written by | October 11, 2021

সৰু কাঁফে

×

Table of Content


কেফে এখন কেনেদৰে আৰম্ভ কৰিব

ভাৰত এনে এখন দেশ য’ত বিভিন্ন ধৰণৰ  খাদ্য সামগ্ৰী আছে আৰু ইয়াত প্ৰায়সংখ্যকেই  খাদ্য ৰসিক।যাক অনুকৰণ কৰি বহু লোকে খাদ্য সামগ্ৰী প্ৰস্তুত কৰা ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে। সেয়ে আমাৰ দেশত এনে ব্যৱসায় এটা দ্ৰুত গতিত আগবাঢ়িছে। মানুহৰ ভাল ব্যঞ্জনৰ প্ৰতি ৰুচি বাঢ়িছে সেয়ে তেওঁ লোকে ইয়াৰ ওপৰত খৰচো কৰা হৈছে। এনেস্হলত বিনিয়োগকাৰী আকৰ্ষিত হৈছে।আমাৰ দেশখন উন্নয়নশীল দেশ।ক্ৰমান্বয়ে  দেশৰ চহৰ সমূহ উন্নতিৰ দিশলৈ গতি কৰিছে।বহু ধৰণৰ লোক দেশৰ ভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত কাম কৰি আছে। যিহেতু দেখা গৈছে চাকৰি নাইবা পঢ়া শুনা ৰ লগতে ভাত ৰান্ধি খোৱাটো সহজসাধ্য নহয়। প্ৰায়ভাগ মানুহে সেয়ে ৰেষ্টুৰেন্ট বা হোটেলৰ খাদ্য বিচাৰিব লগা হয়। যাৰ ফলত যথেষ্ট  টকা খৰছ কৰিব লগীয়া হয় আৰু পেটৰ বিভিন্ন স্বাস্থ্যজনিত  সমস্যাতো ভূগিব লগীয়া হয়। সেয়ে মানুহে  স্বাস্থ্যসন্মত আৰু ততালিকে বনাব পৰাকৈ মেগী জাতীয় খাদ্য সামগ্ৰী ক্ৰয় কৰিব আৰম্ভ কৰিলে।ভাৰতীয় যুৱ সমাজত কেফে বোৰৰ জনপ্ৰিয়তা বৃদ্ধিপাইছে । কেফে এনেধৰণৰ ৰেষ্ট’ৰা য’ত কফি বা চাহৰ পাতল খাদ্য আগবঢ়োৱা হয়। এইটো এটা ভাল ব্যবসায়।

পশ্চিমীয়া সংস্কৃতিয়ে বৰ্তমান আমাৰ দেশতো প্ৰভাৱ পেলাইছে।পশ্চিমীয়া দেশক অনুকৰণ কৰি আমাৰ দেশতো কফি ৰেষ্টুৰেন্টৰ ব্যৱসায় আমাৰ দেশত প্ৰচলিত হৈছে ।দেশত ডাঙৰ ডাঙৰ কফি বিপণী যেনে ‘কেফে কফি দে’, ‘ইন্দিয়ান কফি হাউছ’ ইত্যাদিৰ দৰে বৃহৎ ব্ৰেন্দ সমূহে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।এনে সময়ত এই ব্যৱসায় সাংঘাটিক ধৰণে আৰু অধিক গ্ৰাহক আকৰ্ষিত কৰিবৰ বাবে ভাল আৰু লাভজনক ব্যৱসায়ৰ ভিতৰত অন্যতম

জানো আহক এই ব্যৱসায় কেনেদৰে আৰম্ভণি কৰিব 

এটা সঠিক পৰিকল্পনা কৰক 

এটা উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ।এই ব্যৱসায়টো কেনেধৰণৰ হব জানি লোৱাটো উচিত। তদুপৰি ক্ষেত্ৰভিত্তিক অধ্যয়ন, ব্যৱসায়টোৰ যোগাত্মক দিশ, দুৰ্বলতা, সৃষ্টি হ’ব পৰা সুযোগ তথা ভাবুকি আদিৰ বিষয়ে সঠিকভাৱে জানি লোৱা উচিত। এই ব্যৱসায়টো আপোনাৰ বাবে নতুন,সেয়ে  বেয়া দিনৰ বাবেও সাজু থাকিব । সঠিক পৰিকল্পনা আৰু মাৰ্কেটিং কৰাৰ পাছতো কেতিয়াবা ব্যৱসায়ত উন্নতি নহয় তেতিয়া আপুনি ভালদৰে পৰ্যবেক্ষণ আৰু দৃঢ়প্ৰতিজ্ঞ হব। যিকোনো ব্যৱসায়ত ভাল বেয়া সকলো দিন আহে। আপুনি সংকল্প লৈ আগবাঢ়িব। যদিহে আপুনি এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এইটো এটা সঠিক সময়।

