written by | October 11, 2021

আইচ-ক্ৰীমৰ ব্যৱসায়

×

Table of Content


সৰুকৈ আইচক্ৰিমৰ ব্যৱসায় কেনেদৰে আৰম্ভ কৰিব পাৰি

আইচক্ৰিম সকলোৰে প্ৰিয়।সৰু ল’ৰা-ছোৱালীয়ে আইচক্ৰিমৰ নাম শুনিলেই জিভাৰ পানী ওলাবলৈ ধৰে।আজি কালি বিভিন্ন উৎসৱ পৰ্ব্ব ,বিয়া সবাহত আইচক্ৰিমৰ ব্যৱস্থা ৰাখে।যাৰ ফলত ইয়াৰ চাহিদা বৃদ্ধি পাইছে।

সেয়েহে আমি স্বাস্থ্য সন্মতভাবে,আইচক্ৰিমৰ ব্যৱসায় কৰি লাভবান হ’ব পাৰো।

মানব সমাজৰ সকলো সামগ্ৰী বা সম্পদ একেলগে বা একে ঠাইতে পোৱা সম্ভৱ নহয়‌।

বেহা -বেপাৰ বা ব্যৱসায় বাণিজ্যই ইয়াৰ বিভিন্ন প্ৰক্ৰিয়া তথা কাম-কাজৰ যোগেদি কিছু প্ৰতিদানৰ বিনিময়ত এই প্ৰয়োজনীয় সামগ্ৰীসমূহ মানৱ সমাজে সংগ্ৰহ কৰোঁতে সংগ্ৰহ কৰি দিয়ে।

সফল ব্যৱসায়ীৰ বাবে কিছুমান প্ৰয়োজনীয় গুণৰ প্ৰয়োজন

১/ব্যৱসায়ীজনৰ ব্যৱসায়টোৰ প্ৰতি আন্তৰিকতা তথা আস্থা থকা প্ৰয়োজন।তেতিয়াহে তেওঁ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ব্যৱসায়টোত মনোনিবেশ কৰিব পাৰি।

২/ব্যৱসায়ীজনে তেওঁৰ আকৰ্ষণীয়  ব্যক্তিত্ব তথা

আচৰণৰ দ্বাৰা সংগঠনটোৰ কৰ্মচাৰী তথা গ্ৰাহক সকলৰ লগত সু-সম্পৰ্ক বজাই ৰখাৰ বাবে তেওঁ ব্যৱসায়টোৰ লগত সংগতি ৰাখি উপস্থিত বুদ্ধি তথা কৌশল প্ৰয়োগ কৰিব পাৰি।

৩/ব্যৱসায়ীজন সৎ আৰু নিষ্ঠাবান হোৱা দৰকাৰ।

৪/একেধৰণৰ প্ৰতিযোগী ব্যৱসায়ীৰ  কাৰ্যকলাপৰ ওপৰত সদায় নজৰ  দিব লাগে।তদুপৰি কেঁচামালৰ উৎস,উৎপাদন, ক্ষমতা,ব্যৱসায়ৰ পৰিসৰ,ভৱিষ্যত বিক্ৰীৰ সম্ভাৱনা,অনিশ্চিত বিপদৰ সম্ভাৱনা ইত্যাদিৰ বিষয়ে দুৰদৃষ্টি  জ্ঞান থকাৰ প্ৰয়োজন।

৫/ইয়াৰ উপৰি প্ৰচলিত আইনগত বিধি ব্যৱস্থা সমূহৰ বিষয়ে সম্যক জ্ঞান  থকা প্ৰয়োজন।

আইচক্ৰিমৰ দোকানখন ক’ত খুলিব সেই সম্পৰ্কে প্ৰথমতে সিদ্ধান্ত ল’ব লাগিব।এটা যদি ৪০০ ৰ পৰা ৫০০ স্কুইয়াৰ ফুটৰ কোঠা লোৱা হয়,তেতিয়াহ’লে তাত ৫–১০ জন মানুহ বহিব পাৰিব।

