written by | October 11, 2021

উচ্চমানবিশিষ্ট প্ৰাচীন বস্তুৰ ব্যৱসায়।

×

Table of Content


প্ৰাচীন  আৰু ভিনটেজ সামগ্ৰীৰ ব্যৱসায় কেনেদৰে আৰম্ভ কৰিব 

প্ৰাচীন কালৰ সামগ্ৰী সমূহৰ প্ৰতি মানুহৰ আকৰ্ষণ সদায়েই বেছি। যিহেতু তেনে সামগ্ৰী যথেষ্ট মূল্যবান, প্ৰাচীন সেয়ে তেনে সামগ্ৰীৰ চাহিদা খুউব বেছি। প্ৰাচীন সামগ্ৰী সমূহত খোদিত হৈ থাকে আমাৰ ইতিহাস আৰু বুৰঞ্জী। সেয়ে তেনেবোৰ সামগ্ৰীৰ প্ৰতি আমাৰ ধাউতি সকলোৰে বেছি। নজনাটোক জানিবলৈ মন যোৱা আমাৰ কৌতূহলী মনটোক তেনে সামগ্ৰী য়ে আকৰ্ষিত কৰে। বৰ্তমান সময়ত তেনে সামগ্ৰীৰ চাহিদা খুউব বেছি হোৱা পৰিলক্ষিত হৈছে।মানৱ সংস্কৃতিৰ ঐতিহ্য বহনকাৰী হিচাপে প্ৰাচীন সামগ্ৰীৰ এক সুকীয়া পৰিচয় আছে। আপুৰুগীয়া বস্তুৰ সংৰক্ষণ মানুহৰ এক স্বভাৱজাত বৈশিষ্ট্য। পুৰণি কালতো এনেধৰণৰ অমূল্য সামগ্ৰী সংৰক্ষণ কৰি ৰখাটো মানৱ জীৱনৰ এক অভ্যাস আছিল।

 হিষ্ট্ৰী টিভি আৰু ডিছকভাৰী চেনেলত কিছুমান এনে অনুষ্ঠান দেখুৱাই যিবোৰ চাই দৰ্শক এনে সামগ্ৰীৰ প্ৰতি বেছি আকৃষ্ট হৈছে। আমি দেখিবলৈ পাওঁ যে প্ৰাচীন সামগ্ৰীৰ বিনিময়ত যথেষ্ট মূল্য দিবলৈও আপোচ নকৰে। এইটো এটা লাভজনক ব্যৱসায়। 

জানো আহক এই ব্যৱসায় কেনেদৰে আৰম্ভণি কৰিব 

বজাৰৰ পৰ্যবেক্ষণ কৰক 

আপোনাৰ ব্যৱসায়টোৰ বাবে ইতিহাসৰ লগত জড়িত বিজ্ঞ সকলৰ লগত এটা সু সম্পৰ্ক গঢ়ি তুলিব। তেওঁ লোকৰ পৰা তথ্য সংগ্ৰহ কৰিব।ব্যৱসায়টো আৰম্ভ কৰাৰ পূৰ্বে  আপোনাৰ বজাৰ, চাহিদা, যোগান সকলোবোৰ কেনেকুৱা হব জানি লোৱাটো উচিত।সেয়ে আপুনি ভালদৰে পৰ্যবেক্ষণ কৰক।যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে বজাৰ পৰ্যবেক্ষণ কৰাতো খুবেই জৰুৰী ।বজাৰৰ বিষয়ে একো তথ্য আপোনাৰ হাতত নাথাকিলে ব্যৱসায়টো বুজি পাবলৈ বহু সময় আপোনাক লাগিব আৰু তেনে কৰিলে আপোনাৰ ব্যৱসায়ত সহজে লাভ মুখ দেখা নাপাব ।সেয়ে বজাৰ পৰ্যবেক্ষণ কৰাতো খুবেই জৰুৰী ।এটা উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ।আনবোৰ দোকানে কেনে ধৰণৰ সুবিধা আগবঢ়াইছে আৰু তেওঁলোকৰ বিশেষত্ব কি সেয়াও জানিবলৈ চেষ্টা কৰিব। আপোনাৰ ব্যৱসায়টোৰ বিষয়ে নিজেও জানিব লাগিব। এই ব্যৱসায় লাভজনক আৰু বিনিয়োগো বেছি। তদুপৰি ই এক সাংস্কৃতিক হাব্ ও হয়।