এডোখৰ ভাল ঠাই ক্ৰয় বা ভাৰালৈ লওক 

আপোনাৰ ব্যৱসায়ৰ  বাবে এডোখৰ ভাল ঠাই বাচনি কৰি লোৱাটো খুবেই জৰুৰী।  এই দিশটো মনত ৰাখিয়েই আপুনি আপোনাৰ ব্যৱসায়ৰ ঠাইডোখৰ নিৰ্বাচন কৰিব যাতে সেই ঠাইডোখৰত আপোনাৰ ব্যৱসায়েই আটাইতকৈ আকৰ্ষণীয় হয়। ঠাইডোখৰ  ভাড়ালৈ ও লব পাৰে বা ক্ৰয়ো কৰিব পাৰে  । য’ত  জন সমাগম বেছি আৰু ব্যস্ততাপূৰ্ণ এলেকাত হয়।  

লাইসেন্স আৰু অনুমতি পত্ৰ 

ইয়াৰ বাবে লাইচেঞ্চ লোৱাতো খুবেই জৰুৰী। এই ব্যৱসায় কৰিবলৈ চৰকাৰৰ পৰা বহু ধৰণৰ  অনুমতি লব লাগে। প্ৰথমে আপুনি অনুমতি লব লাগিব ঘৰৰ মালিকৰ পৰা(যদিহে ভাৰা) , জি এছ টি পঞ্জীকৰণ, এফ এছ এছ এ আই লাইসেন্স,অগ্নি বিভাগৰ লাইসেন্স,পৌৰ নিগমৰ পৰা স্বাস্থ্যৰ লাইসেন্স আৰু বহুতো। এইবোৰ লাভ কৰাৰ পাছতহে ব্যৱসায় আৰম্ভ কৰিব পাৰিব।

কৰ্মচাৰী নিয়োগ 

এনে কথা নহয় যে  ব্যৱসায়টো   কেৱল লাভৰ বাবে খুলিছে। এই ব্যৱসায়ৰ মাধ্যমেৰে আপুনি  আপোনাৰ ‘প্ৰেজেন্টেছন’  আৰু সৃষ্টিশীলতাক দেখুৱাৰ বাবে এখন মঞ্চ লাভ কৰিব । আপোনাৰ ব্যৱসায়ৰ বাবে চেফ আৰু বেকাৰ্চ নিয়োগ কৰিব যি অভিজ্ঞ আৰু এই বিষয়ত পাৰদৰ্শী হয়।এটা টিম লাগিব লাগিব  যিসকলে সুন্দৰভাৱে ততালিকে কাম সমূহ পৰিচালনা কৰিব।  ইয়াৰ লগে লগে সেৱা আগবঢ়োৱা,বিল বনোৱা, লোড কৰা কৰ্মচাৰী ও নিয়োগ কৰিব। যদিহে আপুনি ভাবে ভৱিষ্যতে  আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ ঘটাব তেন্তে কিছুমান বিশ্বাসী কৰ্মচাৰী য়ে আপোনাক সহায় কৰিব।বিশ্বাসী দল এটা গঠন কৰিব।

সৰঞ্জাম

এই ব্যৱসায় কৰিবৰ বাবে এটা ডাঙৰ পাকঘৰৰ প্ৰয়োজন হব।কেফে ব্যৱসায়টো ভালদৰে চলাবলৈ আপোনাক সা সৰঞ্জাম লাগিব। য’ত আপুনি খাদ্য ৰান্ধিব, জমা ৰাখিব, পৰিবেশন কৰিব আৰু ডেলিভাৰী কৰিব পাৰে। সেয়ে এখন তালিকা প্ৰস্তুত কৰিব। বাচন বৰ্তনৰো প্ৰয়োজন হব। ব্যৱসায় সম্প্ৰসাৰণৰ লগে লগে  হোৱাৰ লগে লগে ঠাই বঢ়াই নিব লাগিব আৰু বাচনৰ আকাৰো। অন্যথা অসুবিধাৰ সৃষ্টি কৰিব।

মেনু ( খাদ্য তালিকা)

