written by | October 11, 2021

প্ৰসাধনৰ ব্যৱসায়

×

Table of Content


প্ৰসাধনৰ সামগ্ৰীৰ ব্যৱসায় আপুনি ঘৰত কিদৰে

আৰম্ভ কৰিব

এক সমীক্ষামতে প্ৰসাধনৰ বজাৰখনে ২০১৮ চনৰ পৰা ২০২৫ চনৰ ভিতৰত গোলকীয় ব্যৱসায়ৰ ক্ষেত্ৰত দুগুণ অগ্ৰগতি হব বুলি প্ৰকাশ পাইছে। বৰ্তমান যুগত মানুহ আটাইতকৈ বেছি সচেতন হয় স্বাস্থ্য আৰু সৌন্দৰ্যক লৈ। অকল মহিলা বুলিয়েই নহয়,পুৰুষ-মহিলা উভয়ে আজিকালি নিজক লৈ অধিক সজ্ঞান হোৱা দেখা গৈছে। নিশ্চয়কৈ এইয়া এক ভাল খবৰ। স্বাস্থ্য আৰু সৌন্দৰ্যৰ  প্ৰতি সচেতন ব্যক্তি এজনৰ আত্মবিশ্বাস বাঢ়ে, স্বাস্থ্য ভালে থাকে আৰু  তেও নিজৰ লগতে আনকো সুন্দৰ দৃষ্টিৰে চাব লয়।সৌন্দৰ্য চৰ্চা অকল আজিৰ দিনৰে বিষয়বস্তু নহয়। এইয়া  যুগ যুগ ধৰি চলি আহি আছে। প্ৰাচীন কালত নানান ধৰণৰ প্ৰাকৃতিক উপাদানেৰে তৈয়াৰী সৌন্দৰ্য বৰ্ধক সামগ্ৰীৰে নিজৰ সুন্দৰতা অটূত ৰখা হৈছিল। ভাৰতবৰ্ষত পুৰণি বহু কিতাপত এনেবোৰ কথাৰ উল্লেখ আছে। গতিকে এই প্ৰাচীনকলীয়া আটাইৰে পচন্দৰ বিষয়বস্তু এটাক যদি আমি আজি আধুনিক যুগত সেই একেদৰেই উপস্থাপন কৰি ব্যৱসায় হিচাপে আৰম্ভ কৰো তেনেহলে তাতকৈ ভাল কথা চাগে আৰু একো নহব। প্ৰসাধনৰ সামগ্ৰীৰ ব্যৱসায় ঘৰৰ পৰাই কেনেদৰে কৰিব তাৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম।

 

এক ব্যৱসায়িক চিন্তাধাৰা

সৌন্দৰ্য চৰ্চা তথা প্ৰসাধনৰ ব্যৱসায়ত নামাৰ আগতে আপুনি মানসিকভাৱে প্ৰস্তুত হৈ লওক যে আপুনি এগৰাকী পেছাদাৰী প্ৰসাধনৰ ব্যৱসায়ী আৰু আপোনাৰ ব্যৱসায়ৰ প্ৰতি আপুনি একান্তভাৱে নিয়োজিত। এটা প্ৰসাধনৰ ব্যৱসায় আৰম্ভ কৰিবলৈ যিখিনি নীতি- নিয়ম পালন কৰিব লাগে। এফ ডি এৰ অন্তৰ্গত কিছুমান নিয়ম বান্ধি দিয়া থাকে যিবোৰ প্ৰসাধনৰ ব্যৱসায়ীয়ে মানি চলিব লাগে। ফুড,ড্ৰাগচ আৰু কচমেটিক এক্টৰ অধীনত নিয়মসমূহ পালন কৰিলে  তাত  ভেজালকৰণৰ কোনো ভয় নাথাকে আৰু গ্ৰাহকে নিসংকোচে সেই সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে।প্ৰস্তুতকৰণ আৰু লেবেলিংৰ নিয়মবোৰ এফ ডি এ নিয়ন্ত্ৰণ কৰে । এইখিনি মানি চলিলেই ভৱিষ্যতে হব পৰা যিকোনো আইনী মেৰপাকৰ পৰা বাচি চলিব পাৰি।