আপোনাৰ দক্ষতা বৃদ্ধি কৰক 

আপুনি এই ব্যৱসায়ত সফলতা লাভৰ বাবে ইতিহাস সম্পৰ্কে জ্ঞান আহৰণ কৰিব লাগিব। আপুনি পাৰদৰ্শী হব লাগিব। আপুনি আন এই বিষয়ত পাৰদৰ্শী সকলৰ পৰাও জ্ঞান আহৰণ কৰিব। আপুনি জানিব লাগিব কোনটো সামগ্ৰীৰ মূল্য কিমান। কোনটো সামগ্ৰীৰ বিশেষত্ব কি ইত্যাদি ইত্যাদি। আপুনি এই ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে এই বিষয়ে জনাটো উচিত ।মানৱ সংস্কৃতিৰ ঐতিহ্য বহনকাৰী হিচাপে প্ৰাচীন সামগ্ৰীৰ এক সুকীয়া পৰিচয় আছে। আপুৰুগীয়া বস্তুৰ সংৰক্ষণ মানুহৰ এক স্বভাৱজাত বৈশিষ্ট্য। পুৰণি কালতো এনেধৰণৰ অমূল্য সামগ্ৰী সংৰক্ষণ কৰি ৰখাটো মানৱ জীৱনৰ এক অভ্যাস আছিল । আপুনি ইতিহাসৰ বিষয়ে আঁতিগুৰি জনা ভাল । দক্ষ বিশেষজ্ঞৰ সৈতে কথা পাতক ।নতুন পদ্ধতি শিকক আৰু যিহেতু  ক্ষেত্ৰখনত বহু বছৰৰ কষ্ট,পৰিশ্ৰম থাকে সেয়ে সন্মান জনাওক।মুঠতে আপোনাৰ দক্ষতা সকলোপ্ৰকাৰে বৃদ্ধি কৰক ।

আকাৰ নিৰ্ধাৰণ কৰিব 

মানৱ সংস্কৃতিৰ ঐতিহ্য বহনকাৰী হিচাপে প্ৰাচীন সামগ্ৰীৰ এক সুকীয়া পৰিচয় আছে। আপুৰুগীয়া বস্তুৰ সংৰক্ষণ মানুহৰ এক স্বভাৱজাত বৈশিষ্ট্য।পুৰণি কালতো এনেধৰণৰ অমূল্য সামগ্ৰী সংৰক্ষণ কৰি ৰখাটো মানৱ জীৱনৰ এক অভ্যাস আছিল।এই ব্যৱসায়ত আগবাঢ়িবৰ বাবে বহু সুবিধা আছে। কিন্তু মনত ৰাখিব যাতে আপুনি এটা নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছে। সেই ব্যৱসায়ত আপুনি এশ শতাংশ দিব লাগিব। আপোনাৰ ক্ষমতা অনুসৰি আপোনাৰ ব্যৱসায়ৰ আকাৰ নিৰ্ধাৰণ কৰিব। ব্যৱসায়ত ভাল,বেয়া দিন আহিব পাৰে যিকোনো সময়ত । সকলো দিশৰ বাবে সাজু থাকিব। অপ্ৰয়োজনীয় খৰছ নকৰিব। আৰম্ভ কৰাৰ সময়ত এইটো বিবেচনা কৰাৰ প্ৰয়োজন যে আপোনাৰ দোকানৰ পৰা গ্ৰাহকে  কেনেধৰণৰ  সুবিধা লাভ কৰিব। আপুনি দোকানখন কেনেদৰে দিয়ে সেয়া আপুনি বিবেচনা কৰিব ।

এডোখৰ ভাল ঠাই বাচনি কৰক 

আপোনাৰ বিপণী খনৰ বাবে এডোখৰ ভাল ঠাই বাচনি কৰি লোৱাটো খুবেই জৰুৰী।এই দিশটো মনত ৰাখিয়েই আপুনি আপোনাৰ ব্যৱসায়ৰ ঠাইডোখৰ নিৰ্বাচন কৰিব যাতে সেই ঠাইডোখৰত আপোনাৰ ব্যৱসায়েই আটাইতকৈ আকৰ্ষণীয় হয়। ঠাইডোখৰ  ভাড়ালৈ ও লব পাৰে বা ক্ৰয়ো কৰিব পাৰে।য‘ত জন সমাগম বেছি আৰু ব্যস্ততাপূৰ্ণ এলেকাত হয়।  কোনো শ্বপিং মলৰ তলত বা পৰ্যটকক আকৰ্ষিত কৰিব পৰা ঠাইত হয় যি ঠাইলৈ সঘনে উৎসাহী মানুহ, পৰ্যটকৰ সমাগম ঘটে।