শ্বপিংম’লৰ ভিতৰত ,স্কুল কলেজৰ বজাৰৰ ঠাইত পচ এৰিয়া বিলাকত খুলিলে বেছি লাভবান হয়।

আইচক্ৰিম বনাবলৈ পাকঘৰত কি কি সামগ্ৰীৰ প্ৰয়োজন হ’ব    

আইচক্ৰিম পাৰ্লাৰৰ বস্তু সামগ্ৰীবোৰ সাধাৰণ পাকঘৰৰ বস্ততকৈ অলপ বেলেগ হ’য়।

১/ প্ৰথম প্ৰয়োজন “কোল্ড স্টোৰেজ ফ্ৰীজ্ “সেইটোয়ে প্ৰধান। ষ্টোৰেজ হয়। ঈয়াৰ বজাৰৰ মূল্য দুই লাখৰ পৰা আঢ়ৈ লাখৰ ভিতৰত। আইচক্ৰিম পাৰ্লাৰত ২৪ ঘন্টাই কাৰেন্টৰ প্ৰয়োজন হয়।কেতিয়াবা কাৰেন্টএ অসুবিধা কৰিলে লোকচান হোৱাৰ ভয়ত সকলোৱে জেনেৰেটৰ ব্যৱস্থা ৰাখিব লাগে।

২/লাইচেন্সৰ ব্যৱস্থা

“ফুড চেফটি এণ্ড ষ্টেৰ্ন্ডাচ অ’থৰেটি অফ্ ইণ্ডিয়া “(F.S.S.A.I)লাইচেঞ্চ খন অতি জৰুৰী বস্তু। সেইখন অতি দৰকাৰী  হয়। F.Ss.S.A.T এ ১৪ টা সংখ্যাৰ এটা নম্বৰ দিব।ইয়াৰ  অৰ্থ এইটোৱে হৈছে যে আইচক্ৰিমৰ উৎপাদনত উচ্চ মানদণ্ডৰ পৰিচয় দিয়ে।

২/ ফায়াৰ চেফটি লাইচেন্স।

হঠাতে যদি জুই আদি লাগে তাক ৰোধ কৰিবৰ বাবে অৰ্থাত জুইক বাধা দিবলৈ প্ৰয়োজনীয় সামগ্ৰী সমূহ প্ৰস্তুত কৰি ৰাখিব লাগিব।

৩/হেলথ্ লাইচেন্স

আইচক্ৰিম পাৰ্লাৰখনত মানুহ যদি বহি খাব পৰা ব্যৱস্থা কৰা হ’য় তাৰ বাবেওঁ এখন লাইচেনঞ্চ ল’ব লাগে‌।যাৰ নাম ইটিং হাউচ্ লাইচেন্স।

কাক আপুনি কামৰ বাবে ল’ব

 ব্যৱসায় এটা অকলে কেতিয়াওঁ উৰ্দ্ধগামী ৰাষ্টাত নিব নোৱাৰি।কাৰণ ব্যৱসায়ত অকলে দৌৰি ফুৰা অসম্ভৱ কথা। সেয়েহে সুদক্ষ পৰিচালক আৰু বিক্ৰীৰ বাবে সহায়ক নিয়োগ কৰিব লাগে।গৃহযোগান ব্যৱস্থাত আপুনি যাতায়তৰ খৰছো অন্ত ৰ্ভূক্ত কৰিব লাগিব।যিয়ে আপোনাৰ বিশ্বাসী,অৰ্থাত স্বাৰ্থ বিহুন ভাৱে আপোনাৰ বাবে কাম কৰিব তেনে ব্যক্তিক মকৰল কৰিব লাগিব।

ভৰালৰ পৰিচালনা

অনান্য সামগ্ৰীৰ দৰে আইচক্ৰিয বোল গলি নোযোৱাকৈ বা বেয়া নোহোৱাকৈ উপযুক্ত ব্যৱস্থা কৰিব লাগিব।আইচক্ৰি বিভিন্ন

