written by | October 11, 2021

সৰু ব্যৱসায়ৰ ধাৰণা

×

Table of Content


ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰাৰ কেইটামান কিটিপ

আত্মনিৰ্ভৰশীল হ’বলৈ চৰকাৰে জনোৱা আহ্বানক আমাৰ দেশত বহু ডেকা গাভৰুৱে এটা প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছে আৰু নিবনুৱা সমস্যা সমাধানৰ বাবে বজাৰলৈ নতুন ব্যৱসায়ী ৰূপে আগবাঢ়ি আহিছে। থলুৱা বজাৰৰ সম্প্ৰসাৰণ আৰু অৰ্থনৈতিক বিকাশৰ সুযোগ আদিয়ে নতুন প্ৰজন্মক ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰখনলৈ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিগত দশকত ক্ষুদ্ৰ উদ্যোগৰ লগতে অতি ক্ষুদ্ৰ উদ্যোগৰ বিকাশ আৰু অগ্ৰগতিয়ে নতুন প্ৰজন্মৰ মাজত উদ্যোগীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰতি আকৃষ্ট কৰাটো পৰিলক্ষিত হৈছে। যিটো দেশৰ অৰ্থনীতি তথা সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ বাবে এক আশাব্যঞ্জক ঘটনা।ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ উদ্যোগসমূহত কম মূলধনৰ বিনিয়োগৰ বিপৰীতে অধিক নিয়োগ লাভৰ সুবিধা থাকে। এনে উদ্যোগ স্থাপনৰ জৰিয়তে নিজে সংস্থাপিত হোৱাৰ ওপৰিও আন বহুকেইজনৰ বাবে নিয়োগৰ সুবিধা সৃষ্টি কৰব পৰা যায়।

এই ব্যৱসায় বোৰ কেনেদৰে আৰম্ভণি কৰিম জানো আহক 

  • কিৰানা দোকান 

য‘ত গ্ৰছাৰী আৰু আন খাদ্য সামগ্ৰী সমূহ লাভ কৰে, সেয়াই কিৰানা দোকান। আমাৰ চুবুৰীত এনে বহু দোকান আছে। আজিৰ সময়তোগ্ৰাহক এনে দোকানৰ চাহিদা অধিক। এ এক লাভজনক ব্যৱসায়।

  • ফল আৰু শাকপাচলিৰ দোকান

ভাৰত এখন জনবহুল দেশ য’ত সামগ্ৰীৰ চাহিদা খুউব বেছি। সেয়ে কম মূল্যৰ সামগ্ৰী বোৰে বেছি আকৰ্ষিত কৰে। যিহেতু আমাৰ দেশৰ প্ৰতি গৰাকী মানুহৰ আয় কম। দেখা গৈছে যে নতুন ব্যৱসায়ী সকলে সৰু উদ্যোগৰ পৰা আৰম্ভণি কৰিব শাক পাচলিৰ বাবে আমি খেতিয়কৰ ওপৰত নিৰ্ভৰশীল।সিহঁতে খেতি কৰি বজাৰলৈ শাকপাচলি উলিয়াই দিয়াৰ বাবেহে আমি শাকপাচলি পাওঁ।কিন্তু আজিৰ এই মহামাৰীৰ সময়ছোৱাত বিতৰকৰ (ভগাই দিয়া )চেইনদাল ভাঙি গৈছে। সেয়ে বহু লোকে অনলাইন বা ঘৰে ঘৰে শাক পাচলি দিয়া ব্যৱসায় আৰম্ভ কৰিছে। এই সমগ্ৰ প্ৰক্ৰিয়াটোত বহু ভাল দিশো আছে আৰু ভৱিষ্যতে ভাল উপাৰ্জন কৰিব পৰা  এটা সুবিধা ও আছে।

  • হস্ততাত ব্যৱসায়

ই উদ্যোগটো আজিৰ সময়ৰ এটা অতি লাভজনক আৰু দ্ৰুতগতিত আগবঢ়া ব্যৱসায়। কেৱল স্হানীয় বজাৰতেই নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ভাল ব্যবসায় এই ক্ষেত্ৰখনৰ।হস্ততাত ব্যৱসায়টো  দুই ধৰণৰ,এটাৰ দ্বাৰা সকলো ধৰণৰ বস্ত্ৰ  বিক্ৰী কৰিব পাৰি আৰু আনটোৰ দ্বাৰা কেৱল মাথো নিদিষ্ট কিছুমান বস্ত্ৰহে বিক্ৰী কৰিব পাৰি।বজাৰত বিভিন্ন ধৰণৰ কোৱালিটিৰ কাপোৰ উপলব্ধ। 

  • আটা পিহা মেচিনৰ ব্যৱসায়

ফাষ্ট ফুডৰ প্ৰচলনৰ পাছত আমাৰ দেশত আটা পিজ্জা,বাৰ্গাৰ বনাওতে ব্যৱহাৰ কৰা হয়। দেখা গৈছে যে, এইটো আমাৰ ঘৰৰ আটাইতকৈ প্ৰয়োজনীয় সামগ্ৰী। ভাৰতৰ প্ৰত্যেকখন ঘৰতেই আটা ব্যৱহাৰ কৰা খেতি কৰাৰ পাছত গোটা শস্য বোৰ মিললৈ নি আটা পিহা মেচিনৰ সহায়ত পিহি আটা বনোৱা হয়। এই মেচিনৰ সহায়ত ভিন্ন ধৰণৰ আটা বনাব পাৰি। 

