ উলিওৱা দৰকাৰ। যিহেতু বেটাৰী ব্যৱসায়ৰ কেচামালত কিছুমান উদ্বায়ী পদাৰ্থ থাকে সেইকাৰণে তেনেকুৱা বস্তুবোৰৰ ক্ষেত্ৰত অধিক সাৱধানতা অৱলম্বন কৰা উচিত। সুৰক্ষাৰ দিশটোও মন কৰিবলগীয়া। বেটাৰী ব্যৱসায়ৰ লগত জড়িত বিভিন্ন পৰ্যায়ৰ ব্যক্তিৰ কৰ্মস্থানত সুৰক্ষাৰ দিশটোও মন কৰিবলগীয়া। দিনটোৰ বেছিভাগ সময় তেওলোকে ফেক্টৰীতেই থাকি কাম পৰিচালনা কৰিব লাগে লগতে বেটাৰীৰ টেকনিকেল পৰীক্ষাৰ লগত জড়িত হৈ সেইবোৰ পৰীক্ষা কৰা, গুণগত মানদণ্ডৰ প্ৰতি লক্ষ্য ৰাখা আদিত নিজকে নিয়োগ কৰি ৰাখিব লাগে। এইয়া কাম অতি সহজ নহয়। যান্ত্ৰিক বিজুতিৰো আশংকা থাকে। গতিকে সুৰক্ষাৰ দিশতো ভালদৰে চালি-জাৰি চাোৱা উচিত। ব্যৱসায়ী হিচাপে সফল হবলৈ হলে কৰ্মচাৰীৰ প্ৰতি লব লগা সাৱধানতা তেও পালন কৰিব লাগিব। বেটাৰীৰ ব্যৱসায়ৰ এক বৃহৎ বজাৰ দখল কৰিবলৈ প্ৰতিটো দিশ  বিবেচনা কৰি চাব লাগিব।

 ভাৰতত লিথিয়াম-আয়ন বেটাৰীৰ ব্যৱসায় এতিয়া অতি কম অৱস্থাতে আছে। কিন্তু আগন্তুক বৰ্ষবোৰত ভাৰতবৰ্ষত লিথিয়াম-আয়ন বেটাৰীৰ এখন সম্ভাৱনাপূৰ্ণ বজাৰ দখল কৰাৰ ক্ষমতা আছে।  কাৰণ এই বেটাৰীৰ প্ৰয়োগ বিভিন্ন ক্ষেত্ৰত কৰা হয় কাৰণ অতি সহজে লিথিয়াম-আয়ন বেটাৰীক ৰিচাৰ্জ কৰিব পাৰি। ভাৰতত বেটাৰী ব্যৱসায়ৰ এক উজ্জ্বল ভৱিষ্যত আছে।যদিও ক’ভিদ আৰু  লকডাউনৰ বাবে বহু ক্ষেত্ৰত বিক্ৰী আৰু উৎপাদনত প্ৰভাৱ পৰিছে,তথাপিও পুনৰ এবাৰ অভিযোজনেৰে এই ব্যৱসায়ক এক ন ৰূপত গ্ৰাহকৰ মাজত উলিয়াই আনি সমাদৰ লাভ কৰাৰ সম্ভাৱনা প্ৰচুৰ। যিমানেই এই সামগ্ৰীসমূহ বজাৰলৈ আহিব সিমানেই বেটাৰীৰ প্ৰয়োজনো সমানেই হব। 

বেটাৰীৰ ব্যৱসায়ে ভাৰতত এক বৃহৎ বজাৰ ইতিমধ্যে দখল কৰি আছেই মাত্ৰ প্ৰয়োজন অত্যাধুনিক প্ৰযুক্তি সহকাৰে লাভৰ আশাৰে এই ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটোৱা। গ্ৰাহকৰ প্ৰয়োজন আৰু বজাৰৰ শেহতীয়া ট্ৰেণ্ডৰ প্ৰতি লক্ষ্য ৰাখি বেটাৰীৰ ব্যৱসায়ীয়ে সেইমতে আগবাঢ়িব পাৰে। প্ৰতিটো ব্যৱসায়তে আৰম্ভণিত কিছু শংকা ঘাত-প্ৰতিঘাত থাকে। সময়ৰ লগে লগে নিজে সকলোখিনি কৰি বুজি লৈ অভিজ্ঞ হলে সেই ব্যৱসায়ত উন্নতি কৰিব পাৰি। লাহে লাহে ব্যৱসায়ত নতুন নতুন পৰিধি যোগ কৰক,ভাল গুণবিশিষ্ট সামগ্ৰীৰ যোগান ধৰক,বিক্ৰীৰ পিছৰ সেৱা সমূহৰ বাবে সদায় প্ৰস্তুত থাকক।

একেবাৰে শেষত মন কৰিবলগীয়া এটা গুৰুত্বপূৰ্ণ আৰু সবাতোকৈ জৰুৰী কথা হল গ্ৰাহকৰ মতামত। বাহ্যিক দৃষ্টিৰে চালে এইয়া অতি সৰু বিষয় কিন্তু এটি ব্যৱসায় দীৰ্ঘদিনীয়া হবলৈ হলে গ্ৰাহকৰ মতামতে বহুখিনি নিৰ্ভৰ কৰে। এজন গ্ৰাহকে আপোনাৰ বেটাৰীৰ ব্যৱসায়ৰ লগত জড়িত হৈ আপোনাৰ পৰা বেটাৰী ক্ৰয় কৰাৰ পিছত তেওঁ সেই সামগ্ৰীটো কেনেকুৱা পাইছে বা তাৰ পিছৰ সেৱাসমূহ কেনেকুৱা পাইছে সেই অভিজ্ঞতা তেও আনৰ আগত ব্যক্ত কৰে । সেই অভিজ্ঞতাই আপোনাৰ ব্যৱসায়ৰ নাম আৰু লাভ বঢ়োৱাত সহায় কৰিব। গ্ৰাহকৰ ভাল অভিজ্ঞতা সমূহ তেওলোকক লিখিব দি আপোনাৰ দোকানত সহজে আনে দেখা ঠাইত থব পাৰে।ইয়ে আপোনাৰ পুৰণি গ্ৰাহকৰ বাবে এক কৃতজ্ঞতাৰ চিন আৰু নতুন গ্ৰাহকৰ বাবে বিশ্বাসৰ ভেটি হব।ব্যৱসায়ী আৰু গ্ৰাহকৰ এই সম্পৰ্ক পৰস্পৰ নিৰ্ভৰশীল। গতিকে বেটাৰীৰ ব্যৱসায় আৰম্ভ কৰি আপুনিও লাভবান হওক আৰু নিজৰ লগতে আনকো স্বাৱলম্বিতাৰ পথ দেখাওক।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।