   আপোনাৰ প্ৰসাধন সামগ্ৰীৰ ব্যৱসায়ৰ বাবে এটি আকৰ্ষণীয় লোগো আৰু এটা নাম নিৰ্ধাৰণ কৰক যিটোৱে আপোনাৰ সামগ্ৰীৰ লগত সংযুক্ত কৰিব পাৰে।লোগো ডিজাইন কৰাৰ বাবে আজিকালি বহুতোথপেছাদাৰী এজেঞ্চী থাকে যত আপোনাৰ পচন্দ মতে লোগো ডিজাইন কৰাত সহায় কৰে।

 

স্থান নিৰ্বাচন

প্ৰথমে আপোনাৰ প্ৰসাধনৰ ব্যৱসায়টো ঘৰৰ পৰাই আৰম্ভ কৰক। নিজৰ ঘৰ অথবা ভাড়া লোৱা এটা স্থানৰ পৰা এই ব্যৱসায় আৰম্ভ কৰক। আৰম্ভণিতে ডাঙৰ ঠাই এটি ভাড়ালৈ লৈ মূলধন বিনিয়োগ কৰাতকৈ পৰাপক্ষত নিজৰ ঘৰৰ পৰাই কৰিওে ভাল।এটি ব্যৱসায়ৰ আৰম্ভণিতে বিভিন্ন কামত ধন বিনিয়োগ কৰিব লগা হয়। গতিকে হিচাপমতে খৰচ কৰি প্ৰতিটো বিভাগত যিমান পাৰি সিমান খৰচ কমাবলৈ চেষ্টা কৰিব লাগে।

 

সামগ্ৰীৰ বিশেষত্ব

আপুনি যেতিয়া প্ৰসাধনৰ ব্যৱসায় আৰম্ভ কৰে তেতিয়া বহুত ধৰণৰ সামগ্ৰীৰ একেলগে কাম আৰম্ভ নকৰিব। যিটো সামগ্ৰীৰ ওপৰত আপোনাৰ দক্ষতা আৰু আত্মবিশ্বাস আছে,সেই সামগ্ৰীবিধৰ ওপৰত মন দিয়ক। আৰু এটা বিশেষ সামগ্ৰীৰ কাৰণে আপোনাৰ প্ৰসাধনৰ ব্যৱসায়ে খ্যাতি লাভ কৰিব পাৰে। একেলগে বহুকেইটা সামগ্ৰীৰ উৎপাদন কৰি নিয়ন্ত্ৰণ কৰিব নোৱাৰাতকৈ এবিধেই সামগ্ৰী ভালকৈ বনাওক যত বস্তুৰ গুণগত মানদণ্ডও  অক্ষুণ্ণ থাকে।বিভিন্ন ধৰণৰ প্ৰসাধন কোম্পানীয়ে তেওলোকৰ ব্ৰেণ্ডৰ ভিতৰত বহুতো সামগ্ৰী উৎপাদন কৰে। কিন্তু প্ৰথমতে  তেওলোকেও অতি কমৰ পৰাই আৰম্ভ কৰিছিল।

 

বিশেষজ্ঞ ভাড়ালৈ লওক

প্ৰসাধনৰ সামগ্ৰী উৎপাদন হোৱাৰ পিচত এজন বিশেষজ্ঞৰ প্ৰয়োজন হব যিয়ে আপোনাৰ উৎপাদিত সামগ্ৰীৰ গুণাগুণ পৰীক্ষা কৰিব পাৰিব। প্ৰসাধনৰ সামগ্ৰীবোৰত যিমান পাৰি প্ৰাকৃতিক উপাদানেৰে বনাব লাগে যাতে ছাল অথবা চুলিৰ কোনো ক্ষতি নহয়। বিশেষজ্ঞই  আপোনাৰ সামগ্ৰী পৰীক্ষা কৰি কি উপাদান কিমান পৰিমাণত দিব লাগিব আৰু কিমান কমাব লাগিব তেও কব পাৰিব।এটি দীৰ্ঘদিনীয়া ব্যৱসায়ৰ কাৰণে গুণাগুণ অটুট থকাটো খুবেই জৰুৰী যাতে ভৱিষ্যতলৈ গ্ৰাহকে আপোনাৰ সামগ্ৰীৰ ওপৰত বিশ্বাস কৰিব পাৰে।

 