ডিজাইনৰ কালাৰফুল,সৰু ল’ৰা ছোৱালীৰ চকুত পৰাকৈ বনাবলৈ যিবোৰ সামগ্ৰী লাগে তাক আইচক্ৰিম কিটচেনত জমা থকাটো অতি দৰকাৰ।

আপুনি দাম কেনেকৈ নিৰ্ধাৰণ  কৰিব‌       

গ্ৰাম্যঞ্চলত আইচক্ৰিম সামগ্ৰীৰ  বজাৰবোৰৰ লাভাজনক সুবিধা নাথাকে‌।বজাৰত দ’ৰ যোগান আৰু চাহিদাৰ ওপৰত নিৰ্ভৰ কৰে।প্ৰথমে বিক্ৰেতাৰ হাতত অতি কম পৰিমাণৰ লাভ থাকে। 

ব্যক্তিগত ব্যৱসায়ৰ কিছুমান বিশেষ সুবিধা    

১/এনে ধৰণৰ ব্যৱসায় আৎম্ভ কৰা তুলনামূলক ভাবে অইন ব্যৱসায়তকৈ সহজ। আইনগত বাধ্যবাধকত নোহোৱা বাবে অতি সহজে ব্যক্তিগত ব্যৱসায় আৰম্ভ কৰিব পাৰি।অতি কম মূলধনেৰে কম পৰিসৰত ব্যক্তিগত ব্যৱসায় হ’ল সহজ ব্যৱসায় সংগঠন।

২/ যিহেতু  ব্যৱসায়টোত হোৱা লাভ -লোকচানৰ পৰিমাণ মালিকৰ নিজৰ,গতিকে ব্যৱসায়ীজনে সৰ্ব্বোচ্চ লাভৰ বাবে নিষ্ঠা সহকাৰে কঠোৰৰ পৰিশ্ৰম কৰাৰ বাবে প্ৰেৰণা পায়।

৩//মালিকে ননিজে ব্যৱসায়টো নিয়ন্ত্ৰণ কৰে।। বব্যৱসায়ীজনে নিজৰ বিচাৰ-বুদ্ধি ব্যৱসায়টোত খটুৱাব পাৰে,এই ক্ষেত্ৰত কোনেও তেওঁক হস্তক্ষেপ কৰিব নোৱাৰে।তদুপৰি ব্যৱসায়ৰ গোপনীয় কথাবোৰ মালিকৰ মাজতে সীমাৱদ্ধ থাকে।

৪/পৰৱৰ্ত্তিত পৰিস্থিতিৰ লগত সঙ্গতি ৰাখি অতি কম সময়তে ব্যৱসায়িক সিদ্ধান্ত ল’ব পাৰে।

৫/স্বাধীন চিতীয়া মনৰ মানুহৰ বাবে ব্যক্তিগত ব্য়ৱসায় অতি উপযুক্ত ব্যৱসায়।।

কিছুমান অসুবিধা      

১/বৃহৎ মুলধনেৰে বৃহৎ পৰিসৰত ব্যক্তিগগত ব্যৱসায় আৰম্ভ কঠিন।

২/কিছুমান। ক্ষেত্ৰত মালিকৰ দক্ষতা আৰু অভিজ্ঞতাৰ অভাৱৰ ফলতো ব্যকক্তিগত ব্যৱসায়ত অসুবিধাৰ সৃষ্টি হয়।

৩/এনে ধৰনৰ ব্যৱসায়ত অসীমিত দেনা থকা হেতুকে ব্যৱসায়টোত হ’ব পৰা সম্পূৰ্ণ লোকচানৰ পৰিমাণ ব্যৱসায়ীজনে নিজেই বহন কৰিব লগা হয়।

৪/স্থায়িত্বৰ অনিশ

চয়তা এই ব্যৱসায়ৰ আন এটা অসুবিধা।ব্যৱসায়ী জনৰ অসুস্থতা তথা মংত্যুয়ে ব্যৱসায়টোৰ ভৱিষ্যত অনিশ্চিত কৰি তুলিব পাৰে।

