written by | October 11, 2021

ক্ষীপ্ৰতাৰে খাদ্য বনাব পৰা ব্যৱসায়।

ততালিকে খোৱা সামগ্ৰী বনোৱা ব্যৱসায় কেনেদৰে কৰিব

ভাৰত এনে এখন দেশ য’ত বিভিন্ন ধৰণৰ  খাদ্য সামগ্ৰী আছে আৰু ইয়াত প্ৰায়সংখ্যকেই  খাদ্য ৰসিক।যাক অনুকৰণ কৰি বহু লোকে খাদ্য সামগ্ৰী প্ৰস্তুত কৰা ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে। সেয়ে আমাৰ দেশত এনে ব্যৱসায় এটা দ্ৰুত গতিত আগবাঢ়িছে। মানুহৰ ভাল ব্যঞ্জনৰ প্ৰতি ৰুচি বাঢ়িছে সেয়ে তেওঁ লোকে ইয়াৰ ওপৰত খৰচো কৰা হৈছে। এনেস্হলত বিনিয়োগকাৰী আকৰ্ষিত হৈছে। 

আমাৰ দেশখন উন্নয়নশীল দেশ।ক্ৰমান্বয়ে  দেশৰ চহৰ সমূহ উন্নতিৰ দিশলৈ গতি কৰিছে।বহু ধৰণৰ লোক দেশৰ ভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত কাম কৰি আছে। যিহেতু দেখা গৈছে চাকৰি নাইবা পঢ়া শুনা ৰ লগতে ভাত ৰান্ধি খোৱাটো সহজসাধ্য নহয়। প্ৰায়ভাগ মানুহে সেয়ে ৰেষ্টুৰেন্ট বা হোটেলৰ খাদ্য বিচাৰিব লগা হয়। যাৰ ফলত যথেষ্ট  টকা খৰছ কৰিব লগীয়া হয় আৰু পেটৰ বিভিন্ন স্বাস্থ্যজনিত  সমস্যাতো ভূগিব লগীয়া হয়। সেয়ে মানুহে  স্বাস্থ্যসন্মত আৰু ততালিকে বনাব পৰাকৈ মেগী জাতীয় খাদ্য সামগ্ৰী ক্ৰয় কৰিব আৰম্ভ কৰিলে। পোনপ্ৰথমে ভাৰতত ততালিকে বনোৱা খাদ্য হিচাপে বজাৰত লাভ কৰিছিল মেগী। লাহে লাহে ভাৰতত ততালিকে বনাব পৰা বহু খাদ্য সামগ্ৰী বজাৰলৈ আহে যেনে ইডলি,পোহা, পাস্তা ইত্যাদি। যি সমূহ ততালিকে বনাই খাব পাৰে। এই খাদ্য সামগ্ৰী বিক্ৰী কৰা বজাৰ খনৰ চাহিদা যথেষ্ট গুণে বৃদ্ধি পাইছে। চি এ জি আৰৰ তথ্য অনুসৰি ২০১৬চনৰ ৰ পৰা ২০২৬চনলৈ এই বজাৰ ৭.২শতাংশ বিশ্বতে বৃদ্ধি পাব। ইয়াৰ মূল্যও১৯৫.৩ বিলিয়ন ডলাৰ হব ।লগতে দেখা গৈছে ২০২৬চনলৈকে এই ব্যৱসায় গ্ৰাহকসকলে স্বাস্থ্যসন্মত আৰু সহজলভ্য খাদ্যবোৰৰ বাবে চাহিদা বৃদ্ধি পাব। ততালিকে পোৱা সামগ্ৰীবোৰৰ বাবে বেছি বিনিয়োগ হব ।

