written by | October 11, 2021

মিঠাই আদিৰ ব্যৱসায়

×

Table of Content


মৰ্টনৰ বিপণী কেনেদৰে আৰম্ভ কৰিব 

থলুৱা বজাৰৰ সম্প্ৰসাৰণ আৰু অৰ্থনৈতিক বিকাশৰ সুযোগ আদিয়ে নতুন প্ৰজন্মক ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰখনলৈ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিগত দশকত ক্ষুদ্ৰ উদ্যোগৰ লগতে অতি ক্ষুদ্ৰ উদ্যোগৰ বিকাশ আৰু অগ্ৰগতিয়ে নতুন প্ৰজন্মৰ মাজত উদ্যোগীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰতি আকৃষ্ট কৰাটো পৰিলক্ষিত হৈছে। যিটো দেশৰ অৰ্থনীতি তথা সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ বাবে এক আশাব্যঞ্জক ঘটনা।

এই সময়ত সমগ্ৰ বিশ্ব কৰ‘ণা মহামাৰীৰ কবলত পৰি ভাৰাক্ৰান্ত হৈ পৰিছে। ফলশ্ৰুতিত সমগ্ৰ বিশ্বতে লকডাউন ঘোষণা কৰা হৈছে। সেয়ে মানুহবোৰ বাধ্য হৈছে ঘৰতে সোমাই থাকিবলৈ। দেখা গৈছে বেকাৰী, ৰেষ্টুৰেন্ট আৰু মিঠাই দোকান বোৰ বন্ধ হৈ আছে। সেয়ে ঘৰতে মানুহবোৰে নানান ধৰণৰ  মিঠাই বনাই ছচিয়েল মিডিয়াত প্ৰকাশ কৰি থকা পৰিলক্ষিত হৈছে। কিন্তু এনেদৰে ঘৰতে বনোৱাটো এদিন বা দুদিনৰ বাবেহে ।এই সময়ত আমি সেই দোকান বোৰক বহুত মনত পেলাইছো। মিঠাই দোকানৰ সংজ্ঞা ও সলনি হ‘ল। আগতে ইয়াত সৰু ল‘ৰা ছোৱালীৰ বাবে মিঠাই, চকলেট ইত্যাদি সামগ্ৰী হে পোৱা গৈছিল কিন্তু এতিয়া সেইবোৰৰ উপৰিও চিপচ্,চৌদা, চকলেট আৰু নানান ধৰণৰ সামগ্ৰী ও পোৱা যায়। ইন্টাৰনেটৰ যুগত  আমি ভিন্ন ভিন্ন দেশৰ খাদ্য আৰু সংস্কৃতি উপভোগ কৰিব পাৰিছো।ফলস্বৰূপে মৰ্টনৰচাহিদা যথেষ্ট গুণে বৃদ্ধি পাইছে। ই এক চহৰ এলেকাৰ বাবে লাভজনক ব্যৱসায়। 

জানো আহক এই ব্যৱসায় কেনেদৰে আৰম্ভ কৰিব

সঠিক পৰিকল্পনা 

প্ৰথমে আপুনি সিদ্ধান্ত লব লাগিব আপুনি খুচুৰা নে নিজা উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব। আপুনি অনলাইন নে অফলাইন ষ্ট‘ৰ কৰিব?যদি অফলাইন তেন্তে বঢ়িব পৰাকৈ নে কেৱল বিক্ৰী কৰাৰ চিন্তা আৰু যদি অনলাইন তেন্তে আপোনাৰ সামগ্ৰী বোৰ ক‘ত ৰাখিব আৰু কিমান পৰিধিৰ ভিতৰত আবদ্ধ কৰিব। সদায়েই মনত ৰাখিব যাতে এই ব্যৱসায় ৰ বাবে আপোনাৰ এটা সঠিক পৰিকল্পনা থাকে। এই ব্যৱসায়ত মূলধনৰ উপৰিও সামগ্ৰী সমূহ ৰখাটো কিছু চিন্তা জনক। ব্যৱসায় এটা সফল কৰাৰ বাবে আটাইতকৈ দৰকাৰী কথাটো হৈছে পেছাদাৰী মনোভাৱ আৰু ব্যৱসায়িক দৃষ্টিভঙ্গী। ভৱিষ্যত পৰিকল্পনা হৈছে আন এটা প্ৰয়োজনীয় দিশ। সময়ৰ লগে লগে ব্যৱসায়ত নতুন নতুন দিশ যোগ কৰি যাব লাগে। অন্যথা বজাৰৰ চাহিদা আৰু নতুন প্ৰযুক্তিৰ উদ্ভাৱনে বহু উদ্যোগ তথা ব্যৱসায়িক প্ৰতিযোগিতাৰ মাজত বৰ্তি থাকিবলৈ নিদিয়ে। নিয়োগৰ ক্ষেত্ৰতো ক্ষুদ্ৰ উদ্যোগে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এক সমীক্ষা মতে ক্ষুদ্ৰ উদ্যোগত বিনিয়োগ হোৱা প্ৰতি একলাখ টকাৰ বিপৰীতে প্ৰায় চাৰিজন মানুহে নিয়োগৰ সুবিধা লাভ কৰে।

