written by | October 11, 2021

গেলামাল দোকান

×

Table of Content


গেলামান দোকান অনলাইন প্ৰতিষ্ঠা কৰাৰ আগতে জানিব লগা কথা।

অনলাইন সুবিধাই আমাৰ জীৱনবোৰ সহজ কৰি  তুলিছে। ঘৰতে বহিয়েই যিকোনো বস্তুৰ অৰ্ডাৰ আমি কৰিব পাৰো আৰু সেই বস্তু আমি ঘৰতেই পাব পাৰো। ব্যস্ত জীৱনশৈলীৰ মাজত ৰাতিপুৱাৰ পৰা ৰাতিলৈ আমি ঘৰ আৰু অফিচৰ নানান কামৰ মাজত ব্যস্ত হৈ থাকোতে নিজৰ প্ৰয়োজনবোৰৰ কথা আমি পাহৰিয়ে যাও। আৰু যেতিয়ালৈ মনত পৰে তেতিয়া ভাগৰ-অৱসাদে আমাক আৱৰি ধৰে । আমাৰ দৈনন্দিন জীৱনত অনলাইন ষ্টোৰসমূহৰ অৱদানৰ কথা নুই কৰিব নোৱাৰি। আমাৰ প্ৰয়োজনৰ প্ৰতিটো সৰু সৰু বস্তুৰ পৰা আৰম্ভ কৰি প্ৰায় সকলোখিনি বস্তুয়েই আজিকালি অনলাইন মাৰ্কেটখনে গ্ৰাস কৰি লৈছে। মানুহৰ জীৱনবোৰ দিনে দিনে ব্যস্তু হৈ পৰিছে আৰু অলপ যদি আমি নিজক সময় দিব বিছাৰো তাৰ বাবে অনলাইন মাৰ্কেট শ্ৰেষ্ঠ। বৰ্তমানে আন আন সামগ্ৰীৰ লগতে অনলাইন গ্ৰোচাৰী দোকানেও সমানেই জনপ্ৰিয়তা অৰ্জন কৰিছে।এখন অনলাইন গ্ৰোচাৰী দোকান প্ৰতিষ্ঠা কৰাটো আজিকালি এটা নতুন ট্ৰেণ্ড লগতেতএটা চেলেঞ্জ ও। বৰ্তমান সময়ত বিশেষকৈ লকডাউনৰ সময়ছোৱাত যেতিয়া কোনো মানুহ  কতো ওলাই যাব পৰা নাছিল, সেইখিনি সময়ত বহুতো লোকে সামগ্ৰীৰ অনলাইন অৰ্ডাৰ আৰু ডেলীভাৰী দি মানুহক সহায় কৰিছিল। তাৰ বাহিৰেও আৰু বহুতো কাৰণ যেনে বয়সিয়াল লোকসকল যিয়ে বাহিৰত বেছিকৈ ওলাই গৈ বজাৰ কৰাটো  সম্ভৱ নহয় বা গৰ্ভৱতী মহিলা এইসকলৰ কাৰণে অনলাইন গ্ৰচাৰী দোকান অতি আৱশ্যকীয় বস্তু। কৰ্মব্যস্ততাৰ মাজত দিনটো অতিবাহিত কৰাৰ পিছত সন্ধিয়ালৈ ঘৰৰ বজাৰ পাহৰাটোও একো অস্বাভাৱিক নহয়। আৰু ভাগৰে জুৰুলা কৰা দিন এটাৰ পিছত বজাৰৰ মোনা কঢ়িয়াই ফুৰিবলৈ জানো  মন যায়?

