written by | October 11, 2021

মটৰ গাড়ী চলোৱা প্ৰশিক্ষণ কেন্দ্ৰৰ ব্যৱসায়।

×

Table of Content


ড্ৰাইভিং স্কুলৰ ব্যৱসায় কিদৰে আৰম্ভ কৰিব

ট্ৰেফিক জামত ৰৈ থকাৰ যন্ত্ৰণা, অটো বা ৰিক্সাৰ কাৰণে ৰৈ ৰৈ আমনি লগা,ভাড়াৰ কাৰণে ড্ৰাইভাৰ বা কণ্ডাক্টৰৰ লগত কাজিয়া লগা ইত্যাদি প্ৰতিদিনঐ কাহিনী। তাৰোপৰি কৰ’ণাৰ সংহাৰী ৰূপৰ মাজত বহুত মানুহৰ লগত একেলগে যাত্ৰা কৰাটোও সুৰক্ষিত নহয়। সময়ত নিজৰ কৰ্মস্থান পাবলৈ,বজাৰ কৰা,কৰবালৈ ফুৰিবলৈ যোৱা আদিৰ কাৰণে গাড়ীখন আজিকালি  অপৰিহাৰ্য অংগ হৈ পৰিছে। কিন্তু গাড়ীখন কিনিলেই নহব,এজন সুদক্ষ চালক ও হব লাগিব।  আজিকালি এইবোৰ মানুহৰ প্ৰায় দৈনন্দিন জীৱনৰ এৰাব নোৱাৰা অংগ। গাড়ী এখন কিনি ভালদৰে চলাবওৈ হলে আপুনি প্ৰশিক্ষণপ্ৰাপ্ত লোকৰ পৰা শিকিব লাগিব। ড্ৰাইভিং স্কুলৰ ব্যৱসায় কৰি আপুনি ন শিকাৰুক গাড়ীৰ চলাবওৈ শিকোৱাৰ লগতে পদপথৰ নানান নিয়ম শিকাব পাৰে। এই ব্যৱসায় এইকাৰণেই লাভজনক বুলি কব পাৰি যে নিতৌ গাড়ী ক্ৰয় কৰা মানুহৰ সংখ্যা বৃদ্ধি হে হৈ গৈ আছে। আহকচোন চাও কিদৰে ড্ৰাইভিং স্কুলৰ ব্যৱসায়েৰে আপুনি লাভৱান হব পাৰে।

ড্ৰাইভিং স্কুলৰ প্ৰকাৰ

ড্ৰাইভিং স্কুল এখন খোলোতে প্ৰথম চাউ লাগিব যে আপুনি কি প্ৰকাৰৰ ড্ৰাইভিং স্কুল খুলিব বিচাৰিছে। আপুনি নিজাববীয়াকৈ ড্ৰাইভিং স্কুলৰ ব্যৱসায় ও আৰম্ভ কৰিব পাৰে অথবা কোনোবা কোম্পানীৰ পৰা ফ্ৰেঞ্চাইজীও লব পাৰে।আইনীভাবে এখন  গাড়ী চলাবলৈ হলে প্ৰথমে চালকক জিলা পৰিবহণ বিষয়াৰ পৰা জাৰী কৰা লাইচেঞ্চৰ দৰকাৰ হয়। ড্ৰাইভিং স্কুলত এজন ন-শিকাৰুক লাৰ্ণাৰ টেষ্টত পাচ কৰিবলৈ গাড়ী চলোৱাৰ প্ৰশিক্ষণ দিয়া হয়। তাৰ উপৰি বাণিজ্যিক বাহন যেনে বাছ,ট্ৰাক আদি গধুৰ বাহন চলোৱাৰ প্ৰশিক্ষণ দিয়া হয়।