এডোখৰ ভাল ঠাই বাচনি 

এডোখৰ ভাল ঠাই বাচনি কৰি লোৱাটো খুবেই জৰুৰী। বহু এনে দোকান থকা ঠাইৰ পৰা কিছু নিলগত আপুনি আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠান টো আৰম্ভ কৰক। অথাৎ বাচনি কৰক। প্ৰতিদ্বন্দী থাকিলেও যদিহে এলেকাটোত জনবহুল হয় তেন্তে তেনে স্হান বাচনি কৰিব পাৰে।ঠাইডোখৰ  ভাড়ালৈ ও লব পাৰে ।মাত্ৰ ভাড়ালৈ লওঁতে আপুনি মন কৰিব যাতে আপোনাৰ উৎপাদিত সামগ্ৰীবোৰ ভালদৰে ৰাখিব পাৰি। 

লাইসেন্স আৰু অনুমতি পত্ৰ 

ইয়াৰ বাবে লাইচেঞ্চ লোৱাতো খুবেই জৰুৰী। এখন খোৱা সামগ্ৰীৰ দোকান খুলিবলৈ চৰকাৰৰ পৰা বহু ধৰণৰ  অনুমতি লব লাগে। প্ৰথমে আপুনি অনুমতি লব লাগিব ঘৰৰ মালিকৰ পৰা(যদিহে ভাৰা) , জি এছ টি পঞ্জীকৰণ, এফ এছ এছ এ আই লাইসেন্স,অগ্নি বিভাগৰ লাইসেন্স,পৌৰ নিগমৰ পৰা স্বাস্থ্যৰ লাইসেন্স আৰু বহুতো। এইবোৰ লাভ কৰাৰ পাছতহে দোকান খুলিবলৈ পাৰিব। 

সঠিক ডিষ্ট্ৰীবিউটৰ বাচনি কৰক 

প্ৰথমতেই এইটো কৰণীয়। মৰ্টনৰদোকান ডিষ্ট্ৰীবিউটৰ নোহোৱাকৈ খোলা টান। সেয়ে এখন তালিকা প্ৰস্তুত কৰক কি কি সামগ্ৰী বিক্ৰী কৰিব। মনত ৰাখিব যাতে আপোনাৰ গ্ৰাহকে সূদা হাতে উভতিব লগা নহয়। 

সামগ্ৰী বাচনি 

এইটো আপুনি সময় অনুসৰি বাচনি কৰিব পাৰে। কিন্তু এখন মূল তালিকা  প্ৰস্তুত কৰিব যাতে আপোনাৰ গ্ৰাহকক সন্তুষ্ট কৰিব পাৰে। তালিকা খনত থকা সামগ্ৰী বোৰ সদায় ৰাখিব। মাজে মাজে সেইবোৰৰ সোৱাদ উন্নত  কৰি থাকিব। সামগ্ৰী বোৰ ৰাখিবৰ বাবে ফ্ৰিজ লগতে অভেন আৰু ষ্টভ ইত্যাদি ৰো প্ৰয়োজন। 

কৰ্মচাৰী নিয়োগ 

এনে কথা নহয় যে মৰ্টনৰদোকান কেৱল লাভৰ বাবে খুলিছে। এই ব্যৱসায়ৰ মাধ্যমেৰে আপুনি  আপোনাৰ ‘প্ৰেজেন্টেছন‘  আৰু সৃষ্টিশীলতাক দেখুৱাৰ বাবে এখন মঞ্চ লাভ কৰিব । যদি আপুনি খুচুৰা বিক্ৰেতা তেন্তে কাৰিকৰ নিয়োগ কৰিব লাগিব। যি কাৰিকৰে সোৱাদ বুজিব পাৰে আৰু গুণগত মান দণ্ড ৰ লগত কেতিয়াও আপোচ নকৰে। যিমানেই আপোনাৰ তাত সামগ্ৰী থাকিব সিমানেই আপোনাৰ  লোকপ্ৰিয়তা বাঢ়িব। ইয়াৰ লগে লগে সেৱা আগবঢ়োৱা,বিল বনোৱা, লোড কৰা কৰ্মচাৰী ও নিয়োগ কৰিব। যদিহে আপুনি ভাবে ভৱিষ্যতে  আপোনাৰ দোকান ডাঙৰ কৰাৰ তেন্তে কিছুমান বিশ্বাসী কৰ্মচাৰী য়ে আপোনাক সহায় কৰিব। 