সঠিক পৰিকল্পনা 

প্ৰথমে আপুনি সিদ্ধান্ত লব লাগিব আপুনি অনলাইন নে অফলাইন ষ্ট’ৰ কৰিব? যদি অনলাইন তেন্তে আপোনাৰ সামগ্ৰী বোৰ ক’ত ৰাখিব আৰু কিমান পৰিধিৰ ভিতৰত আবদ্ধ কৰিব। সদায়েই মনত ৰাখিব যাতে এই ব্যৱসায় ৰ বাবে আপোনাৰ এটা সঠিক পৰিকল্পনা থাকে। এই ব্যৱসায়ত মূলধনৰ উপৰিও সামগ্ৰী সমূহ ৰখাটো কিছু চিন্তা জনক।আপোনাৰ এই ব্যৱসায়ৰ সফলতা নিৰ্ভৰ কৰিব আপুনি কিমান দূৰলৈ আপোনাৰ সামগ্ৰী পঠিয়াই দিব পাৰে বা সেৱা আগবঢ়াব পাৰে। আপুনি চহৰৰ ভিতৰতে নে বাহিৰলৈও নিব? আপুনি যদি বজাৰত সোমাব বিচাৰে তেন্তে প্ৰয়োজন হব বিনিয়োগৰ আৰু সময়ৰ লগতে আপোনাৰ এটা ব্ৰেন্দ। তদুপৰি আপোনাক প্ৰয়োজন হব দক্ষ কৰ্মচাৰীৰ।যি আপোনাৰ এই ব্যৱসায়ত সহায় কৰিব পাৰে। এটা টিম লাগিব যি বজাৰৰ গৱেষণা কৰে, সুৰক্ষাৰ বাবে প্ৰতিটো মুহূৰ্তত যি পৰ্যবেক্ষণ কৰে।ব্যৱসায় এটা সফল কৰাৰ বাবে আটাইতকৈ দৰকাৰী কথাটো হৈছে পেছাদাৰী মনোভাৱ আৰু ব্যৱসায়িক দৃষ্টিভঙ্গী। ভৱিষ্যত পৰিকল্পনা হৈছে আন এটা প্ৰয়োজনীয় দিশ। সময়ৰ লগে লগে ব্যৱসায়ত নতুন নতুন দিশ যোগ কৰি যাব লাগে। অন্যথা বজাৰৰ চাহিদা আৰু নতুন প্ৰযুক্তিৰ উদ্ভাৱনে বহু উদ্যোগ তথা ব্যৱসায়িক প্ৰতিযোগিতাৰ মাজত বৰ্তি থাকিবলৈ নিদিয়ে।

সামগ্ৰী বাচনি 

বজাৰত বহু ধৰণৰ সামগ্ৰী উপলব্ধ ।কিন্তু এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কোনটো প্ৰডাক্ট বিক্ৰী কৰিব পাৰিব।আপুনি  নুডলছ,পাস্তা বা ভাৰতীয় খাদ্য যেনে ইডলি,পোহা এনেবোৰ বিক্ৰী কৰিব খোজে নেকি?আপুনি যিহেতু নিজা ব্ৰেন্দ বিক্ৰী কৰিব সেয়ে গুণগত মানদণ্ডক গুৰুত্ব দিব। এজন ভাল বিতাৰক বিচাৰিব যি কেচা সামগ্ৰী বোৰ আপোনাক যোগান ধৰিব পাৰে। এই ব্যৱসায়টো সময়ৰ লগত  সম্প্ৰসাৰণ হয়। কিন্তু নিৰ্ভৰ কৰিব আপুনি এই সামগ্ৰীসমূহৰ বাবে কিমান মূল্য নিৰ্ধাৰণ কৰিছে তাৰ ওপৰত। এই সামগ্ৰীসমূহ গ্ৰাহকে গ্ৰহণ কৰিব পাৰিছেনে নাই।

লাইসেন্স আৰু অনুমতি পত্ৰ

ভাৰতত যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এই দুয়োটা খুবেই প্ৰয়োজন। মনত ৰাখিব যাতে আপুনি চৰকাৰী অনুমতি পত্ৰ লাভ কৰে। ভৱিষ্যতে কোনো বিপদৰ সন্মুখীন নহয়। যদিহে আপুনি আপোনাৰ নিজা ব্ৰেন্দ স্হাপন কৰিব বিচাৰে তেন্তে তাৰ কপি ৰাইট লোৱা টোও উচিত আৰু এফ এছ এছ এ আই ৰ পৰা অনুমতি লোৱাটোও বাঞ্চনীয়।

ব্যৱসায়ৰ আকাৰ নিৰ্ধাৰণ 

এই ব্যৱসায়ৰ যথেষ্ট সুবিধা আছে।  বজাৰত বহু ধৰণৰ খাদ্য সামগ্ৰী   আছে যিবোৰ আমি ততালিকে বনাব পৰা খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰো । কিন্তু মনত ৰাখিব আপুনি গৰম, সতেজ আৰু নিজা সামগ্ৰী হে বনাই আছে। এই ব্যৱসায় ত  প্ৰত্যাহ্বান আছে সেয়ে সৰুৰ পৰা আৰম্ভ কৰক আৰু লাহে লাহে সম্প্ৰসাৰণ কৰক।

সামগ্ৰী ৰাখিবলে ঠাই 

যদিহে আপুনি আপোনাৰ প্ৰডাক্ট নিজাকৈ বনাইছে বা বেলেগ ব্ৰেন্দৰ সামগ্ৰী বিক্ৰী কৰিছে তথাপিও আপোনাক এডোখৰ ঠাইৰ আৱশ্যক হব। ব্যৱসায়ৰ আকাৰ জোখাৰে আৰু সামগ্ৰীবোৰৰ বিক্ৰীৰ ওপৰত নিৰ্ভৰ কৰি জোখমতে  ঠাইডোখৰ বাচনি কৰিব।