গতিকে এনেকুৱা জীৱনশৈলীৰ প্ৰতি লক্ষ্য ৰাখি অনলাইন গ্ৰোচাৰী দোকান এখন প্ৰতিষ্ঠা কৰি স্বাৱলম্বী হোৱাৰ লগতে ডিজিটেল যুগত আৰু এখোজ আগবাঢ়ি যাব পাৰি। অনলাইন গ্ৰোচাৰী দোকান এখন প্ৰতিষ্ঠা কৰাৰ আগতে আপুনি চাই লব লাগিব যে কিমান পৰিসৰলৈকে আপোনাৰ বস্তু ডেলিভাৰী দিয়াৰ সুবিধা থাকিব আৰু কিমান ধৰণৰ বস্তু আপোনাৰ লগত মজুদ আছে। প্ৰথমে যদি সৰুকৈ এই অনলাইন ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে তেনেহ’লে আপোনাক প্ৰয়োজন হ’ব সৰু অফিচ এটা, এটা গুদাম ঘৰ য’ত আপুনি নিজৰ বস্তুবোৰ জমা কৰিব পাৰে,ডেলিভাৰী দিবলৈ কেইজনমান মানুহ যিয়ে বিভিন্ন ঠাইত অৰ্ডাৰসমূহ দিব যাব পাৰে। যদি আপোনাৰ গুদাম ঘৰত বস্তু আনি জমা কৰিবলৈ মূলধন নাই তেনেহ’লে ওচৰৰে চিনাকী কিছুমান দোকানৰ লগত মিলি এই কামটোত আগবাঢ়িব পাৰে। এইখিনি কাম কৰাৰ পিছৰ পৰ্য্যায়ত  অনলাইন গ্ৰোচাৰী দোকান খনৰ পঞ্জীয়ন কৰিব লাগে আৰু যাৱতীয় নিয়মাৱলী পালন কৰি যি যি কৰ দিব লাগে সেইখিনি পৰিশোধ কৰিব। ৱেৱছাইট ডিজাইন কৰোতে মনত ৰাখিব যাতে এপটো গ্ৰাহকৰ কাৰণে সহজ আৰু সুবিধাজনক হয়। ‘অপচন’বোৰ দিওতে মন কৰিব যে গ্ৰাহকে মনে বিচৰা ধৰণে হয়। বিভিন্ন গ্ৰাহকৰ বিভিন্ন ধৰণৰ প্ৰয়োজন আৰু দাবীও বেলেগ বেলেগ। গতিকে এই সূক্ষ্ম দিশসমূহৰ ওপৰত গুৰুত্ব দিয়া উচিত।  বহুতো গ্ৰাহকে নিজৰ অৰ্ডাৰৰ লগত বিশেষ কিছুমান মন্তব্য দি থয় যাতে সেই হিচাপে তেওঁলোকৰ তাত ডেলিভাৰী কৰোতে সেই নিয়মখিনি মানি চলে।

অনলাইন গ্ৰোচাৰী দোকানৰ ৱেৱছাইট আৰু মোবাইল এপ ডেভেলপ কৰা সময়ত তাত পেমেণ্ট কৰা নিয়মসমূহ অন্তৰ্ভূক্ত কৰিব। নানান ধৰণৰ নিৰাপদ অনলাইন পেমেণ্টৰ লগতে কেচ-অন-ডেলীভাৰীও সমানেই জনপ্ৰিয়। গতিকে মোবাইল এপ বনোৱাৰ সময়ত  অভিজ্ঞ ব্যক্তিৰ দ্বাৰা আটাইখিনি চালি জাৰি চাই এই অপচন সমূহ তাত সন্নিবিষ্ট কৰক। এটা ভাল, গ্ৰাহকৰ সুবিধাজনক আৰু নিৰাপদ এপত গ্ৰাহকে সম্পূৰ্ণৰূপে বিশ্বাস কৰিব পাৰে। এপটো ‘ইউজাৰ ফ্ৰেইণ্ডলি’ হোৱাৰ উপৰিত দেখাত আকৰ্ষণীয় আৰু তাত কিছুমান বিশেষ পইণ্ট দিব লাগে যাতে গ্ৰাহকে দেখাৰ লগে লগে  সেই এপটোৰ প্ৰতি আকৰ্ষিত হয়। গ্ৰাহকে অৰ্ডাৰ দিয়াৰ লগে লগে সেই এপটোত ৰেকৰ্ড হব আৰু গ্ৰাহকৰ ঘৰলৈ দূৰত্বটো গম পোৱা যাব। এতিয়া,সেইমতে প্ৰথম অৰ্ডাৰ দিয়া বস্তুখিনিৰ তালিকা  এখন বনাই সেই একেই দূৰত্বৰ বা ওচৰে-পাজৰে আৰু কিমান অৰ্ডাৰ আহিছে মিলাই লওক। প্ৰতিটো পেকেটৰ ওপৰত গ্ৰাহকৰ নাম বা কোড নম্বৰ ব্যৱহাৰ কৰক যাতে ডেলিভাৰী দিয়া সময়ত  কোনো খেলিমেলি নহয়।