ইয়াৰ লগতে যদিহে ডেলিভাৰী সেৱাও আগবঢ়াব বিচাৰে তেন্তে ডেলিভাৰী বাবেও কৰ্মচাৰী নিয়োগ কৰক। যিয়ে সঠিক সময়ত গন্তব্য স্থানলৈ আপোনাৰ সামগ্ৰী বোৰ কঢ়িয়াই নিব। বিশ্বাসী দল এটা গঠন কৰিব।  

আপোনাৰ  গ্ৰাহকক বুজক 

সদায় গ্ৰাহকৰ প্ৰয়োজন টো বুজিবলৈ চেষ্টা কৰিব। তেওঁ লোকে কি ভাল পায়, কি বিচাৰে সেয়া ও জানিবলৈ চেষ্টা কৰিব। তাৰ বাবে উন্নত ষ্টক ৰাখিব। তেওঁ লোকৰ প্ৰতিক্ৰিয়া বোৰ জানিবলৈ চেষ্টা কৰিব।  গ্ৰাহকসকলে আকৰ্ষণীয়বস্তু বোৰ কিনিবৰ বাবে সংকোচ নকৰে সেয়ে মনত ৰাখিব যাতে সদায়  তেওঁ লোকে এটা নতুনত্ব অনুভৱ কৰিব পাৰে। অন্যথা আপুনি লাভৰ পৰা বঞ্চিত হব। 

ই কমাৰ্চ আৰু ছচিয়েল মিডিয়া মাৰ্কেটিং 

আপোনাৰ উৎপাদিত সামগ্ৰীবোৰ অনলাইন যোগে বিক্ৰী কৰিবৰ বাবে ভাল এটা ৱেবছাইট বনাব। ছচিয়েল মিডিয়া ব্যৱহাৰ কৰক।বজাৰৰ ক্ষেত্ৰত  আজিকালি ই কৰ্মাচে সকলো সহজ কৰি তুলিছে। এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী।  আপোনাৰ ডেলিভাৰী এলেকাতো নিৰ্ধাৰণ কৰি লব।  আজিকালি ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলোৱা সহজ। আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী। গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ আদিকে ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলাওক। ৰেহাইৰ সুবিধা আগবঢ়াওক। লিফটলেট, পাম্পলেট আদি প্ৰচাৰ পত্ৰিকাৰে বজাৰ দখলৰ চেষ্টা চলাওক। পাৰিলে হোৱাটছ এপৰ জৰিয়তে গ্ৰাহকক ৰেহাই মূল্য ৰ বিষয়ে অৱগত কৰিব। মনত ৰাখিব যাতে গ্ৰাহক আপোনাৰ ব্যৱহাৰত সন্তুষ্ট হৈ থাকে। 

খাদ্যৰ বিপণী ব্যৱসায় অহা বছৰত আৰু অধিক সম্প্ৰসাৰণ ঘটাৰ সম্ভাৱনা আছে। সেয়ে বহু ধৰণৰ লোক এই ব্যৱসায় কৰিবলৈ আগবাঢ়ি আহিছে। ভাৰত এনে এখন দেশ য‘ত বিভিন্ন ধৰণৰ  খাদ্য সামগ্ৰী আছে আৰু ইয়াত প্ৰায়সংখ্যকেই  খাদ্য ৰসিক। সেয়ে তেওঁ লোকক সন্তুষ্ট কৰাটো প্ৰত্যাহ্বানমূলক। কিন্তু মনত ৰাখিব এবাৰ যদি তেওঁ লোকক সন্তুষ্ট কৰিব পাৰে তেওঁ আপোনাৰ এজন বিশ্বাসী ক্ৰেতা হৈ পৰিব।  সাধাৰণ কথাবোৰ মনত ৰাখি আগবাঢ়ি যাওঁক আৰু উপভোগ কৰক।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।