এটা ই কমাৰ্চ প্লেটফৰ্ম তৈয়াৰ কৰক

সময়ৰ লগে লগে মানুহৰ চাহিদা অনলাইনৰ প্ৰতি বৃদ্ধি পাইছে । ইয়াৰ বাবে এজন দক্ষ টেকনিচিয়ানৰ সহায় লব পাৰে।যি প্ৰতি সময়তে আপোনাৰ ৱেবছাইট কোনো সমস্যা নোহোৱাকৈ চলাব পাৰে ।এই ব্যৱস্হাই আপোনাৰ গ্ৰাহকৰ সুবিধা কৰিব। অনলাইনৰ ব্যৱস্হাটো খুউব মসৃণভাৱে সকলো বয়সৰ গ্ৰাহকৰ সুবিধা হোৱাকৈ ৰাখিব ।ই আপোনাৰ ব্যৱসায় আগবঢ়োৱাত সহায় কৰিব আৰু গ্ৰাহকৰ চাহিদা বৃদ্ধি কৰাব ।

আপোনাৰ সামগ্ৰীবোৰ অনলাইন যোগে বিক্ৰী কৰিবৰ বাবে ভাল এটা ৱেবছাইট বনাব। বজাৰৰ ক্ষেত্ৰত  আজিকালি ই কৰ্মাচে সকলো সহজ কৰি তুলিছে। 

মাৰ্কেটিং আৰু চছিয়েল মাধ্যম 

যিকোনো ব্যৱসায় আৰম্ভ কৰিলে তাৰ মাৰ্কেটিং টো ভালদৰে জনা উচিত ।যিহেতু এটা ব্যৱসায়ৰ বাবে মাৰ্কেটিং গুৰুত্বপূৰ্ণ আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ উপৰিও ভিন্ন চছিয়েল মিডিয়াৰ মাধ্যমেৰে আপুনি আপোনাৰ মাৰ্কেটিং কৰিব পাৰে। মাজে মাজে ৰেহাই মূল্যত আপোনাৰ প্ৰডাক্টবোৰ দিব যাতে সেয়াই গ্ৰাহকক আকৰ্ষিত কৰিব পাৰে । গ্ৰাহকৰ প্ৰতিক্ৰিয়াও জানিবলৈ চেষ্টা কৰিব ।পাৰিলে হোৱাটছ এপ প্ৰফাইল বনাব আৰু তাত মাজে মাজে গ্ৰাহকক তেওঁলোকৰ প্ৰয়োজন অনুযায়ী অফাৰ দিব পাৰিব । তদুপৰি বিজ্ঞাপন দিয়াৰ ব্যৱস্হা কৰিব। । প্ৰত্ৰিকা,ছচিয়েল মিডিয়াৰ মাধ্যমেৰেও প্ৰচাৰ চলাব ।

এটা ব্ৰেন্দ আৰু এটা লগ’

শুনিবলৈ সহজ যদিও এই ব্যৱসায়ত আপোনাৰ বিক্ৰীৰ পৰিমাণ বৃদ্ধি কৰিব আপোনাৰ  এটা ব্ৰেন্দ আৰু এটা লগ’ এ।  সদায়েই এনে ব্ৰেন্দ ৰাখিব যাতে গ্ৰাহকে নামটো শুনিলেই কল্পনা কৰিব পাৰে আৰু কোনো খেলিমেলি অনুভৱ নকৰে। যদি  আপোনাৰ  ব্ৰেন্দৰ নাম বা লগ’ বনাই তেন্তে কপি ৰাইট কৰি লব। 

প্ৰভাৱ পেলাব পৰা ব্যক্তিৰ সহায় লব

আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে স্হানীয় প্ৰভাৱ পেলোৱা ব্যক্তিৰ সহায় লব আৰু আপোনাৰ ব্ৰেন্দটো প্ৰচাৰ চলাবলৈ দিব। যিহেতু প্ৰভাৱশালী ব্যক্তিৰ কথা সাধাৰণ ৰাইজে গ্ৰহণ কৰে ।

বিশ্বত জনসংখ্যা দিনকদিনে বৃদ্ধি পাই আছে। মানুহ নোখোৱাকৈ নাথাকে। সেয়ে ততালিকে বনাব পৰা খাদ্য সামগ্ৰী ব্যৱসায় আৰম্ভ কৰক আৰু ইয়াৰ দ্বাৰা  লাভান্বিত হওঁক। 

শুভকামনাৰে

 

Related Posts

None

বেটাৰী ব্যৱসায়


None

গেলামাল দোকানৰ ওপৰত জি এচ টিৰ প্ৰভাৱ


None

গাখীৰ বিতৰণ কৰাৰ ব্যৱসায়।


None

গহনা ব্যৱসায়


None

প্ৰিণ্টিং তথা জেৰক্সৰ ব্যৱসায়


None

ট্ৰেভেল এজেঞ্জীৰ ব্যৱসায়


None

চামৰাৰ ব্যৱসায়


None

ফলৰ ৰসৰ ব্যৱসায়


None

ডিজিটেল মাৰ্কেটিং এজেঞ্চী