বজাৰ অধ্যয়ন

প্ৰায় প্ৰতিজন বক্তিয়ে আজিকালি গাড়ী চলায়। তেনেস্থলত বহু ড্ৰাইভিং স্কুলৰ ব্যৱসায় ও অতি সাধাৰণ কথা। তথাপি সদায়েই নতুনত্বৰ অৱকাশ আছে।আপুনি যত আপোনাৰ ড্ৰাইভিং স্কুলৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তাৰ ওচৰে-পাজৰে আৱাসিক এলেকাত কিমান মানুহ আছে? আগৰে পৰা তাত ড্ৰাইভিং স্কুল আছে নেকি? সেই এলেকাত গাড়ী থকা মানুহ কিমান আছে ইত্যাদি প্ৰাথমিক অধ্যয়নৰ অংশ।  তাৰ লগতে আৰু এটা কথা চাব যে আপোনাৰ ব্যৱসায়ৰ প্ৰতিদ্বন্দ্বীসকলৰ প্ৰশিক্ষণৰ  ক্ষমতা,দুৰ্বলতা তথা মাচুল, শিক্ষাৰ্থীৰ প্ৰতি সেৱা ইত্যাদি কেনেকুৱা।

ব্যৱসায়িক পৰিকল্পনা

এতিয়া আপুনি ব্যৱসায়ৰ উদ্দেশ্য,লক্ষ্য,পৰিকল্পনা,কৰ্মচাৰী নিয়োগ আদি লিপিবদ্ধ কৰিব পাৰে।  এই পৰিকল্পনাত প্ৰতিটো স্তৰতে কেনেকৈ কি কৰিব তাৰ বিশদ বিবৰণ সহ লিপিবদ্ধ কৰক।

গ্ৰাহক

ড্ৰাইভিং স্কুল খোলাৰ লগে লগে আপোনাৰ কাম হব সম্ভাৱ্য গ্ৰাহক বিচৰা।  ড্ৰাইভিং স্কুলখন        যদি একেবাৰে চহৰাঞ্চলত অৱস্থিত তেনেহলে সেই ঠাইৰ মানুহৰ জীৱনশৈলী,জীৱিকা,উপাৰ্জন আদিৰ লগত মিলাকৈ গাড়ীও অত্যাধুনিক হব যিয়ে গ্ৰাহকৰ সকলো কাম অতি সহজে সম্পন্ন কৰাত সহায় কৰিব  পাৰে।কিন্তু আপোনাৰ   ড্ৰাইভিং স্কুল যদি অলপ ভিতৰুৱা অঞ্চলত হয় তেনেহলে সেই ঠাইৰ গ্ৰাহকৰ প্ৰয়োজন অনুসৰি শিকাৰুৰ  সংখ্যা কম হব পাৰে।

স্থান নিৰ্বাচন

 ড্ৰাইভিং স্কুলৰ ব্যৱসায়ৰ বাবে স্থান নিৰ্বাচন কৰোতে সদায় ডাঙৰ পৰিসৰৰ ঠাই নিৰ্বাচন কৰিব যাতে পিছলৈ আৰু তাত নতুনত্ব যোগ কৰিব পৰা যায়। বিভিন্ন ধৰণৰ বস্তু জমা ৰখাৰ বাবে যথেষ্ট ঠাই,সম্প্ৰসাৰণৰ সুবিধা, নানান গাড়ী, মেচিনাৰী সা-সজুলি এইবোৰৰ কাৰণে পৃথকে ৰখাৰ ব্যৱস্থা থাকিব লাগে। লগতে কোনোবা শিকাৰুৱে যোগদান কৰাৰ আগতে   ড্ৰাইভিং স্কুলখন     চাব বিচাৰিলে তেওলোকক দেখুৱাব পৰাকৈ সুন্দৰ পৰিবেশ এটা থাকিব লাগে। 

পঞ্জীয়ন

যিকোনো ব্যৱসায়ৰ বাবে পঞ্জীয়ন কৰাটো জৰুৰী। 

ড্ৰাইভিং স্কুলখন আৰম্ভ কৰাৰ আগতে পঞ্জীয়ন তথা আইনী প্ৰক্ৰিয়াৰ কামবোৰ কৰি লব লাগে। এই ব্যৱসায় যিহেতু মটৰগাড়ীৰ লগত  জড়িত আৰু এখন ট্ৰেইনিং ইনষ্টিটিউত, তাত গুণগত আৰু সুৰক্ষাৰ সকলো দিশ সঠিকভাৱে থকাতো জৰুৰী।