অনলাইন গ্ৰোচাৰী দোকানৰ চাহিদা বৰ্তমান সকলোতে বাঢ়িছে। ঘৰত বহিয়েই যদি আঙুলিৰ টিপত নিজৰ মনপচন্দৰ বস্তু অৰ্ডাৰ কৰিব পাৰি আৰু এ টি এম গৈ পইচা উলিয়াই পেমেণ্ট কৰাতকৈ ঘৰতে নেট বেংকিং অথবা কাৰ্ড পেমেণ্ট যদি কৰিব পাৰি তেনেহলে বহুখিনি সময় ৰাহি হোৱাৰ লগতে কষ্টও লাঘৱ হয়। নেইলচনৰ এক সমীক্ষামতে ইউ এচ, জাপান,ইউ কে আদিৰ দৰে দেশসমূহত এক- চতুৰ্থাংশ গ্ৰাহকে অনলাইনত গ্ৰোচাৰী বজাৰ কৰে। এই সমীক্ষাই এইয়াও ইংগিত দিয়ে যে অনাগত দিনবোৰত এই গ্ৰাহকৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গ্ৰাহকে যদি অনলাইন গ্ৰোচাৰী দোকানৰ সেৱাত সন্তুষ্ট হয় তেনেহলে ভৱিষ্যতে আকৌ একেখন দোকানতে অৰ্ডাৰ দিয়াৰ সম্ভাৱনা যথেষ্ট। বহুজাগতিক অনলাইন কোম্পানী যেনে আমাজান, ফ্লিপকাৰ্ট ইত্যাদিয়ে ইতিমধ্যে গ্ৰোচাৰী দোকান আৰম্ভ কৰিছে। তেওঁলোকে নানান বস্তুৰ লগত অফাৰ, কম দাম ইত্যাদিৰে গ্ৰাহকক আকৰ্ষিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। যিহেতু এইবোৰ কম্পেনীয়ে বহু আগৰে পৰাই গ্ৰাহকৰ বিশ্বাস আহৰণ কৰি থৈছে তেনেস্থলত তেওলোকে অনলাইন  গ্ৰোচাৰী দোকানৰ কাৰণে আকৌ বেলেগকৈ মাৰ্কেটিং কৰাৰ প্ৰয়োজন হোৱা নাই। 

এজন নতুন ব্যৱসায়ীয়ে অনলাইন গ্ৰোচাৰী দোকান এখন যেতিয়া খুলিব বিচাৰে তেতিয়া এটা সম্পূৰ্ণ পৰিকল্পনাৰ মাজেৰে আগবাঢ়িব লাগে। নিখুত ৱেৱছাইট আৰু মোবাইল এপ,গ্ৰাহকৰ নিত্য ব্যৱহাৰ্য্য সকলো সামগ্ৰীৰ অন্তৰ্ভুক্তি,বজাৰত নতুনকৈ উপলদ্ধ হোৱা নতুন বস্তুৰ খবৰ এই আটাইবোৰ তাত সন্নিবিষ্ট থকাটো উচিত।ডিজিটেল মাধ্যমত এতিয়া অনলাইন দোকানৰ অভাৱ নাই। প্ৰত্যেকেই নিজক সৰ্বশ্ৰেষ্ঠ প্ৰতিপন্ন কৰাৰ এক অঘোষিত প্ৰতিযোগিতা। ৰিৱাৰ্ড পইণ্টচ, ডিচকাউণ্ট, ফ্ৰী অফাৰ, ইনষ্টলমেণ্টৰ সুবিধা ইত্যাদিবোৰে গ্ৰাহকক বাৰুকৈয়ে আকৰ্ষিত কৰে। তাৰোপৰি বিশেষ দিনবোৰ যেনে নিউ ইয়েৰ, বিহু,পূজা ইত্যাদিত অফাৰবোৰ বেছিকৈ দিয়া হয় যাতে গ্ৰাহকে তেওঁলোকৰ এপটোৰ পৰা সামগ্ৰী ক্ৰয় কৰে। আন আন সামগ্ৰীসমূহৰ দৰে অনলাইন গ্ৰোচাৰী দোকানেও নিজৰ বস্তুবোৰৰ লগত নানান অফাৰ বা ৰিৱাৰ্ড পইণ্ট দিব পাৰে।