আপোনাৰ ব্যৱসায়ৰ সম্প্ৰসাৰণৰ লগে লগে  গ্ৰাহকৰ চাহিদা বৃদ্ধি পাব।  গ্ৰাহকৰ সকলো ইচ্ছা পূৰ্ণ কৰাতো আপোনাৰ ব্যৱসায়ৰ বাবে সম্ভৱ নহয়। সেয়ে এখন তালিকা এমাহ বা এসপ্তাহৰ বাবে ঠিক কৰিব। মাজে সময়ে সলনি কৰি থাকিব ৰুচি  অনুযায়ী। কিন্তু পৰিকল্পনাটো ব্যৱসায়ৰ আৰম্ভ কৰাৰ পূৰ্বে কৰাতো খুবেই গুৰুত্বপূৰ্ণ। 

আপোনাৰ  গ্ৰাহকক বুজক 

সদায় গ্ৰাহকৰ প্ৰয়োজন টো বুজিবলৈ চেষ্টা কৰিব। তেওঁ লোকে কি ভাল পায়, কি বিচাৰে সেয়া ও জানিবলৈ চেষ্টা কৰিব। তাৰ বাবে উন্নত ষ্টক ৰাখিব।কেফে ব্যৱসায়ত মানুহবোৰে সদায়েই নতুনত্ব বিচাৰে। কম খৰচত তেওঁলোকৰ চাহিদা পূৰণ কৰিব পাৰে তেন্তে আপুনি এই ব্যৱসায়ৰ জৰিয়তে ভাল উপাৰ্জন কৰিব পাৰে। তেওঁ লোকৰ প্ৰতিক্ৰিয়া বোৰ জানিবলৈ চেষ্টা কৰিব।  মনত ৰাখিব যাতে সদায়  তেওঁ লোকে এটা নতুনত্ব অনুভৱ কৰিব পাৰে।অন্যথা আপুনি লাভৰ পৰা বঞ্চিত হব।

ই কমাৰ্চ আৰু ছচিয়েল মিডিয়া মাৰ্কেটিং 

আপোনাৰ উৎপাদিত সামগ্ৰীবোৰ অনলাইন যোগে বিক্ৰী কৰিবৰ বাবে ভাল এটা ৱেবছাইট বনাব। ছচিয়েল মিডিয়া ব্যৱহাৰ কৰক।বজাৰৰ ক্ষেত্ৰত  আজিকালি ই কৰ্মাচে সকলো সহজ কৰি তুলিছে। এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী।  আপোনাৰ ডেলিভাৰী এলেকাতো নিৰ্ধাৰণ কৰি লব।  আজিকালি ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলোৱা সহজ। আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী। গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ আদিকে ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলাওক। ৰেহাইৰ সুবিধা আগবঢ়াওক। লিফটলেট, পাম্পলেট আদি প্ৰচাৰ পত্ৰিকাৰে বজাৰ দখলৰ চেষ্টা চলাওক। পাৰিলে হোৱাটছ এপৰ জৰিয়তে গ্ৰাহকক ৰেহাই মূল্য ৰ বিষয়ে অৱগত কৰিব।সৰুকৈ ঠায়ে ঠায়ে হৰ্ডিং আৰু বেনাৰো লগাব।

আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। এই ব্যৱসায়টো আপোনাৰ বাবে নতুন,সেয়ে  বেয়া দিনৰ বাবেও সাজু থাকিব । সঠিক পৰিকল্পনা আৰু মাৰ্কেটিং কৰাৰ পাছতো কেতিয়াবা ব্যৱসায়ত উন্নতি নহয় তেতিয়া আপুনি ভালদৰে পৰ্যবেক্ষণ আৰু দৃঢ়প্ৰতিজ্ঞ হব। যিকোনো ব্যৱসায়ত ভাল বেয়া সকলো দিন আহে। আপুনি সংকল্প লৈ আগবাঢ়িব। যদিহে আপুনি এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এইটো এটা সঠিক সময়।

কেফে চাৰ্ভিচ ব্যৱসায়ত নামটোৱে খুউব প্ৰভাৱ পেলায়। আপোনাৰ সঠিক সময়ত লোৱা ভাল সিদ্ধান্তবোৰে গ্ৰাহকৰ মাজত এটা প্ৰভাৱ পেলাব আৰু ইয়াৰ দ্বাৰা আপোনাৰ ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটিব। মনত ৰাখিব ব্যৱসায়টো ভালদৰে, সুস্থ মানসিকতাৰে, এটা ভাল ব্যক্তিত্বৰে আগবঢ়াই নিব। 

–শুভকামনাৰে

 

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।