  • গাড়ী মেৰামতি কৰা সামগ্ৰীৰ দোকান

ব্যবসায়িক মানসিকতাৰে পৰিপুষ্ট উদ্যোগীসকলে গাড়ী মেৰামতিৰ জগতখনৰ বিষয়ে প্ৰচুৰ সম্ভাৱনাৰ প্ৰতি দৃষ্টি ৰাখিছিল ।কিছুমান দোকানত খুউব ভাল হিচাপে  গাড়ীৰ শৰীৰৰ ভাগ যেনে  ব্রেক, প্রকাৰ, উইন্ডশীল্ডছ, ট্ৰান্সমিশ্যন, উপলব্ধ।সেয়ে আপুনি এখন গাড়ী মেৰামতি কৰা সামগ্ৰীৰ দোকানদিয়াৰ পূৰ্বে বিস্তৃতভাৱে এটা সুন্দৰ, সঠিক পৰিকল্পনা কৰক আৰু সেই অনুসৰি আগবাঢ়ক।

  • কছমেটিকছ দোকান

এটা ভাল ব্যৱসায় ফেন্সী দোকানৰ ব্যৱসায়। য’ত ঘহা, পিহা সামগ্ৰী,উপহাৰ, কৃত্ৰিম গহণা,সজোৱা বস্তু  কে আদি কৰি আনুসংগিক সামগ্ৰী বিভিন্ন সামগ্ৰী লাভ কৰা হয়। এইটো এটা লাভজনক ব্যৱসায় যিকোনো ঠাইতে খুলিব পাৰি,ফলস্বৰূপে ফেন্সী দোকান মধ্যবিত্ত ৰ মাজতে সীমাবদ্ধ নাথাকি উচ্চ মধ্যবিত্ত সকলেও এনে সামগ্ৰী ক্ৰয় কৰা হৈছে। ইয়াৰ সামগ্ৰী বোৰত লাভৰ পৰিমাণটো বহু বেছি। কেতিয়াবা ৫০ ৰ পৰা ৬০ শতাংশ লাভ হব পাৰে। 

  • মোবাইল ফোনৰ দোকান 

আজিৰ সময়ৰ এক জৰুৰী সামগ্ৰী। সমগ্ৰ বিশ্বজুৰি এই ব্যৱসায়ৰ চাহিদা অধিক। এই ব্যৱসায় ভাল লাভজনক আৰু দ্ৰুতগতিত সফলতা লাভ কৰিব পৰা এক পন্হা।

  • মৰ্টনৰ বিপণী 

মৰ্টনৰ দোকানৰ সংজ্ঞা ও সলনি হ’ল। আগতে ইয়াত সৰু ল’ৰা ছোৱালীৰ বাবে মিঠাই, চকলেট ইত্যাদি সামগ্ৰী হে পোৱা গৈছিল কিন্তু এতিয়া সেইবোৰৰ উপৰিও চিপচ্,চৌদা, চকলেট আৰু নানান ধৰণৰ সামগ্ৰী ও পোৱা যায়।।ফলস্বৰূপে মৰ্টনৰচাহিদা যথেষ্ট গুণে বৃদ্ধি পাইছে। 

  • চাহৰ দোকান 

চাহৰ দোকানৰ বিষয়ে সকলো জ্ঞাত। একাপ নহয় দিনটোত বহু কাপ ঘৰত থাকিলেই নহয় বৰঞ্চ বাহিৰলৈ আহিলেও ক্ৰয় কৰি খোৱা হয়। বহু লোকে চাকৰি এৰি চাহ দোকানৰ ব্যৱসায় কৰাও দেখা গৈছে।  কম মূলধনৰ এটা খুউব লাভজনক আৰু বেছি চিন্তা নকৰিব লগীয়া এটা ব্যৱসায়। ।মুঠতে চাহ দোকান এটা খুউব জনপ্ৰিয় আৰু লাভজনক ব্যৱসায় ।

  • মছলা ব্যৱসায়

ভাৰতীয় মছলাবোৰ বিশ্বৰ প্ৰত্যেকখন বজাৰতে উপলব্ধ। সেয়ে মছলাৰ ব্যৱসায়ে বিনিয়োগকাৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।  ভাৰতৰ মছলা আজিৰ সময়ত আটাইতকৈ ৰপ্তানি কৰা ব্যৱসায় হিচাপে পৰিগণিত হৈছে। তেনেস্হলত বহু লোকে নিজাকৈ মছলাৰব্যৱসায় কৰিবলৈ আগবাঢ়ি আহিছে।

  •  কিতাপৰ দোকান 

আজিৰ সময়ত কিতাপৰ দোকান অন্য এক চাহিদা থকা ব্যৱসায়। ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি বৃদ্ধজনলৈকে সকলো এই ব্যৱসায়ৰ গ্ৰাহক।