আন্তঃগাঁথনি আৰু আলোকসজ্জা 

মানৱ সংস্কৃতিৰ ঐতিহ্য বহনকাৰী হিচাপে প্ৰাচীন সামগ্ৰীৰ এক সুকীয়া পৰিচয় আছে। আপুৰুগীয়া বস্তুৰ সংৰক্ষণ মানুহৰ এক স্বভাৱজাত বৈশিষ্ট্য। পুৰণি কালতো এনেধৰণৰ অমূল্য সামগ্ৰী সংৰক্ষণ কৰি ৰখাটো মানৱ জীৱনৰ এক অভ্যাস আছিল।এনে প্ৰাচীন সামগ্ৰী ৰখা বিপণীখন সজাবলৈ সামগ্ৰীবোৰ ভাল আৰু শৃংখলাবদ্ধ ভাৱে ৰাখিব। গ্ৰাহকে কেনে সামগ্ৰী ভাল পায়  গ্ৰাহকৰ মনবোৰ জানিবলৈ চেষ্টা কৰিব। তেওঁলোকৰ বহাৰ ব্যৱস্থা ও ৰাখিব। খুউব ধুনীয়াকৈ দোকানখনৰ সন্মুখ খিনি সজাব। আপোনাৰ  দোকানখনখনলৈ মানুহৰ সমাগম বৃদ্ধি কৰিব । এনেদৰেই আপোনাৰ দোকানখন লাহে লাহে আপোনাৰ অঞ্চলত জনপ্ৰিয় হৈ পৰিব ।

ই কমাৰ্চ প্লেটফৰ্ম তৈয়াৰ কৰক

এখন বিপণী খুলিবলৈ আপোনাৰ শক্তিশালী স্হানীয় ব্যক্তিৰ লগত যোগাযোগ, সু সম্পৰ্ক থকাতো খুবেই জৰুৰী। প্ৰথমতে ওচৰ চুবুৰীয়া আৰু আশে পাশে থকা মানুহৰ লগত সু সম্পৰ্ক গঢ়ি তুলিব।এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী। ৱেবছাইটোত সামগ্ৰী  সন্দৰ্ভত বিতং ভাৱে জনাব। আপোনাৰ ডেলিভাৰী এলেকাতো নিৰ্ধাৰণ কৰি লব। ৱেবছাইটো আকৰ্ষণীয় কৰি ৰাখিবৰ বাবে ভিন্ন ধৰণৰ বস্তুৰে সজাই অনলাইনৰ ব্যৱস্হাটো খুউব মসৃণভাৱে সকলো  গ্ৰাহকৰ সুবিধা হোৱাকৈ ৰাখিব ।ই আপোনাৰ ব্যৱসায় আগবঢ়োৱাত সহায় কৰিব আৰু গ্ৰাহকৰ চাহিদা বৃদ্ধি কৰাব

ছচিয়েল মিডিয়া আৰু মাৰ্কেটিং 

আপোনাৰ  সামগ্ৰীবোৰ অনলাইন যোগে বিক্ৰী কৰিবৰ বাবে ভাল এটা ৱেবছাইট  ইয়াৰ বাবে এজন দক্ষ টেকনিচিয়ানৰ সহায় লব পাৰে।যি প্ৰতি সময়তে আপোনাৰ ৱেবছাইট কোনো সমস্যা নোহোৱাকৈ চলাব পাৰে ।আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী। গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ মাধ্যমৰে প্ৰচাৰ চলাওক। ৰেহাইৰ সুবিধা আগবঢ়াওক। লিফটলেট, পাম্পলেট আদি প্ৰচাৰ পত্ৰিকাৰে বজাৰ দখলৰ চেষ্টা চলাওক। পাৰিলে হোৱাটছ এপৰ জৰিয়তে গ্ৰাহকক ৰেহাই মূল্য ৰ বিষয়ে অৱগত কৰিব। মনত ৰাখিব যাতে গ্ৰাহক আপোনাৰ ব্যৱহাৰত সন্তুষ্ট হৈ থাকে।

প্ৰাচীন সামগ্ৰী ব্যৱসায় কেৱল এক ব্যৱসায়েই নহয় ই এক জ্ঞান, সংস্কৃতি আৰু ইতিহাসৰ ধ্বজাবাহকো।আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। এই ব্যৱসায়টো আপোনাৰ বাবে নতুন,সেয়ে বেয়া দিনৰ বাবেও সাজু থাকিব । সঠিক পৰিকল্পনা আৰু মাৰ্কেটিং কৰাৰ পাছতো কেতিয়াবা ব্যৱসায়ত উন্নতি নহয় তেতিয়া আপুনি ভালদৰে পৰ্যবেক্ষণ আৰু দৃঢ়প্ৰতিজ্ঞ হব। যিকোনো ব্যৱসায়ত ভাল বেয়া সকলো দিন আহে। আপুনি সংকল্প লৈ আগবাঢ়িব। যদিহে আপুনি এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এইটো এটা সঠিক সময়।

—-শুভকামনাৰে

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।