ভাৰ্চুৱেল মাৰ্কেটত অনলাই গ্ৰোচাৰী দোকান খুলি তাত ব্যৱসায় কৰাটো এটা লাভজনক কাম যদিহে ব্যৱসায় কৰাজনে সঠিকভাৱে মাৰ্কেটিং কৰে। নিজৰ ব্যৱসায়, বেৱছাইট আৰু এপটোৰ বিষয়ে যিমান পাৰি সিমান আনক অৱগত কৰাওক আৰু ইয়াৰ বিষয়ে আগ্ৰহী কৰি তোলক। চছিয়েল মিডিয়াত বিভিন্নজনৰ লগত এই বিষয়ে আলোচনা কৰি অনলাইন বিজনেচটো আনৰ আগত ডাঙি ধৰক। বহুতো আগ্ৰহী ব্যক্তিয়ে এপৰ জড়িয়তে অনলাইন অৰ্ডাৰ দিব পাৰে। এটি অফিচিয়েল ফোন নম্বৰ এড কৰিবলৈ নাপাহৰিব কাৰণ কিবা সুধিব লগা থাকিলে গ্ৰাহকে সেই ফোন নম্বৰত যোগাযোগ কৰিব।

প্ৰতিযোগিতামূলক জগতখনত এটি ব্যৱসায় ভালদৰে তিষ্ঠি থাকিবলৈ হলে আন আন অনলাইন গ্ৰোচাৰী দোকানবোৰৰ মাৰ্কেটিংৰ ওপৰতো অলপ চকু দিয়াটো প্ৰয়োজন। সৃষ্টিশীল মনোভাৱেৰে কৰা প্ৰতিযোগিতাই এটি ব্যৱসায়ক আৰু উন্নতিৰ শিখৰলৈ লৈ যাব পাৰে। মাৰ্কেটিং, এডভাৰটাইজিং খিনি সঠিকভাৱে সঠিক দিশত আগুৱাই নিলে সম্ভাৱ্য গ্ৰাহকৰ সংখ্যা বৃদ্ধি হয়। সময়ে সময়ে গ্ৰাহক সকলৰ মাজত চাৰ্ভে কৰিব লাগে যাতে তেওঁলোকেও মতামত দিব পাৰে যে কেনেকৈ আৰু কি কি নতুন বিশেষত্ব তাত ভৰাব পাৰি। গ্ৰাহকৰ লগত সু-সম্পৰ্ক, ভাল কোৱালিটীৰ সামগ্ৰী, কম সময়ৰ ভিতৰত ডেলিভাৰীয়ে দুয়োপক্ষৰ মাজত সম্পৰ্ক সুদৃঢ় কৰে। যিহেতু অনলাইন গ্ৰোচাৰী দোকানত ক্ৰেতা আৰু গ্ৰাহকৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক নাথাকে তেনেস্থলত বিশ্বাসেই প্ৰধান আহিলা। নৱপ্ৰজন্মৰ বহুতেই অকল চাকৰিৰ ওপৰত নিৰ্ভৰশীল নহৈ এনেকুৱা ধৰণৰ অনলাইন গ্ৰোচাৰী দোকানৰ ব্যৱসায়ত মনোনিবেশ কৰি আত্মনিৰ্ভৰশীল হব পাৰে। আনৰ ওপৰত নিৰ্ভৰশীল নহৈ অলপ মাত্ৰ বিনিয়োগ কৰিয়েই এই ব্যৱসায়ৰ পৰা উপাৰ্জনৰ পথ উলিয়াব পাৰি। উদাহৰণস্বৰূপে, কোনোবাই যদি অকল এবিধ বস্তুৰেই তেওঁৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেনেহ’লে অকল সেইবিধ সামগ্ৰীৰেই মাৰ্কেটিং ভালদৰে কৰি আৰম্ভণি কৰা উচিত।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।