পঞ্জীয়ন আৰু অনুমতি পত্ৰ

আপুনি প্ৰসাধনৰ ব্যৱসায় কৰাৰ আগতে আইনী প্ৰক্ৰিয়াবোৰ আৰু পঞ্জীয়নৰ কামখিনি ঠিকে-ঠাকে কৰি লব।দোকান খুলিবলৈ অনুমতি পত্ৰ, কৰবাত বিক্ৰীৰ বাবে লগা বিক্ৰী কৰ আৰু উৎপাদনৰ লগত জড়িত বিভিন্ন অনুমতিৰ বাবে সকলো কাম পৰ্যায়ক্ৰমে কৰি লওক। 

       ব্যৱসায় অনলাইনে হওক বা দোকানৰ জড়িয়তেই হওক যাৱতীয় তথ্যপাতি সঠিকভাৱে থাকিব লাগে।

 

বিপণন আৰু এডভাৰটাইজিং

প্ৰসাধনৰ সামগ্ৰীখিনিৰ উৎপাদন হোৱাৰ লগে লগে পৰৱৰ্তী পৰ্যায়ত তাৰ বিপণনৰ কাম আৰম্ভ কৰিব লাগে। বিপণন আৰু এডভাৰটাইজিংয়ে উৎপাদিত সামগ্ৰী আৰু গ্ৰাহকৰ মাজত সমন্বয় প্ৰতিষ্ঠা কৰে। এডভাৰটাইজিংৰ কামটো হল বস্তুৰ গুণাগুণ সহকাৰে তাৰ বহুল প্ৰচাৰ কৰা।বৰ্তমান যুগত নানান ধৰণৰ এডভাৰটাইজিংৰ সহিয়ত গ্ৰাহকক আকৃষ্ট কৰা হয়। বজাৰত প্ৰতিটো বস্তুৱেই হওক বা নৱ গঠিত কোম্পানী এটিয়ে হওক সকওোৰে প্ৰতিদ্বন্দ্বী থাকে। বজাৰত তিষ্ঠি থাকিবলৈ হলে নিজৰ কোম্পানীৰ সামগ্ৰীৰ গুণাগুণ অদ্বিতীয় হব লাগিব। আপুনি সামগ্ৰীৰ এডভাৰটাইজিংৰ সময়ত গ্ৰাহকক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিলেহে আপোনাৰ প্ৰসাধনৰ ব্যৱসায়ে  বজাৰত ভালদৰে  খোপনি পুতিব। যিকোনো ব্যৱসায়ত গ্ৰাহকৰ সন্তুষ্টিয়েই সৰ্বোত্তম আৰু তেওলোকৰ  মতামতৰ ওপৰত নিৰ্ভৰ কৰে ভৱিষ্যতৰ গ্ৰাহকসমূহ। বিপণনৰ ক্ষেত্ৰটো কথাটো তেনেকুৱাই । আপোনাৰ প্ৰসাধনৰ ব্যৱসায়ৰ সামগ্ৰীখিনি আপুনি প্ৰত্যক্ষভাৱে গ্ৰাহকক বেচিব বিচাৰিছে নে মাজত কোনোবা হোলছেলাৰৰ মাধ্যমেদি বজাৰৰ মাজলৈ আগবঢ়াব বিচাৰিছে সেইটো ধাৰ্য কৰি লওক। যি ধৰণেই হওক অৱশেষত গ্ৰাহকৰ মাজলৈ সামগ্ৰী আগবঢ়াই দিয়াতোহে কথা।

 

সামাজিক মাধ্যম

গ্ৰাহকে আজিকালি চছিয়েল মিডিয়াত সঘনাই দেখা বস্তুবোৰ আৰু সেইবোৰৰ ওপৰত আনে দিয়া মতামতবোৰ চাইহে বহুখিনি সিদ্ধান্ত লয়। আপোনাৰ প্ৰসাধনৰ ব্যৱসায় আৰম্ভ হোৱাৰ সমান্তৰালভাৱে ৱেৱছাইট, ব্লগ অথবা আপোনাৰ সামগ্ৰী ব্যৱহাৰ কৰা গ্ৰাহকক সেই বিষয়ে তেওৰ অভিজ্ঞতাৰ কথা লিখিব কব পাৰে। ৱেৱছাইটত সামগ্ৰীৰ বিৱৰণ আৰু লগতে সেই প্ৰসাধনবিধৰ গুণাগুণ সম্পৰ্কীয় কথা উল্লেখ কৰক। প্ৰাকৃতিক উপাদানেৰে তৈয়াৰী আপোনাৰ সামগ্ৰীৰ কথা গ্ৰাহকক বুজাওক কাৰণ আজিকালি মানুহে মূল্যৰ কথাতকৈ গুণৰ ওপৰত বেছি নিৰ্ভৰ কৰে।  ব্লগত প্ৰতিদিনে এটা হলেও আপদেট দিয়ক যাতে সম্ভাৱ্য গ্ৰাহকৰ দৃষ্টিৰ পৰা আপোনাৰ প্ৰসাধন ব্যৱসায়ৰ কোনো এটা খবৰ আতৰি নাযায়। সামাজিক মাধ্যমে আপোনাৰ প্ৰসাধনৰ ব্যৱসায়ত যথেষ্ট গ্ৰাহক আনিব পাৰে। কেতিয়াবা  অনলাইনত প্ৰসাধন সামগ্ৰীৰ বিষয়ে  কুইজ অথবা লটাৰীৰ যোগেদিও গ্ৰাহক নিৰ্বাচন কৰি তেওলোকক আপোনাৰ দোকানলৈ আমন্ত্ৰণ জনাব পাৰে।