  • ফাৰ্মাচি ব্যৱসায়

এইটো এটা সোণালী সুযোগ যদিহে আপুনি এই উদ্যোগত বিনিয়োগ কৰিব বিচাৰে। ইয়াত আপুনি ডাক্তৰ বা ষ্টৰ হিচাপে ও সংযোগ ঘটাব পাৰে। যিহেতু ডাক্তৰ হ’বলৈ আমাৰ দেশত বহু অৰ্হতাৰ প্ৰয়োজন কিন্তু এনে ব্যৱসায়ৰ দোকান খুলিবলৈ বেছি কঠিন নহয়। তদুপৰি ই এক লাভজনক ব্যৱসায়। 

  • টিফিন চাৰ্ভিচ ব্যৱসায়

এই ব্যৱসায়টো এটা লাভজনক ব্যৱসায়। ভৱিষ্যতো বহু লোকে যি ৰান্ধি ভাল পায় তেওঁ লোক এই ব্যৱসায়ৰ দ্বাৰা লাভান্বিত হৈছে। এজন মানুহৰ ভাল পৰিকল্পনা আৰু পৰিচালনাৰ দক্ষতা থাকে লগতে হেঁচা ত কাম কৰিব পৰাকৈ  যদি ক্ষমতা থাকে তেন্তে তেওঁ ব্যৱসায়ত গ্ৰাহকৰ অভিযোগ অনুযোগ  সমস্যাবোৰক নেওচিব পাৰিব।

  • মটৰ চাইকেল পাৰ্টছ 

যুৱ প্ৰজন্মৰ মাজত মটৰ চাইকেলৰ ব্যৱহাৰ যথেষ্ট গুণে বৃদ্ধি পাইছে। সেয়ে এনে ব্যৱসায় লাভজনক ব্যৱসায়ৰ ভিতৰত অন্যতম

  • উপহাৰ সামগ্ৰীৰ ব্যৱসায় 

সাম্প্ৰতিক সময়ত প্ৰতিবছৰে ৬.৫ বিলিয়ন লোকে উপহাৰ ক্ৰয় কৰে।সেয়ে এই ব্যৱসায় এটা লাভজনক ব্যৱসায় হিচাপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। ইয়াত নতুন বিনিয়োগকাৰীয়ে বিনিয়োগ কৰিব খুজিছে।

  • ফেন্সী দোকানৰ ব্যৱসায়

য’ত ঘহা, পিহা সামগ্ৰী,উপহাৰ, কৃত্ৰিম গহণা,সজোৱা বস্তুকে আদি কৰি আনুসংগিক সামগ্ৰী বিভিন্ন সামগ্ৰী লাভ কৰা হয়। এইটো এটা লাভজনক ব্যৱসায় যিকোনো ঠাইতে খুলিব পাৰি।

  • খাৰু ব্যৱসায়

এই ব্যৱসায়ত বিনিয়োগ কৰিলে লাভবান হ’ব। এই ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে আপুনি ৰত্ন, পাথৰ আৰু জুৱেলাৰীৰ বিষয়ে প্ৰচুৰ জ্ঞান আহৰণ কৰিব লাগিব। সেয়ে মনত ৰাখিব যাতে আপুনি পৰিশ্ৰমৰ মাধ্যমেৰেএই ব্যৱসায় বেছি লাভ লব পাৰিব।

  • শাৰীৰ খুচুৰা ব্যৱসায়

এই ব্যৱসায় আৰম্ভ কৰিলে বজাৰৰ নতুনত্ব দিশটো ভালদৰে জনাটো উচিত। যাতে আপোনাৰ গ্ৰাহকক আকৰ্ষিত কৰিব পাৰে। তেহে চাহিদা বৃদ্ধি পাব।আপুনি ব্যৱসায় টোৰ প্ৰতি গুৰুত্ব ৰাখিব লাগিব।

  • বুটিকৰ ব্যৱসায়

ছচিয়েল মিডিয়া আৰু তাৰকাৰ সংস্কৃতিয়ে মানুহৰ সাজ পোছাকত পৰিবৰ্তন আনিছে। এক নতুন ব্যৱসায়ৰ জন্ম দিছে যাৰ নাম বুটিক ব্যৱসায় বুলি আমি জানো। সৰু বুটিকৰ পৰা আৰম্ভ কৰি এই সময়ত মানুহবোৰে লক্ষাধিক উপাৰ্জন কৰিছে। 

  • ইলেক্ট্ৰনিক সামগ্ৰীৰ দোকান 

সাম্প্ৰতিক সময়ত ইলেক্ট্ৰনিক সামগ্ৰীৰ ব্যৱসায়ৰ চাহিদা বৃদ্ধি পাইছে। এই সময়ত আপুনি এই ব্যৱসায় আৰম্ভ কৰিব পাৰে

যিকোনো ব্যৱসায়ত ভাল বেয়া সকলো দিন আহে। আপুনি সংকল্প লৈ আগবাঢ়িব। যদিহে আপুনি এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এইটো এটা সঠিক সময়।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।