ড্ৰাইভিং স্কুলখনৰ    ব্যৱসায়ৰ লগত জড়িত বিভিন্ন পৰ্যায়ৰ ব্যক্তিৰ কৰ্মস্থানত সুৰক্ষাৰ দিশটোও মন কৰিবলগীয়া। দিনটোৰ বেছিভাগ সময় তেওলোকে তাত থাকি কাম পৰিচালনা কৰিব লাগে লগতে গাড়ীৰ নানান পাৰ্টচ পৰীক্ষা কৰা,গুণগত মানদণ্ডৰ প্ৰতি লক্ষ্য ৰাখা আদিত নিজকে নিয়োগ কৰি ৰাখিব লাগে। এইয়া কাম অতি সহজ নহয়। যান্ত্ৰিক বিজুতিৰো আশংকা থাকে। গতিকে সুৰক্ষাৰ দিশতো ভালদৰে চালি-জাৰি চাোৱা উচিত। ব্যৱসায়ী হিচাপে সফল হবলৈ হলে কৰ্মচাৰীৰ প্ৰতি লব লগা সাৱধানতা তেও পালন কৰিব লাগিব।   ড্ৰাইভিং স্কুলখনে    এক বৃহৎ বজাৰ দখল কৰিবলৈ প্ৰতিটো দিশ  বিবেচনা কৰি চাব লাগিব।

কৰ্মচাৰী নিয়োগ

অন্য ব্যৱসায়ৰ তুলনাত ড্ৰাইভিং স্কুলৰ ব্যৱসায়ৰ লগত জড়িত লোকসকৰ  কাৰিকৰী জ্ঞান থকাটো প্ৰয়োজন লগতে প্ৰকিক্ষণপ্ৰাপ্ত লাইচেঞ্চ থকাটো অনিবাৰ্য। গাড়ীৰ গঠন, বিভিন্ন পাৰ্টচৰ কাম ইত্যাদিৰ ব্যৱহাৰ আদিৰ বিষয়ে জনাটো দৰকাৰী। এজন ন-শিকাৰক গাড়ী চলাবলৈ শিকোৱাতো ধৈৰ্যৰ কাম আৰু বিপদাশংকাও বেছি। এইক্ষেত্ৰত ব্যৱসায়ী হিচাপে আপুনি প্ৰতিজন কৰ্মচাৰীকে এইবোৰৰ প্ৰাথমিক জ্ঞান সহ শিকাৰুক ভালদৰে শিকাবলৈ দিয়াৰ গধুৰ দায়িত্ব পালন কৰিব লগা হয়। ন-শিকাৰুৱে   ড্ৰাইভিং স্কুলখনে দিয়া শিক্ষা লৈয়েই এদিন ৰাজপথত নিজে গাড়ী চলাবলৈ আৰম্ভ কৰিব আৰু সেই আত্মবিশ্বাস  দিয়াটো আপোনাৰ কৰ্মচাৰীৰ কাম। আপোনাৰ এই ব্যৱসায়ত গ্ৰাহক সন্তুষ্ট হৈ গলে পিছত তেওৰকথা শুনিয়েই আৰু বহুতো শিকাৰু আপোনাৰ    ড্ৰাইভিং স্কুলখনত আহিব।

লেচন প্লান

ড্ৰাইভিং স্কুলখন এখন লাৰ্নিং হাব। তাত শিকাৰুৱে নিজে নজনা নতুন কথা এটা শিকিবলৈ আহে। গতিকে আপোনাৰ ড্ৰাইভিং স্কুলখনৰ এখন কাৰিকুলাম আৰু লেচন প্লান থকাটো নিতান্তই প্ৰয়োজন। থিয়ৰী  আৰু প্ৰেক্টিকেল দুয়োটা বিষয়ৰ লেচন  প্লান থাকিব লাগে যাতে প্ৰতিদিনে শিকাৰু জন অহাৰ লগে লগে সেই মতে ক্লাচ লব পাৰে।