সেয়েহে আইচক্ৰিম ব্যৱসায়টো আৰম্ভ কৰাৰ লগে লগে সকলো কথা চালি জাৰি চাইহে আৰমম্ভ কৰিব লাগে।

উদ্যোগীজনে সততছ মন কৰিবলগীয়া কিছুমান বিষয়   

এজন সফল উদ্যোগীৰ বাবে সততে তলত উল্লেখ কৰা বিষয়সমূহলৈ মন কৰিব লাগে,যেনে–/

১/ গোটটিৰ হিচাপৰক্ষণ সঘনে পৰীক্ষা কৰক।এজন হিচাপৰক্ষকে লিপিৱদ্ধ

কৰা হিচাপবোৰ অইন এজনে নিয়মিত ভাৱে পৰীক্ষা কৰাৰ ব্যৱস্থা থাকিব লাগে।হিচাপ কৰবাত ভুল হ’লে,এইবোৰ অতিই সোনকালে সংশোধনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।।

২/ উদ্যোগ গোটটিত এজন বিশ্বাসী। সহযোগী লোক থাকিলে ভাল। গতিকে উদ্যোগীজনে। এজন সুদক্ষ কাৰিকৰী লোকক বন্ধু ,কৰ্মী বাঅংশীদাৰ হিচাপে ল’ব পাৰে।

৩/আইচক্ৰিম উদ্যোগীজনে উদ্যোগটো ডঠন কৰোঁতে নিজৰ। মূল সম্পদ কিই সেইটো বিচাৰ কৰি চাব লাগে।এই মূল সম্পদ। টকা সময়। বা তেওঁৰ দৈহিক শক্তিয়ো হ’ব পাআৰে।এইবোৰ অপৰিসীম নহয়।আইইচক্ৰিম উউদ্যোগটোৰ জুৱনকাল অক্ষুন্ন ৰাখিবৰ বাবে উৎপাদন ,বিক্ৰী আৰু লাভৰ লক্ষ্য সমানুপাতিক হোৱা ভাল‌

৪/উদ্যোগীজনে সামৰ্থ অনুসৰি উদ্যোগটো নিৰ্বাচন কৰিব লাগে। নিজৰ। ধনৰ সামৰ্থ ১  লাখ টকা হ’লে উদ্যোগটোত ৪লাখতকৈ বেছি বিনিয়োগ কৰিব নালাগে।

৫/উদ্যোগ এটাৰ বছৰত দুটখ সময় আহে ,এটা ব্যস্ততাৰ সময় আৰু আনটো ব্যস্তহীন সময়।ব্যস্তহীন সময়ছোৱাত বজাৰ জৰীপ ,হিচাপ পৰীক্ষা,কৰমচাৰী শ্ৰমিক প্ৰশিক্ষণ ইত্যাদি কাম হাতত ল’ব পাৰে।

আইচক্ৰিমৰ আধুনিক ব্যৱসায় পৰিচালনাত ব্যৱসায়ৰ কাৰিকৰী দিশকে ধৰি অন্যান্য বিসয়সমূহ নিয়ন্ত্ৰণ 

হোৱা স্বত্বেও মানৱ সম্পদ

উৎপাদন ব্যৱস্থাটো এখ গুৰুত্ব পুৰ্ণ উপাদান হৈ আছে।শীল্প বাণিজ্যত যন্ত্ৰপাতি, কেচাঁমাল ,বিত্ত আৰু বজাৰ–এই সকলোবিলাক সুদক্ষ কৰ্মচাৰী আৰু পৰিচালকে পৰিচালনা নকৰিলে মূল্যহীন হৈ পৰে‌ ।শৃঙ্খলাৱদ্ধ আৰু নিয়মানুবৰ্ত্তিতাৰ মাজেৰে কাৰ্য সম্পাদন কৰিবলৈ ব্যৱস্থা হাতত ল’ব লাগে।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।