 

প্ৰসাধন সামগ্ৰীৰ বজাৰখনে এক বিস্তৃত পৰিসৰ দখল কৰি আছে। এগৰাকী পুৰুষ বা মহিলাই নিজক শ্ৰেষ্ঠ দেখাবলৈ লগতে নিজৰ পৰিচৰ্যাৰ নামত এক বুজন পৰিমাণৰ ধন খৰচ কৰিবলৈ কুণ্ঠাবোধ নকৰে। নতুন নতুন সামগ্ৰীৰ উদ্ভাৱনেই  হওক বা চছিয়েল মিডিয়া ট্ৰেণ্ডেই হওক আজিকালি মানুহৰ মাজত জীৱনশৈলীৰ পৰিৱৰ্তন ঘটিছে। গতিকে প্ৰসাধনৰ ব্যৱসায় আৰম্ভ কৰিব খোজাটো এটা অতি লাভজনক আৰু সুবিধাজনক উপায়। নিষ্ঠা,সততা আৰ পৰিশ্ৰমেৰে আগবঢ়া ব্যৱসায়ে আপোনাক উন্নতিৰ শিখৰলৈ লৈ যাব। প্ৰসাধন সামগ্ৰী এতিয়া প্ৰতিজনৰে জীৱনৰ এটি অবিচ্ছেদ্য অংগ। আৰম্ভণিৰ পিছৰে পৰা সময়ে সময়ে আপোনাৰ সামগ্ৰীৰ উন্নীতকৰণ কৰি থাকক। আৰম্ভণিতে যিকোনো ব্যৱসায়ে কিছুমান বাধা-বিঘিনিৰ মাজেৰে আগবাঢ়ে। তথাপি মনোবল অটুট ৰাখি আপোনাৰ প্ৰসাধনৰ ব্যৱসায় আগবঢ়াই লৈ যাওক। আৰম্ভণিৰে পৰা প্ৰতিটো বস্তুৰ লগত জড়িত হিচাপবোৰ সুন্দৰকৈ লিখি যাওক যাতে বিনিয়োগবোৰ গম পোৱা যায়। আপুনি যিহেতু ঘৰৰ পৰাই প্ৰসাধনৰ ব্যৱসায় আৰম্ভ কৰিব সেই ক্ষেত্ৰত কিছুমান বিভাগত আপুনি খৰচ নকৰিলেও সমস্যা নাই। প্ৰডাক্ট টেষ্টিংৰ কাৰণে প্ৰথমতে নিজৰ মানুহক প্ৰস্তাৱ দিয়ক। কিবা সমস্যা থাকিলেও তেতিয়া প্ৰাৰম্ভিক পৰ্যায়তেই সমাধান কৰিব পৰা যাব। সম্পূৰ্ণ নিজস্ব প্ৰচেষ্টাৰে আৰম্ভ কৰা এই ব্যৱসায়ে আপোনাৰ লগতে বহুতকে  স্বাৱলম্বিতাৰ পথ দেখুৱাব আৰু আনকো অনুপ্ৰাণিত কৰিব।প্ৰসাধন সামগ্ৰীৰ ব্যৱসায়ত ভৱিষ্যতলৈ যথেষ্ট সম্ভাৱণা আৰু লাভ অৰ্জনৰ বাট আছে । গতিকে দেৰী নকৰি আপুনিও এই ব্যৱসায়ত আগবাঢ়ক।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।