মূল্য নিৰ্ধাৰণ

মূল্য নিৰ্ধাৰণ কৰাৰ আগতে অলপ বজাৰৰ ওপৰত সূক্ষ্মভাৱে গৱেষণা কৰাৰ প্ৰয়োজন। গাড়ী চলাব শিকাবলৈ আপনাৰ ব্যৱসায়ত গাড়ী কিনাৰ পৰা পৰা আৰম্ভ কৰি অফিচৰ ভাড়া,নানান বিল ,কৰ্মচাৰীৰ দৰমহা আদিৰ মূল্য নিৰ্ধাৰণ কৰা হয়। গুণাগুণৰ লগত কোনোধৰণৰ বুজাবুজি নকৰাকৈ এক উচিত মূল্যত বিক্ৰী কৰিব পৰাটোৱেই ব্যৱসায়ীৰ কৃতিত্ব। এই সকলো দিশ সামৰি আপুনি শিকাৰুক পেকেজ হিচাপত অফাৰ কৰিব পাৰে।

প্ৰস্তুতি

এটি সুন্দৰ আৰম্ভণিৰে   ড্ৰাইভিং স্কুলখন           খোলক।ব্যৱসায় লাগিলে অনলাইনে হওক অথবা অফলাইনে হওক এক বৃহৎ আড়ম্বৰেৰে খুলিলে গ্ৰাহকৰ চকুত সহজে পৰে। সমান্তৰালভাৱে ৱেবছাইট, ব্লগ, এডভাৰটাইজেৰে সকলো দিশতে আপোনাৰ ব্যৱসায়ৰ বিষয়ে যিমান পাৰে সিমান খবৰ আনক দিবলৈ চেষ্টা কৰক। আজিকালি গ্ৰাহকে বস্তু কিনাৰ আগতে অনলাইনত তাৰ বিষয়ে সকলো তথ্য আহৰণ কৰি চাই লয়। গতিকে ৱেবছাইট বা ব্লগত বিস্তৃত বিৱৰণ চাই গ্ৰাহকে আপোনাৰ ব্যৱসায়লৈ নিশ্চয় আহিব। 

ড্ৰাইভিং স্কুলখনৰ ওচৰে-পাজৰে থকা মানুহখিনিয়ে দেখিয়েই গম পাব কিন্তু দূৰৈৰ পৰা অহা বোৰে  অনলাইনত বিশদ তথ্য আগতে চাই আহিলে লাভান্বিত হব।

একেবাৰে শেষত মন কৰিবলগীয়া এটা গুৰুত্বপূৰ্ণ আৰু সবাতোকৈ জৰুৰী কথা হল শিকাৰুৰ মতামত। বাহ্যিক দৃষ্টিৰে চালে এইয়া অতি সৰু বিষয় কিন্তু এটি ব্যৱসায় দীৰ্ঘদিনীয়া হবলৈ হলে গ্ৰাহকৰ মতামতৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। এজন গ্ৰাহকে আপোনাৰ ড্ৰাইভিং স্কুলৰ লগত জড়িত হৈ আপোনাৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁ কেনেকুৱা পাইছে বা তাৰ পিছৰ সেৱাসমূহ কেনেকুৱা পাইছে সেই অভিজ্ঞতা  আনৰ আগত ব্যক্ত কৰে । সেই অভিজ্ঞতাই আপোনাৰ ব্যৱসায়ৰ নাম আৰু লাভ বঢ়োৱাত সহায় কৰিব। শিকাৰুৰ ভাল অভিজ্ঞতা সমূহ তেওলোকক লিখিব দি আপোনাৰ অফিচৰ ডিচপ্লে বোৰ্ডত সহজে আনে দেখা ঠাইত থব পাৰে।ইয়ে আপোনাৰ পুৰণি গ্ৰাহকৰ বাবে এক কৃতজ্ঞতাৰ চিন আৰু নতুন গ্ৰাহকৰ বাবে বিশ্বাসৰ ভেটি হব।ব্যৱসায়ী আৰু গ্ৰাহকৰ এই সম্পৰ্ক পৰস্পৰ নিৰ্ভৰশীল। গতিকে ড্ৰাইভিং স্কুলৰ এই ব্যৱসায়আৰম্ভ কৰি আপুনিও লাভবান হওক আৰু নিজৰ লগতে আনকো স্বাৱলম্বিতাৰ পথ দেখাওক। শুভেচ্ছা থাকিল।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।